ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানৰ ভাৰত ভ্ৰমণক লৈ উৎসাহী আমেৰিকা - NSA Sullivan in India
NSA Sullivan in India: ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে দুদিনীয়া কাৰ্যসূচীৰে ১৭ জুনত ভাৰতত উপস্থিত হৈছে । তেওঁ এনএছএ অজিত ডোভালৰ সৈতে আইচিইটিৰ বৈঠকত মিলিত হয় । ছুলিভানৰ এই ভ্ৰমণে দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ অধিক শক্তিশালী কৰিব বুলি আশাবাদী আমেৰিকা ।

Published : June 18, 2024 at 8:09 AM IST
ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ জুন : হোৱাইট হাউছে সোমবাৰে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজত ইতিমধ্যে শক্তিশালী অংশীদাৰিত্ব অধিক গভীৰ কৰিব আৰু অধিক সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তুলিব । হোৱাইট হাউচৰ এক প্ৰেছ বিজ্ঞপ্তিত হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় নিৰাপত্তা যোগাযোগ উপদেষ্টা জন কিৰ্বিয়ে ভাৰত আৰু আমেৰিকাক দুটা পুৰণি আৰু বৃহৎ গণতন্ত্ৰ হিচাপে উল্লেখ কৰি কয় যে তেওঁলোক দুয়োৰে মাজত বন্ধুত্বৰ এক অনন্য বন্ধন আছে ।
কিৰ্বিয়ে কয়, "বিশ্বৰ দুই পুৰণি আৰু বৃহৎ গণতন্ত্ৰ হিচাপে আমেৰিকা আৰু ভাৰতৰ মাজত বন্ধুত্বৰ এক অনন্য বন্ধন আছে । জেক ছুলিভানৰ ভ্ৰমণে ইতিমধ্যে শক্তিশালী হৈ থকা আমেৰিকা-ভাৰত অংশীদাৰিত্বক অধিক গভীৰ কৰি তুলিব যাতে এক সুৰক্ষিত, অধিক সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলা যায় ।"
তেওঁ জেক ছুলিভানৰ ভ্ৰমণৰ উদ্দেশ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যি হৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজত সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ সম্প্ৰসাৰিত কৰা । কিৰ্বিয়ে লগতে কয়, "ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে ভাৰত ভ্ৰমণত ভাৰত চৰকাৰ আৰু আমেৰিকাৰ জ্যেষ্ঠ সদস্য আৰু ভাৰতীয় উদ্যোগৰ নেতাসকলৰ সৈতে সাক্ষাৎ কৰি আমাৰ দেশসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ সম্প্ৰসাৰিত কৰে ।"
ইয়াৰ পূৰ্বে ছুলিভানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিৰ উদ্যোগৰ (আইচিইটি) অধীনত অগ্ৰগতিৰ বিষয়ে অৱগত কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিজ্ঞপ্তিত কয় যে এনএছএ অজিত ডোভালৰ সৈতে আইচিইটিৰ বৈঠকৰ পিচত আমেৰিকাৰ এনএছএ জেক ছুলিভানে প্ৰধানমন্ত্ৰী মোদীক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ আইচিইটিৰ অধীনত, যেনে অৰ্ধপৰিবাহী, কৃত্ৰিম বুদ্ধিমত্তা, টেলিকম, প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, মহাকাশ আদিৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এনএছএ) জেক ছুলিভানক সাক্ষাৎ কৰে আৰু ভাৰত-আমেৰিকাৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ এটা পোষ্টত কয় যে বিশ্বৰ কল্যাণৰ বাবে দুয়োখন দেশৰ মাজত ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ ।
প্ৰধানমন্ত্ৰীয়ে সকলো ক্ষেত্ৰতে বৰ্ধিত দ্বিপাক্ষিক অংশীদাৰিত্বৰ গতি আৰু পৰিমাণ আৰু পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়ত মতামতৰ সমন্বয়ত সন্তুষ্টি প্ৰকাশ কৰে । তেওঁ জি-৭ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে তেওঁৰ শেহতীয়া ইতিবাচক বাৰ্তালাপৰ কথাও স্মৰণ কৰে ।

