ETV Bharat / bharat

কাপোৰ চিলোৱাবলৈ আহি দৰ্জীক ডিঙি ৰেপি হত্যা

author img

By

Published : Jun 28, 2022, 7:51 PM IST

Murder in Udaipur
Murder in Udaipur

ৰাজস্থানৰ উদয়পুৰত দিন-দুপৰতে এজন যুৱকক হত্যা । ঘটনাটোৰ পিছত ক্ষুব্ধ ব্যৱসায়ীসকলে প্ৰতিবাদ জনাই তেওঁলোকৰ দোকান বন্ধ কৰি দিয়ে । জানিব পৰা মতে, যুৱকজনে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাৰ সপক্ষে এটা পোষ্ট চ’ছিয়েল মিডিয়াত আপলোড কৰিছিল ৷

নিউজ ডেস্ক, 28 জুন: ৰাজস্থানৰ উদয়পুৰত মঙলবাৰে দিন-দুপৰতে হত্যা কৰা হ’ল এজন যুৱকক (Youth Murdered in Udaipur City) ৷ মালদাস ষ্ট্ৰীট চহৰৰ মাজ-মজিয়াতে হত্যা কৰা হয় যুৱকজনক ৷ বিজেপিৰ পূৰ্বৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাৰ সপক্ষে ফেচবুকত এটা পোষ্ট আপলোড কৰিছিল ৷ হত্যাৰ পাচতে সেই স্থানত যথেষ্ট সংখ্যক ব্যৱসায়ী উপস্থিত হয় আৰু তীব্ৰ ক্ষোভ প্ৰকাশ কৰে (Anger Among Udaipur Businessmen) ৷ এই হত্যাকাণ্ডৰ খবৰ পোৱাৰ পাচতেই সেই স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

প্ৰাৰম্ভিক অনুসন্ধানৰ পাচত আৰক্ষীয়ে জনোৱা মতে, হত্যাৰ বলি হোৱা যুৱকজন চুপ্ৰিম টেইলৰৰ স্বত্বাধিকাৰী কানহায়া লাল চাহু ৷ চোকা অস্ত্ৰৰে অতি নিৰ্মমভাৱে হত্যা কৰা হৈছে যুৱক জনক ৷ পাৰস্পৰিক শত্ৰুতাৰ বাবে হত্যাৰ সন্দেহ কৰা হৈছে ৷ ইতিমধ্যে হত্যাকাৰীৰ সন্ধানত নামি পৰিছে আৰক্ষী ৷ উদয়পুৰৰ ধন মাণ্ডি অঞ্চলৰ এখন দোকানত সোমাই দৰ্জীজনক হত্যা কৰা হয় (Udaipur Murder Case) ।

ইতিমধ্যেই উল্লেখ কৰা হৈছে যে, মৃত যুৱকজনে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ সপক্ষে এটা পোষ্ট কৰিছিল । ইয়াৰ পিছতেই এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ দুজন যুৱকে তেওঁক নিৰন্তৰ ভাবুকি দি আছিল ।

ভাবুকি লাভৰ পাছত যুৱকজনে যোৱা কেইবাদিনো ধৰি তেওঁৰ দোকানখনো খোলা নাছিল ৷ কিন্তু মঙলবাৰে তেওঁ দোকানখন খোলাৰ লগে লগে কাপোৰ চিলাবলৈ দিবলৈ দুজন লোক আহিছিল । কাপোৰ মাপ লোৱাৰ সময়তে লোক দুজনে কানহায়াৰ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰে (Rajasthan Crime News)।

কেইদিনমান আগতে, যুৱকজনে আৰক্ষী চকীত এটা অভিযোগ দাখিল কৰিছিল আৰু এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে এখন নামযুক্ত প্ৰতিবেদন দাখিল কৰিছিল । ঘটনাটোৰ পিছত, বিৰোধী দলৰ নেতা গুলাব চান্দ কাটাৰিয়াই আৰক্ষী অধীক্ষক মনোজ চৌধুৰীক ফোন কৰে আৰু সমগ্ৰ বিষয়টোৰ বিষয়ে সোধা-পোছা কৰে । ক্ষুব্ধ ব্যৱসায়ীসকলে ঘটনাটোক লৈ তেওঁলোকৰ দোকান বন্ধ কৰি দিছে । ঘটনাটোৰ এটা লাইভ ভিডিঅ'ও পোহৰলৈ আহিছে, য'ত লোক দুজনে যুৱকজনক নিৰ্মমভাৱে হত্যা কৰাৰ প্ৰমাণ স্পষ্ট হৈছে ।

বৰ্তমান অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ঘটনাস্থলীত থকা লোকসকলক সৈমান কৰিবলৈ চেষ্টা কৰি আছে ৷ কিন্তু ক্ষুব্ধ লোকসকলে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে নিৰন্তৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ।

উদয়পুৰৰ আৰক্ষী অধীক্ষক মনোজ চৌধুৰীয়ে কয় যে, ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল । এই নিৰ্মম হত্যাকাণ্ড সংঘটিত কৰা অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । বিভিন্ন সংগঠনৰ লোকে সঠিক ব্যৱস্থা গ্ৰহণ নোহোৱালৈকে মৃতদেহটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । এনে পৰিস্থিতিত, বজাৰ বন্ধ কৰি এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদো আৰম্ভ হৈছে ।

লগতে পঢ়ক : ছাত্ৰীৰ আত্মহত্যাক লৈ কলগাছিয়াত উত্তেজনা: ভণ্ড প্ৰেমিকক ফাঁচীৰ দাবী ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.