ETV Bharat / state

ছাত্ৰীৰ আত্মহত্যাক লৈ কলগাছিয়াত উত্তেজনা: ভণ্ড প্ৰেমিকক ফাঁচীৰ দাবী ৰাইজৰ

author img

By

Published : Jun 28, 2022, 6:14 PM IST

এগৰাকী কিশোৰীৰ আত্মহত্যাৰ ঘটনাই জোকাৰিছে কলগাছিয়াৰ হালধীয়া গাঁও(Tension swells over teen suicide) । ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে প্ৰেমজনিত কাৰণতে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । ভণ্ড প্ৰেমিকক ফাঁচীৰ দাবী স্থানীয় ৰাইজৰ ।

teen student commits suicide in kalgachia
ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাকলৈ কলগাছিয়াত উত্তেজনা: ভণ্ড প্ৰেমিকক ফাঁচীৰ দাবী ৰাইজৰ

কলগাছিয়া, ২৮ জুন: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱত তীব্ৰ চাঞ্চল্য(Tension swells over teen suicide) । এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ আত্মহত্য়া কৰা ঘটনাক লৈ গাঁওখনত বিৰাজ কৰিছে এক উত্তেজনাময় পৰিস্থিতি । প্ৰেমজনিত কাৰণতে কিশোৰীগৰাকীয়ে আত্মহত্য়া কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাকলৈ কলগাছিয়াত উত্তেজনা: ভণ্ড প্ৰেমিকক ফাঁচীৰ দাবী ৰাইজৰ

জানিবপৰা মতে, হালধীয়া গাঁৱৰ ছহৰ অলীৰ ১৭ বছৰীয়া জীয়ৰি মামণি খাতুনৰ একে গাঁৱৰে মোবাৰকৰ পুত্ৰ ছবুৰ উদ্দিনৰ লগত বিগত দুবছৰ পূৰ্বৰে পৰা প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । কিন্তু প্ৰেমিক ছবুৰ উদ্দিনৰ ঘৰত সোমবাৰে সন্ধিয়া মামণি খাতুন উপস্থিত হোৱাৰ লগে লগে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । পিছমুহূৰ্তত মামণি খাতুনক প্ৰেমিক ছবুৰ উদ্দিন, পিতৃ মোবাৰক, ভাতৃ ছলেমান আৰু মাতৃয়ে শাৰিৰীক আৰু মানসিক ভাৱে অত্যাচাৰ কৰা বুলি কিশোৰী গৰাকীৰ পৰিয়ালে জানিবলৈ দিয়ে ।

পিছত নিশাৰ ভাগত এক সামাজিক মেলত কিশোৰীগৰাকী বিবাহোপযুক্ত নোহোৱাৰ বাবে বিয়া দিয়াৰ সলনি ল'ৰা পক্ষক ৯০ হাজাৰ টকা জৰিমনা কৰি কিশোৰীগৰাকীক পিতৃৰ ঘৰলৈ ওভতাই দিয়ে । কিন্তু মঙলবাৰে পুৱা আনুমানিক ৯ বজাত নাবালিকা কিশোৰীগৰাকীয়ে নিজ গৃহতে প্ৰেমিক ছবুৰ উদ্দিনে প্ৰেমৰ নামত ফাঁকি দিয়াৰ বাবেই চিপ লৈ আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ।

যাক লৈ অঞ্চলজুৰি এক সৃষ্টি হৈছে চাঞ্চল্যৰ । ইফালে ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া । স্থানীয় ৰাইজে ভণ্ড প্ৰেমিক ছবুৰ উদ্দিনৰ কঠোৰ শাস্তিৰ লগতে ফাঁচীৰ দাবী উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: Road accident at Kaliabor : ফাইনেল পৰীক্ষা দিবলৈ নাপালে মাজুলীৰ ৰাহুলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.