ETV Bharat / state

Road accident at Kaliabor : ফাইনেল পৰীক্ষা দিবলৈ নাপালে মাজুলীৰ ৰাহুলে

author img

By

Published : Jun 28, 2022, 5:24 PM IST

Tragic situation in Majuli
ফাইনেল পৰীক্ষা দিবলৈ নাপালে মাজুলী বৰবিল গাঁৱৰ ৰাহুলে

ফাইনেল পৰীক্ষালৈ মাজত মাথো তিনিটা দিন বাকী ৷ তাৰ পাচত বহু আশা, বহু সপোন পূৰ হোৱা দিশে ৷ কিন্তু সকলো যেন আজি আধৰুৱা হৈ গ’ল ৷ নিয়তিৰ কাল পৰিহাসত সোমাই অচিন দেশলৈ গ’লগৈ ৰাহুল আৰু তেওঁৰ তিনি বন্ধু (Four person death in a road accident at Kaliabor) ৷

মাজুলী, 28 জুন : কিনকিনীয়া বৰষুণজাক ৷ তাৰ মাজতে আপোন ঘৰখন সোনকালে পোৱাৰ দূৰ্বাৰ হেঁপাহ ৰাহুলৰ ৷ কিয়নো পদুলিমুখত ৰৈ আছে আই, ‘‘দেহালৈ বাট চাই’’ ৷ কিমান যে কথা আজি পাতিব দেহা আৰু মাকে ৷

কিন্তু... নিষ্ঠুৰ নিয়তিৰ কাল পৰিহাস ৷ মূহুৰ্ততে সকলো শেষ হৈ গ’ল ৷ আপোন ঘৰখন গৈ নেপালে ৰাহুলে ৷ আদবাটতে ৰাহুলৰ বাবে ৰৈ আছিল কাল ৷ কালৰ কালগৰ্ভত সোমাই কেতিয়াও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি হঠাৎ এখন অচিন দেশলৈ গ’লগৈ ৰাহুল ৷

ফাইনেল পৰীক্ষা দিবলৈ নাপালে মাজুলী বৰবিল গাঁৱৰ ৰাহুলে

হঠাৎ আহিল এটা খবৰ ৷

অতিপাত বৰষুণৰ ফলত গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে আহি থকা এখন চাৰিচকীয়া বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে কলিয়াবৰৰ কাঞ্চনজুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পানীৰে আৱৰি থকা এটা দ খাৱৈত (Road accident in Nagaon) ৷ ফলত গাড়ীৰ ভিতৰত পানী সোমাই যোৱাত বন্ধ বাহনৰ ভিতৰতে চাৰি যুৱকে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয় (Four person death in a road accident at Kaliabor) ৷ এই বাহনখনতে আছিল উজনী মাজুলী নয়াবজাৰ তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰবিল গাঁৱৰ ৰাহুল সেনাপতি আৰু তেওঁৰ পাঁচ বন্ধু ৷

যোৰহাট চেন্টেল কলেজৰ বিজ্ঞান শাখাৰ ষষ্ঠ ষান্মাষিকৰ ছাত্ৰ আছিল ৰাহুল । তিনিবছৰৰ পূৰ্বে পঢ়িবৰ বাবে মাজুলীৰ পৰা যোৰহাটলৈ ওলাই গৈছিল ৰাহুল ৷ হঠাৎ ৰাহুলৰ মৃত্যুৰ বাতৰিয়ে ৰাহুলৰ ঘৰখনৰ লগতে অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ (Tragic situation in Majuli)।

লগতে পঢ়ক : কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা: চাৰি যুৱকৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.