কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা: চাৰি যুৱকৰ কৰুণ মৃত্যু

author img

By

Published : Jun 28, 2022, 11:57 AM IST

Updated : Jun 28, 2022, 3:00 PM IST

কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰষুণেই কাল হ'ল চাৰি যুৱকৰ ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল বাহন (Road accident in Kaziranga) ৷ অকাল মৃত্যুক সাৱটিলে শচীন, লুহিত, ঋষভ আৰু ৰাহুলে (4 died in Road accident) ৷

কলিয়াবৰ, 28 জুন : কাজিৰঙাৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Kaziranga) ৷ থিতাতে কৰুণ মৃত্যুক সাৱটিলে চাৰিজন যুৱকে ৷ কথমপি প্ৰাণ ৰক্ষা এজনৰ ৷

অতিপাত বৰষুণৰ ফলত গুৱাহাটীৰ পৰা যোৰহাটৰ অভিমুখে আহি থকা হুণ্ডাই অ'ৰা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে কলিয়াবৰৰ কাঞ্চনজুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পানীৰে আৱৰি থকা এটা দ খাৱৈত ৷ ইয়াৰ পাছতে গাড়ীৰ ভিতৰত পানী সোমাই যোৱাত বন্ধ বাহনৰ ভিতৰতে চাৰিজন যুৱকে অকাল মৃত্যুক সাৱটি লবলগীয়া হয় ৷ মৃত যুৱকককেইজন ক্ৰমে শচীন বৰদলৈ(১৮), লুহিত দাস(২৩), ঋষভ দাস(১৯) আৰু ৰাহুল সেনাপতি বুলি জানিব পৰা গৈছে (4 died in Road accident) ৷ অৱশ্যে এওঁলোকৰ মাজৰে এজনে কথমপি গাড়ীৰ গ্লাছ ভাঙি ওলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰে ৷ প্ৰাণ ৰক্ষা পৰা যুৱকজনৰ নাম শচীন বৰদলৈ ৷

কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা: চাৰি যুৱকৰ কৰুণ মৃত্যু

নিহত যুৱককেইজনৰ তিনিজন যোৰহাটৰ আৰু এজন মাজুলীৰ বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী (Koliabor police) উপস্থিত চাৰিওজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Mumbai Building Collapsed: মুম্বাইত অট্টালিকা খহি 5 জন আহত, বহু লোক আৱদ্ধ

Last Updated :Jun 28, 2022, 3:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.