Protest in Dhemaji: ধেমাজিত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 12, 2022, 8:46 AM IST

thumbnail

সমগ্ৰ অসমৰ লগতে ধেমাজিতো প্ৰতি কুইণ্টল চাউলৰ কমিচন ৪৪০ টকালৈ বৃদ্ধি কৰা, সুলভ মূল্য দোকানৰ জৰিয়তে পেট্ৰল বিক্ৰীৰ সুবিধা প্ৰদান কৰা, গেছ চিলিণ্ডাৰ উপভোক্তাক দিয়াৰ ব্যৱস্থা কৰী দিয়া, প্ৰতি মাহৰ কমিচন প্ৰতিমাহে আদায় দিয়াৰ ব্যৱস্থা কৰা, কেৰাচিন তেলৰ মূল্য হ্ৰাস কৰা, কভিডত মৃত্যু হোৱা সুলভ মূল্যৰ ব্যৱসায়ীক ৫০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাকে ধৰি ১২ দফীয়া দাবীত ধেমাজি জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাই সোমবাৰে ধেমাজি সদৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(Protest in Dhemaji) ৷ ধেমাজি জ্যোতি প্ৰসাদ আগৰৱালা ভৱনৰ পৰা বাহিৰ কৰা প্ৰতিবাদী ৰেলীয়ে সমগ্ৰ ধেমাজি নগৰ পৰিভ্ৰমণ কৰি ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.