ETV Bharat / bharat

JEE Main2022: শীৰ্ষ স্ক’ৰেৰে উজলিল ১৪ গৰাকী পৰীক্ষাৰ্থী

author img

By

Published : Jul 12, 2022, 7:32 AM IST

JEE Main: 14 candidates score perfect 100
JEE Main2022: শীৰ্ষ স্ক’ৰেৰে উজলিল ১৪ গৰাকী পৰীক্ষাৰ্থী

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)ৰ মতে, এইবাৰৰ অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-Main 2022 ত মুঠ চৈধ্যগৰাকী প্ৰাৰ্থীয়ে 100 শতাংশ নম্বৰেৰে স্ক’ৰ লাভ কৰিছে (14 candidates score perfect 100)। প্ৰথম এডিচনত শীৰ্ষ নম্বৰ লাভ কৰা সৰ্বাধিক পৰীক্ষাৰ্থীৰে জিলিকা ৰাজ্য দুখন হ’ল তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ।

নেশ্যনেল ডেস্ক, 12 জুলাই: ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)ৰ তথ্য অনুসৰি সোমবাৰে ঘোষণা কৰা অভিযান্ত্ৰিক প্ৰৱেশিকা পৰীক্ষা JEE Main 2022 ত ১৪ গৰাকী পৰীক্ষাৰ্থীয়ে 100 শতাংশ নম্বৰেৰে শীৰ্ষ স্ক’ৰ লাভ কৰি উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে (14 candidates score perfect 100) ।

JEE Main, ২০২২ ৰ প্ৰথম এডিচনত শীৰ্ষ নম্বৰ লাভ কৰা সৰ্বাধিক পৰীক্ষাৰ্থীৰে জিলিকা ৰাজ্য দুখন হ’ল তেলেংগানা (৪) আৰু অন্ধ্ৰপ্ৰদেশ (৩)। তেলেংগানাৰ পৰা সৰ্বাধিক নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীকেইগৰাকী হৈছে যস্তি যশৱন্ত ভিভিএছ, ৰূপেশ বিয়ানী, অনিকেত চট্টোপাধ্যায় আৰু ধীৰাজ কুৰুকুণ্ড। অন্ধ্ৰ প্ৰদেশৰ পৰা শীৰ্ষ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীকেইগৰাকী হৈছে কোয়ায়ানা সুহাস, পেনিকল্পতি ৰবি কিশোৰ আৰু পলিছেট্টি কাৰ্তিকেয়া (JEE exam result)। ইয়াৰোপৰি ১০০ নম্বৰ লাভ কৰা আনকেইগৰাকী পৰীক্ষাৰ্থী হ’ল ক্ৰমে, সাৰ্থক মহেশ্বৰী (হাৰিয়ানা), কুশগ্ৰ শ্ৰীবাস্তৱ (ঝাৰখণ্ড), মৃণাল গাৰ্গ (পাঞ্জাব), স্নেহা পাৰিক (অসম), নব্য (ৰাজস্থান), বয় হৰসেন সাথৱিক (কৰ্ণাটক) আৰু সৌমিত্ৰ গাৰ্গ (উত্তৰ প্ৰদেশ) (Engineering entrance exam JEE-Main)।

"JEE Main ২০২২ ৰ এইবাৰৰ পৰীক্ষাত ৮.৭ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰাৰ বিপৰীতে ৭.৬৯ লাখ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ভাৰতৰ ৪০৭ খন চহৰৰ ৫৮৮ টা পৰীক্ষা কেন্দ্ৰৰ বাহিৰেও দেশৰ বাহিৰৰ ১৭ খন চহৰত পৰীক্ষা অনুষ্ঠিত হৈছিল, য'ত আছিল মানামা, দোহা, ডুবাই, কাঠমাণ্ডু, মাস্কাট, ৰিয়াদ, শ্বাৰজাহ, ছিংগাপুৰ, কুৱেইট চহৰ, কুৱালালামপুৰ, লাগোছ, কলম্বো, জাকাৰ্টা, ভিয়েনা, মস্কো, প’ৰ্ট লুইছ, আৰু বেংকক ।’-NTAৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এইদৰে কয় । তেওঁ লগতে কয় যে পৰীক্ষাৰ স্বচ্ছতা অক্ষুণ্ণ ৰাখি নিয়াৰিকৈ পৰিচালনা তথা তদাৰক কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহত ৫৫০ গৰাকীতকৈ অধিক পৰ্যবেক্ষক, ৪২৪ গৰাকী নগৰ-সমন্বয়ক, ১৮ গৰাকী আঞ্চলিক সমন্বয়ক, ৩৬৯ গৰাকী অতিৰিক্ত আৰু স্বতন্ত্ৰ পৰ্যবেক্ষক, দুগৰাকী ৰাষ্ট্ৰীয় সমন্বয়ক নিয়োগ কৰা হৈছিল ।

জ্যেষ্ঠ বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰিলে যে, NTA ৰ স্ক’ৰ পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ শতাংশৰ সৈতে একে নহয় । "NTA ৰ স্ক’ৰ হৈছে মাল্টি চেচন পেপাৰসমূহৰ মাজেৰে নিৰ্ণয় কৰা স্ক’ৰ আৰু ইয়াক এটা চেচনত হোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলৰ আপেক্ষিক পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি কৰা মূল্যাংকন" এইদৰে ক’লে বিষয়াগৰাকীয়ে । দেশৰ ১৩টা ভাষাত (অসমীয়া, বাংলা, ইংৰাজী, গুজৰাটী, হিন্দী, কানাড়া, মালয়ালম, মাৰাঠী, ওদিয়া, পাঞ্জাবী, তামিল, তেলেগু আৰু উৰ্দু) পৰীক্ষা অনুষ্ঠিত হৈছিল । উল্লেখ্য যে, ২১ জুলাইৰ পৰা ৩০ জুলাইলৈ JEE Main2022 ৰ দ্বিতীয় চেচনৰ পৰীক্ষা অনুষ্ঠিত হ‘ব (Second session of JEE-Main is scheduled) ।

JEE Main, ২০২২ ৰ পৰীক্ষাৰ দুয়োটা চেচনৰ অন্তত ইতিমধ্যে কৰা নীতি অনুসৰি NTA ৰ দুয়োটা চেচনৰ স্ক’ৰ বিবেচনা কৰি পৰীক্ষাৰ্থীৰ ৰেংক মুকলি কৰা হ’ব । বিষয়াগৰাকীয়ে লগতে কয়, "NTA চৌহদত এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হৈছিল য'ত দেশৰ সকলো পৰীক্ষা কেন্দ্ৰৰ লাইভ চিচিটিভি কভাৰেজৰ বাবে ভাৰ্চুৱেল পৰ্যবেক্ষক নিয়োগ কৰা হৈছিল । সাধাৰণতে বিভিন্ন পৰীক্ষাত হোৱা অসৎ উপায়সমূহ ৰোধ কৰিবৰ বাবেই এইদৰে লাইভ চিচিটিভিৰ ব্যৱস্থা কৰা হৈছিল (Live CCTV surveillance)।" বিষয়াগৰাকীয়ে কয়, "NTA চৌহদত অৱস্থিত নিয়ন্ত্ৰণ কক্ষত থকা সকলো পৰীক্ষা কেন্দ্ৰৰ লাইভ ভিউয়িং আৰু চিচিটিভি ব্যৱস্থাৰে ৰেকৰ্ডিং কৰাৰ ব্যৱস্থাও কৰা হৈছিল য’ত প্ৰতি শ্বিফটত প্ৰায় ৩৫ হাজাৰ কেমেৰা স্থাপন কৰা হৈছিল ।"

লগতে পঢ়ক:২০২৩ চনত চীনক অতিক্ৰমি ভাৰত হ'ব বিশ্বৰ জনবহুল দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.