ETV Bharat / bharat

Militants killed in JK: জম্মু-কাশ্মীৰৰ চপিয়ানত এনকাউণ্টাৰ; জইছ-ই-মহম্মদৰ দুজন সদস্য নিহত

author img

By

Published : Jul 12, 2022, 9:40 AM IST

Updated : Jul 12, 2022, 10:02 AM IST

জম্মু-কাশ্মীৰৰ চপিয়ান জিলাত সোমবাৰে নিশা সংঘটিত হোৱা এক এনকাউণ্টাৰত দুজন উগ্ৰপন্থী নিহত হয় (Militants killed in JK) ৷ নিহত দুয়োজন সন্ত্ৰাসবাদী নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জে এমৰ সদস্য আছিল (Terror outfit JeM) ৷

Militants killed in JK
জম্মু-কাশ্মীৰৰ চপিয়ানত এনকাউণ্টাৰ; জইছ-ই-মহম্মদৰ দুজন সদস্য নিহত

নেশ্যনেল ডেস্ক, 12 জুলাই: জম্মু-কাশ্মীৰৰ চপিয়ান জিলাৰ ৰেবান অঞ্চলত আৰক্ষী, সেনা আৰু চি আৰ পি এফৰ যৌথ অভিযানত সোমবাৰে নিশা সংঘটিত হোৱা এক এনকাউণ্টাৰত দুজন উগ্ৰপন্থী নিহত হয় (Militants killed in JK)। জিলাখনৰ আৱন্তিপোৰাত উগ্ৰপন্থীৰ উপস্থিতি সন্দৰ্ভত লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এই অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে (Militants in Awantipora) ।

অভিযানৰ সময়ত যৌথ দলটোয়ে কাষ চাপি অহাৰ সময়তে সেই স্থানত লুকাই থকা উগ্ৰপন্থীৰ দলে অভিযানকাৰী দলটোৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে ৷ অৱশ্যে নিৰাপত্তাৰক্ষীৰ দলটোৱেও দিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ । দুয়োপক্ষৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীত দুজন উগ্ৰপন্থী নিহত হয় ৷ নিহত উগ্ৰপন্থী দুজন ক্ৰমে টেংপোৰা, কাইগামৰ কৈছাৰ ৰছিদ কোকা (Kaisar Rashid Koka from Tengpora, Kaigam) আৰু পুলৱামাৰ অন্তৰ্গত লেলহাৰৰ ইছাক আহমদ ল'ন (Ishaq Ahmad Lone from Lelhar, Pulwama) বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷

আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি নিহত দুয়োজন উগ্ৰপন্থী নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জে এমৰ সদস্য আছিল (Terror outfit JeM) ৷ দুয়ো পূৰ্বে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ ওপৰত কৰা আক্ৰমণ, সাধাৰণ নাগৰিকক বিভিন্ন অত্যাচাৰকে ধৰি বিভিন্ন অপৰাধৰ গোচৰত জড়িত আছিল ।

প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, ইয়াৰে এজন উগ্ৰপন্থী কৈছাৰ ৰছিদ কোকাই পাকিস্তানত অস্ত্ৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ২০১৮ চনৰ পৰা বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত সক্ৰিয় হৈ আছিল । পাকিস্তানত অস্ত্ৰ প্ৰশিক্ষণ সমাপ্তৰ অন্তত পুনৰ কাশ্মীৰ উপত্যকাত প্ৰৱেশ কৰি পুলৱামাৰ আৱন্তিপোৰা অঞ্চলত বিভিন্ন কূটাঘাটমূলক কাৰ্য কৰি আহিছিল ৷

বিগত ২ মে'ত আৱন্তিপোৰাত হোৱা আই ই ডি আক্ৰমণতো তেওঁ জড়িত আছিল য'ত দুজন চি আৰ পি এফ জোৱান আহত হৈছিল । আনজন নিহত ইছাক আহমদ ল'ন আছিল এজন হাইব্ৰিড মিলিটেণ্ট ৷ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ, সাধাৰণ নাগৰিকক বিভিন্ন অত্যাচাৰকে ধৰি বিভিন্ন গোচৰৰ সৈতেও জড়িত আছিল ইছাক ।

সেনা-আৰক্ষীৰ অভিযানকাৰী দলটোৱে সংঘৰ্ষস্থলীৰ পৰা বহু অপৰাধমূলক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে । উদ্ধাৰ হোৱা সকলো সামগ্ৰী পৰৱৰ্তী তদন্তৰ বাবে গোচৰৰ ৰেকৰ্ডত লোৱা হৈছে । এই ক্ষেত্ৰত সংশ্লিষ্ট আইনৰ ধাৰা অনুসৰি গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তদন্ত আৰম্ভ কৰা হৈছে । এনকাউণ্টাৰ স্থলীৰ লগতে সমগ্ৰ অঞ্চলটোত সম্পূৰ্ণৰূপে নিৰিক্ষণ কৰি সেই স্থানত থাকিব পৰা সকলো বিস্ফোৰক সামগ্ৰীৰ পৰা মুক্ত নোহোৱালৈকে আৰক্ষীক সহযোগিতা কৰিবলৈ ৰাইজক অনুৰোধ জনোৱা হৈছে ।

লগতে পঢ়ক:Money Laundering case : ২১ জুলাইত ই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ছোনিয়া গান্ধীক

Last Updated :Jul 12, 2022, 10:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.