ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ সংবাদ

author img

By

Published : Dec 29, 2021, 5:00 PM IST

বিয়লি 5 বজাৰ শীৰ্ষ সংবাদ
বিয়লি 5 বজাৰ শীৰ্ষ সংবাদ

বিয়লি 5 বজাৰ শীৰ্ষ সংবাদ

Fine for driving without helmet: হেলমেট পৰিধান নকৰি আৰক্ষীয়ে ভৰিলে জৰিমনা

হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালক-আৰোহীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ নলবাৰী জিলা পৰিবহণ বিভাগৰ লগতে আৰক্ষীৰ (Challan for riding without helmet in nalbari) । জিলাখনৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মঙলবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাপাৰতো যান বাহনৰ আইন অমান্যকাৰী, বিশেষকৈ হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালক-আৰোহীৰ বিৰুদ্ধে চলিল অভিযান, য‘ত সাৰি নগ’ল খুদ আৰক্ষীও ৷

সত্ৰত চুৰিকাৰ্য ৰোধ আৰু সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ: ভাস্কৰজ্যোতি মহন্ত

বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta) ৷ বৰপেটা আৰক্ষীৰ সহযোগত বুধবাৰে সুন্দৰীদিয়া সত্ৰত প্ৰদান কৰা চিচিটিভি কেমেৰা চিষ্টেমটোৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (assam dgp bhaskar jyoti mahanta inaugurates cctv system) ৷

Tripura Govt against tobacco: ৰাজ্য দিৱসৰ পূৰ্বে ধঁপাতৰ বিৰুদ্ধে ত্ৰিপুৰা চৰকাৰৰ বৃহৎ ঘোষণা

৫০ সংখ্যক ৰাজ্য দিৱসক লৈ ব্যাপক তৎপৰতা ত্ৰিপুৰাত (50th State Hood day of Tripura)। ৰাজ্য দিৱসৰ পূৰ্বে ধঁপাত মুক্ত হ'ব ৰাজ্যখনৰ সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান । পশ্চিম জিলাত ইতিমধ্যে লোৱা হৈছে বিভিন্ন পদক্ষেপ ।

Anti-drug drives and operation: নগাঁৱত ড্ৰাগছসহ আটক দুই ব্যৱসায়ী

নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান(anti drug drives and operations by Nagaon Police ) ৷ আৰক্ষীয়ে প্ৰায় প্ৰতিদিনেই ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত লোকক আটক কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ ।

বিহপুৰীয়াত "বিধায়ক কাপ” শীৰ্ষক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

বিহপুৰীয়াত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা (MLA Cup football tournament starts) আৰম্ভ ৷ অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে (Minister Jogen Mahan at Bihpuria) উদ্বোধন কৰে উক্ত প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ উদ্বোধনী খেলত বিহপুৰীয়া এফ চি-য়ে এটা গ'লৰ ব্যৱধানত বেদেতী এফ চি-ক পৰাজিত কৰে ৷

সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ গোলাঘাটৰ পৰিবহণ বিভাগ

ৰাপান কৰি বাহন চলোৱা চালকক নাকী লগাবলৈ তৎপৰ হৈছে পৰিবহণ বিভাগ । নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভাগটোৱে অব্যাহত ৰাখিছে অভিযান । মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনা মুক্ত অসম গঢ়াৰ পৰিকল্পনাক সাৰ্থক কৰিবলৈ দিনে-নিশাই অভিযান চলাইছে বিভাগটোৱে । মঙলবাৰে নিশা গোলাঘাটতো সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলালে পৰিবহণ বিভাগৰ বিষয়াসকলে (Golaghat transport department drive against traffic rule violators) ।

GST Changes from 1 January : পহিলা জানুৱাৰীৰ পৰা সলনি হ’ব এনে কেতবোৰ নিয়ম

চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ (GST)ৰ হাৰ আৰু প্ৰক্ৰিয়াত কেইবাটাও পৰিৱৰ্তন আনিছে । এই পৰিৱৰ্তনবোৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব (GST rules changes from Jan 2022)। ইয়াৰ ফলত সাধাৰণ মানুহৰ বাবে বহুতো সামগ্ৰী ব্যয়বহুল হ'ব । ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা হোৱা পৰিৱৰ্তনবোৰৰ বিষয়ে জানো আহক ।

Omicron cases increase in India : ভাৰতত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৭৮১ জনলৈ বৃদ্ধি

প্ৰতিদিনে শংকা বৃদ্ধি কৰিছে ক'ভিড-১৯ ৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণে । এতিয়ালৈকে দেশত ৭৮১ জন লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি (Omicron cases rises in India) । ৰাজধানী দিল্লীত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ২৩৮ জন ।

Medical aid cheque : চিকিৎসা সাহায্যৰ চেক বিতৰণ সাংসদ দিলীপ শইকীয়াৰ

নলবাৰীৰ কেইবাটাও পঞ্চায়তৰ অন্তৰ্গত ৰোগাক্ৰান্ত লোকৰ মাজত চিকিৎসা সাহায্যৰ চেক বিতৰণ । সাংসদ দিলীপ শইকীয়াই বিতৰণ কৰে চেকসমূহ (MP Dilip Saikia distributes medical aid cheques)। অনাগত দিনত অঞ্চলটোত কেইবাটাও নতুন আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতি সাংসদ গৰাকীৰ ।

বকো-ছয়গাঁও কংগ্ৰেছ শূন্য হ'ব নেকি !

পুনৰায় কংগ্ৰেছত খহনীয়া ৷ এইবাৰ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে দল ত্যাগ কৰাৰ চৰ্চা চলিছে (Rekibuddin to quit Congress party)। বকোৰ বিধায়িকা নন্দিতা দাসৰ নামো চৰ্চাত আছে । অগপত যোগদান সম্ভাৱনা আছে দুয়োগৰাকী বিধায়কৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.