ETV Bharat / bharat

Tripura Govt against tobacco: ৰাজ্য দিৱসৰ পূৰ্বে ধঁপাতৰ বিৰুদ্ধে ত্ৰিপুৰা চৰকাৰৰ বৃহৎ ঘোষণা

author img

By

Published : Dec 29, 2021, 4:16 PM IST

৫০ সংখ্যক ৰাজ্য দিৱসক লৈ ব্যাপক তৎপৰতা ত্ৰিপুৰাত (50th State Hood day of Tripura)। ৰাজ্য দিৱসৰ পূৰ্বে ধঁপাত মুক্ত হ'ব ৰাজ্যখনৰ সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান । পশ্চিম জিলাত ইতিমধ্যে লোৱা হৈছে বিভিন্ন পদক্ষেপ ।

Tripura Govt against tobacco
ধঁপাতৰ বিৰুদ্ধে ত্ৰিপুৰা চৰকাৰৰ বৃহৎ ঘোষণা

আগৰতলা,২৯ ডিচেম্বৰ : ২০২২ চনৰ ২১ জানুৱাৰীত ত্ৰিপুৰাই পালন কৰিব ৫০ তম ৰাজ্য দিৱস (50th State Hood day of Tripura)। দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইফালে এই দিৱসৰ পূৰ্বে ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানক ধঁপাত মুক্ত কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে (Tripura government's announcement against tobacco )।

ইয়াৰ পাছতে মঙলবাৰে পশ্চিম জিলাৰ জিলা দণ্ডাধীশ দেৱপ্ৰিয়া বৰ্ধনে জনোৱা মতে চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত জিলাখনৰ সকলো কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে এক বিশেষ বৈঠকৰ আয়োজন কৰা হয় ।বৈঠকৰ সিদ্ধান্ত উল্লেখ কৰি দণ্ডাধীশগৰাকীয়ে কয় যে এতিয়াৰে পৰা জিলাখনৰ চৰকাৰী কাৰ্যালয়লৈ অহা লোক বা কৰ্মচাৰী কোনেও কাৰ্যালয়ত ধোঁৱাযুক্ত বা ধোঁৱাবিহীন ধঁপাত ব্যৱহাৰ কৰিব নোৱাৰিব (Tobacco ban in govt offices in Tripura)। কাৰ্যালয়লৈ কোনো লোকে ধঁপাতজাতীয় সামগ্ৰী আনিবও নোৱাৰিব ।

এই নিৰ্দেশ পালন নকৰা সকলৰ বিৰুদ্ধে COTPA 2003 আইনৰ অধীনত জৰিমনা বিহা হ'ব । ইতিমধ্যে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ উপৰিও বিশেষ ফলক লগাইছে জিলাখনৰ বহু প্ৰতিষ্ঠানে । ৭৩ খনকৈ শিক্ষা প্ৰতিষ্ঠান, হেজামাৰা খণ্ড আৰু জিৰানিয়া ব্লক চেণ্ট্ৰেল মেডিচিন ষ্ট'ৰকে ধৰি শ্যামোলীবজাৰৰ দুটা খণ্ড কাৰ্যালয়,নৰসিনগড় পিএইচচিয়ে ইতিমধ্যে কৰ্মচাৰী সভাৰ আয়োজন কৰিছে আৰু চৰকাৰৰ সিদ্ধান্তক সন্মান জনাই ব্যৱস্থা গ্ৰহণ কৰিছে ।

জিলা দণ্ডাধীশগৰাকীৰ মতে ধঁপাত বিৰোধী অভিযানৰ অংশস্বৰূপে কেইবামাহ পূৰ্বৰে পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ধঁপাতৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন অভিযান চলাইছে । বিগত বছৰত ধঁপাত বিৰোধী অভিযানত সংগ্ৰহ কৰা জৰিমনা সন্দৰ্ভত দণ্ডাধীশগৰাকীয়ে কয় যে পশ্চিম জিলাত মুঠ ১৮ হাজাৰ জৰিমনা সংগ্ৰহ কৰা হৈছে ।

ইফালে দেশত অ'মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত কোনো ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে এতিয়ালৈ নিৰ্দিষ্ট কোনো ব্যৱস্থা লোৱা হোৱা নাই যদিও ৰাজ্য চৰকাৰে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে । অৱশ্যে ৰাজ্যখনত এতিয়ালৈ এজনো লোক অ'মিক্ৰণত আক্ৰান্ত হোৱা নাই ।

লগতে পঢ়ক :Tripura police seized Contraband items : ত্ৰিপুৰাত 3 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.