ETV Bharat / bharat

Tripura police seized Contraband items : ত্ৰিপুৰাত 3 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ

author img

By

Published : Dec 28, 2021, 9:08 AM IST

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অতৰ্কিত অভিযান (Operation against Contraband items by tripura Police) ৷ সোমবাৰৰ দিনটোত ত্ৰিপুৰা আৰক্ষীয়ে প্ৰায় 3 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী (Tripura police seized Contraband items) ৰ লগতে দুখন বাহন জব্দ কৰে ৷ তদুপৰি ঘটনাত জড়িত থকাৰ অভিযোগত আটক কৰে তিনিগৰাকীকৈ লোকক ৷

tripura-police-seized-contraband-items-of-more-than-rs-3-crores
ত্ৰিপুৰাত 3 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ

আগৰতলা, 28 ডিচেম্বৰ : নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহ অব্যাহত আছে ত্ৰিপুৰাত ৷ সোমবাৰে উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষীয়ে অতৰ্কিতে অভিযান (Operation against Contraband items by tripura Police) চলায় এনে ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ৷ আৰক্ষীৰ এই অভিযানত জব্দ হৈছে প্ৰায় 3 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী (Tripura police seized Contraband items) ৷ ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলত জব্দ কৰা হৈছে এই নিচাযুক্ত সামগ্ৰী ৷

ত্ৰিপুৰাৰ এই সীমান্তটোৱে ভৌগোলিক মানচিত্ৰত অসম আৰু মিজোৰামক সংলগ্ন কৰিছে ৷ সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত জিলা আৰক্ষী অধীক্ষক ভানুপাদা চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰা অনুসৰি, আৰক্ষীয়ে সোমবাৰৰ দিনটোত জিলাখনৰ দুই পৃথক স্থানত এই অভিযান চলাইছিল ৷ এই অভিযানত আৰক্ষীয়ে কোটি টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে ৷

আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চূড়াইবাৰী আৰু পানীসাগৰ নামৰ দুই অঞ্চলত চলাইছিল অভিযান ৷ সীমান্তৱৰ্তী অঞ্চল চূড়াইবাৰীত পোনতে পৰে অভিযানকাৰী দলৰ হাতোৰা ৷ আৰক্ষীৰ দলটোৱে ত্ৰিপুৰাৰ পৰা অসম অভিমুখী NL ০১ AC ৮৬৭৭ নম্বৰৰ এখন ট্ৰাকৰ পৰা প্ৰায় ২৫,০০০ বটল ফেঞ্চিডাইল জব্দ কৰে ৷ ঘটনাৰে জড়িত থকা বিহাৰৰ গয়াৰ চাবাজ আলী (24) নামৰ লোকজনকো কৰায়ত্ত কৰে আৰক্ষীয়ে ৷

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অভিযান

পুনৰ আৰক্ষীয়ে পানীসাগৰত অভিযান চলাই এখন বাহনৰ পৰা জব্দ কৰে ৪,৬৫৫ বটল কফ চিৰাপৰ লগতে ৩১,৮২৪ টা নিচাযুক্ত টেবলেট ৷ পানীসাগৰৰ পৰা আৰক্ষীয়ে আস্কিব আহমেদ আৰু আমিৰ আহমেদ নামৰ দুই ভাতৃক কৰায়ত্ত কৰাৰ কথা জানিব পৰা গৈছে ৷

মুঠৰ ওপৰত সোমবাৰৰ দিনটোত ত্ৰিপুৰা আৰক্ষীয়ে প্ৰায় 3 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰীৰ লগতে দুখন বাহন জব্দ কৰে ৷ তদুপৰি ঘটনাত জড়িত থকাৰ অভিযোগত আটক কৰে তিনিগৰাকীকৈ লোকক ৷ ইতিমধ্যে তিনিওগৰাকী লোকৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ৷

লগতে চাওক: উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ চেষ্টা চলোৱাৰ সন্দেহত তিনি যুৱক আটক

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.