উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ চেষ্টা চলোৱাৰ সন্দেহত তিনি যুৱক আটক

author img

By

Published : Dec 27, 2021, 10:15 PM IST

police-arrested-youth-in-suspicion-of-joining-extremist-group

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ মছনদত অধিস্থিত হোৱাৰ পিছতেই উগ্ৰপন্থী সংগঠন সমূহক নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ৰাজ্য চৰকাৰৰ ৷ একে সময়তে ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে নিষিদ্ধ ঘোষিত সংগঠন সমূহৰ প্ৰতি আকৰ্ষিত হৈ যোগদানৰ বাবে ধাৱমান হোৱাৰ বা-বাতৰি পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ, DNLA উগ্ৰবাদী সংগঠনত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত তিনি যুৱকক আটক কৰিছে অসম আৰক্ষীয়ে (Suspected youth arrested before joining extremist group) ৷

হোজাই, 27 ডিচেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ মছনদত অধিস্থিত হোৱাৰ পৰাই তেওঁ উগ্ৰবাদ নিয়ন্ত্ৰণৰ বাবে ইটোৰ পিছত সিটো পদক্ষেপ লোৱা দেখা গৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে ছটাকৈ কাৰ্বি উগ্ৰপন্থী সংগঠনৰ কাৰ্বি শান্তি চুক্তি(Karbi peace accord) সম্পন্ন হোৱা, এম বাথা আৰু তেওঁৰ সতীৰ্থ সকলে বড়ো সশস্ত্ৰ সংগামৰ পথ ত্যাগ কৰি মুকলি আকাশৰ তললৈ ওলাই অহা, আলফাৰ সৈতে শান্তি আলোচনাৰ (Peace talk process with ULFA) দিশটোক নতুন গতি প্ৰদান কৰা আদিৰ বাবে চৰ্চিত হৈছে শৰ্মা চৰকাৰ ৷

কিন্তু, একে সময়তে ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে নিষিদ্ধ ঘোষিত সংগঠন সমূহৰ প্ৰতি আকৰ্ষিত হৈ যোগদানৰ বাবে ধাৱমান হোৱাৰ বা-বাতৰি পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ, DNLA উগ্ৰবাদী সংগঠনত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত তিনি যুৱকক আটক কৰিছে অসম আৰক্ষীয়ে (Suspected youth arrested before joining extremist group) ৷

উগ্ৰবাদী সংগঠনত যোগদান কৰিবলৈ চেষ্টা চলোৱাৰ সন্দেহত তিনি যুৱক আটক হোজাইত

হোজাই জিলাৰ লংকাত আৰক্ষীয়ে DNLA সংগঠন(DNLA extremist group) ত যোগদান কৰিবলৈ যোৱাৰ সন্দেহ বশত আটক কৰে আটাই কেইজন যুৱকক ৷ তিনিওজন যুৱকৰে ঘৰ ডিমাহাচাও জিলাত বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে সোধপোছ কৰি পিছত হোজাই আৰক্ষীয়ে ডিমা হাছাও জিলাৰ উমৰাংচু আৰক্ষীৰ লগত যোগাযোগ কৰি পৰিয়ালৰ লোকক মাতি আনি তিনি যুৱকক চমজাই দিয়ে ৷ অৱশ্যে, তদন্তৰ খাতিৰত তিনি যুৱকৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত আছে হোজাই জিলাৰ আৰক্ষী অধীক্ষক গৰাকী । ইফালে, যুৱক কেইজন এইদৰে আটক হোৱা কাৰ্যক লৈ সম্প্ৰতি সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

লগতে পঢ়ক : AFSPA বাতিলক লৈ নিৰুদ্বিগ্ন অসমৰ জনপ্ৰতিনিধি : বিধানসভাৰ মজিয়াত মৌন বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.