ETV Bharat / state

বিহপুৰীয়াত "বিধায়ক কাপ” শীৰ্ষক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

author img

By

Published : Dec 29, 2021, 1:43 PM IST

বিহপুৰীয়াত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা (MLA Cup football tournament starts) আৰম্ভ ৷ অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে (Minister Jogen Mahan at Bihpuria) উদ্বোধন কৰে উক্ত প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ উদ্বোধনী খেলত বিহপুৰীয়া এফ চি-য়ে এটা গ'লৰ ব্যৱধানত বেদেতী এফ চি-ক পৰাজিত কৰে ৷

Minister Yogen Mahan inaugurated MLA Cup football tournament
বিধায়ক কাপ” শীৰ্ষক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

বিহপুৰীয়া, 29 ডিচেম্বৰ : বিহপুৰীয়াত আৰম্ভ হৈছে “বিধায়ক কাপ” (MLA Cup football tournament starts) শীৰ্ষক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ৰাজহ মন্ত্ৰী যোগেন মহন (Minister Jogen Mahan at Bihpuria) ৷

মন্ত্ৰীগৰাকীয়ে প্ৰতিযোগিতাখন উদ্বোধন কৰি ভাষণ প্ৰসংগত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে গুৰুত্ব প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰে ৷ সমান্তৰালভাৱে ক্ৰীড়াক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰাৰ পোষকতা কৰে ৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ গ্ৰামাঞ্চলৰ খেলুৱৈসকলক ক্ৰীড়াৰ ক্ষেত্ৰত এখন মঞ্চ প্ৰদান কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত বহু কৰণীয় আছে বুলি মতপোষণ কৰে ৷

minister-jogen-mahan-inaugurated-mla-cup-football-tournament
মন্ত্ৰী যোগেন মহনে উদ্বোধন কৰিলে বিধায়ক কাপ শীৰ্ষক ফুটবল প্ৰতিযোগিতা

প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত অসম ফুটবল সন্থাৰ সভাপতি তথা বিধায়ক নৱকুমাৰ দলেও শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত উপস্থিত থকা স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই বিহপুৰীয়াৰ ক্ৰীড়াক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে জাকত-জিলিকা কৰাৰ বাবে এনে ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা বুলি সদৰী কৰে ।

উল্লেখ্য যে, সমষ্টিটোৰ কটকীবৰী খেলপথাৰ, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আৰু শিমলুগুৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব খেলসমূহ ৷ এই প্ৰতিযোগিতাখনৰ সামৰণি পৰিব ৬ জানুৱাৰীত ৷

উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দুৰ্গা বড়ো, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰেমধৰ বৰা, বিশিষ্ট সমাজসেৱক গোলোক চন্দ্ৰ হাজৰিকা, বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাৰ লগতে বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । এই প্ৰতিযোগিতাৰ উদ্বোধনী খেলত বিহপুৰীয়া এফ চি-য়ে এটা গ'লৰ ব্যৱধানত বেদেতী এফ চি-ক পৰাজিত কৰে ৷

লগতে চাওক: ক্ৰিকেটৰ পৰা অৱসৰ হৰভজন সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.