ETV Bharat / state

Medical aid cheque : চিকিৎসা সাহায্যৰ চেক বিতৰণ সাংসদ দিলীপ শইকীয়াৰ

author img

By

Published : Dec 29, 2021, 2:18 PM IST

নলবাৰীৰ কেইবাটাও পঞ্চায়তৰ অন্তৰ্গত ৰোগাক্ৰান্ত লোকৰ মাজত চিকিৎসা সাহায্যৰ চেক বিতৰণ । সাংসদ দিলীপ শইকীয়াই বিতৰণ কৰে চেকসমূহ (MP Dilip Saikia distributes medical aid cheques)। অনাগত দিনত অঞ্চলটোত কেইবাটাও নতুন আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতি সাংসদ গৰাকীৰ ।

Medical aid cheque
নলবাৰীত চিকিৎসা সাহায্যৰ চেক বিতৰণ সাংসদ দিলীপ শইকীয়াৰ

নলবাৰী, ২৯ ডিচেম্বৰ : মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ আদৰণীয় পদক্ষেপ । সোমবাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ দ্বাৰা আৱণ্টিত বিভিন্ন ৰোগাক্ৰান্ত লোকৰ মাজত চিকিৎসা সাহায্যৰ চেক বিতৰণ কৰে সাংসদগৰাকীয়ে (MP Dilip Saikia distributes medical aid cheques)।

নলবাৰীৰ পূৰ্ণ কামদেৱ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত নলবাৰী সমষ্টিৰ অন্তৰ্গত কেইবাখনো পঞ্চায়তৰ ৰোগাক্ৰান্ত লোকসকলৰ মাজত চেকসমূহ বিতৰণ কৰা হয় ৷ ইয়াৰ পাছতে সাংসদ গৰাকীৰ জন্ম গাঁৱৰ বৰলীয়া নৈৰ পূৱপাৰৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ উপৰিও কেইবাটাও আঁচনি পৰিদৰ্শন কৰে ৷

সাংসদ গৰাকীয়ে অঞ্চলটোৰ কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰাৰ মাজতে চমুখাঘাটৰ দলঙৰ কাম দ্ৰুতগতিত চলি থকা বুলিও উল্লেখ কৰে । সাংসদ শইকীয়াই বাহাৰঘাটৰ গোঁসাই উটুৱা ঘাট, বৰখলাৰ শিৱ মন্দিৰৰ পুখুৰী আদিৰ কথা সদৰী কৰাৰ মাজতে অঞ্চলটোত কৰিবলগীয়া বহুতো কাম আছে বুলি উল্লেখ কৰে ৷

এইবোৰ সকলো কাম পৰ্যায়ক্ৰমে কৰাৰ চেষ্টা কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে সাংসদগৰাকীয়ে । সাংসদ গৰাকীৰ মতে আগন্তুক ইংৰাজী নতুন বছৰটো সকলোৰে বাবে সংকল্পৰ বছৰ হোৱাটো দৰকাৰ ৷

উল্লেখ্য যে, চিকিৎসা সাহায্যৰ চেক বিতৰণ অনুষ্ঠানত ১১ নং দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা, আঞ্চলিক সদস্য ফণীনাথ লহকৰ, অৱসৰপ্ৰাপ্ত শিক্ষক হৰিদেৱ ভট্টাচাৰ্য, সমাজকৰ্মী দীননাথ কলিতাৰ লগতে স্থানীয় বিজেপি কাৰ্মকৰ্তাসকল উপস্থিত থাকে ।

লগতে পঢ়ক : তেজপুৰ পৌৰসভা এলেকাত স্থাপনৰ তিনিমাহতে বিকল বহুসংখ্যক সৌৰ চাকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.