ETV Bharat / state

বিধ্বস্ত পথ নিৰ্মাণৰ দাবী: লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ হুংকাৰ কৃষক মুক্তিৰ - Poor Road Condition

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:22 PM IST

Dhodar Ali: ঐতিহাসিক ধোদৰ আলিত পুখুৰী সদৃশ গাঁত । পথটো এজাক বৰষুণত পিছল হয় । যিকোনো সময়তে হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ।

Poor communication
ঐতিহাসিক ধোদৰ আলি (ETV BHARAT ASSAM)

আমগুৰি, ২৯ মে': গৰুবাট সদৃশ হৈ উঠিছে ঐতিহাসিক ধোদৰ আলি । বৃহৎ বৃহৎ গাঁত, বোকা-পানীৰে হোৱা পুখুৰী সদৃশ গাঁতত মৰণফান্দ ৰচিছে ঠিকাদাৰী প্ৰতিষ্ঠানে । ঠিকাদাৰৰ চৰম হেমাহিৰ বাবে ধোদৰ আলি এতিয়া এজাক বৰষুণতে বোকা-পানীৰে ভৰি পৰে । অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা এই পথটোৰ নিৰ্মাণকাৰ্য শামুকীয়া গতিত চলি থকাত ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ।

ঐতিহাসিক ধোদৰ আলি (ETV BHARAT ASSAM)

চামগুৰিৰ পৰা নামতি চাৰিআলি পৰ্যন্ত এই পথটো এজাক বৰষুণত পিছল হৈ উঠে । এশবাৰ ভাৱিব লাগে এই পথেৰে যাবলৈ । বৃহৎ গাঁতত যিকোনো সময়তে হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা । উল্লেখ্য় যে শিৱা হাৰলালকা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে দায়িত্ব লৈছিল ধোদৰ আলি নিৰ্মাণৰ । এই প্ৰতিষ্ঠানটোৱে সম্প্ৰতি কামৰ গতি লেহেমীয়া কৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে । অভিযোগ অনুসৰি যিকোনো সময়তে ধোদৰ আলি নিৰ্মাণৰ দায়িত্ব এৰিব পাৰে শিৱা হাৰলালকা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকা আৰু সদৌ অসম মহিলা সমিতিৰ সম্পাদিকা ইন্দ্ৰাণী ৰাজকুমাৰীয়ে অভিযোগ উত্থাপন কৰি কয় যে সোতৰ শ শতিকাতে ধোদেৰে নিৰ্মাণ কৰা ঐতিহাসিক ধোদৰ আলিটো সম্প্ৰতি কামৰ গতিলৈ চাই ধোদতকৈ নিৰ্মাণকাৰ্য মন্থৰ গতিত চলাৰ অভিযোগ উঠিছে । ধোদৰ আলিৰ ওপৰতে মাটি পেলোৱাত পথটো গৰুবাট সদৃশ হৈ উঠিছে । পথৰ ওপৰত নিৰ্মিত পকী কালভাৰ্ট অতি লেহেমীয়া গতিত নিৰ্মাণকাৰ্য চলাত যাতায়াত ব্যাহত হৈ উঠিছে । শীঘ্ৰে পথটো ক্ষীপ্ৰ গতিত নিৰ্মাণ নকৰিলে মুখ্যমন্ত্ৰী, শিৱা হাৰলালকা আৰু শিৱসাগৰ জিলা লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

লগতে পঢ়ক:Pathetic Road Condition : পথ নে পুখুৰী ! স্মাৰ্ট চিটিৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক

Poor Road Condition : কামপুৰ-বৈঠালাংছু পথত মৰণফান্দ; ৰাজপথত সৃষ্টি পুখুৰীসদৃশ গাঁত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.