Pathetic road condition : পথ নে পুখুৰী ! স্মাৰ্ট চিটিৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 10:25 PM IST

thumbnail

গুৱাহাটী, 27  ছেপ্টেম্বৰ : স্মাৰ্ট চিটিৰ অন্তৰ্ভূক্ত হোৱাৰ পিছতো ৰাজধানী গুৱাহাটী মহানগৰীৰ বিধ্বস্ত বাট-পথে জীয়াতু ভোগাইছে সাধাৰণ নাগৰিকক ৷ এফালে যদি উন্নয়নৰ নামত ৰাজপথত ঠিকাদাৰী প্ৰতিষ্ঠান সমূহে পাইপ পোতাৰ বাবে মৰণফান্দ সদৃশ গাঁত খান্দিছে আনফালে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ আছে মহানগৰীৰ কেইবাটাও বাট-পথ, উপ-পথ ৷ ইয়াৰ স্পষ্ট প্ৰমাণ সাতগাঁও তালতলা সংযোগী পথ ৷

চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ চৰম অমনোযোগিতাৰ বাবে দীৰ্ঘদিন ধৰি যাতায়াতৰ অনুপযোগী হৈ আছে বীৰকুছিৰ পৰা কলিতাকুচি হৈ সাতগাঁও তালতলা সংযোগী পথটো ৷ পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ সহস্ৰাধিক বাসিন্দাই যাতায়তৰ ক্ষেত্ৰত প্ৰতিদিনে ভুগিব লগীয়া হৈছে যমৰ যাতনা ৷ জৰাজীৰ্ণ পথৰ বাবে বছৰৰ পিছত বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত অসুবিধাত ভুগিব লগা হৈছে অঞ্চলবাসীৰ লগতে পথচাৰী ৷

পথটোৰ বিভিন্ন অংশত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাৰ ফলত যান-বাহন চালক তথা পথচাৰীসকলে যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ তদুপৰি সাধাৰণ এজাক বৰষুণতে পথৰ মাজত থকা পুখুৰী সদৃশ গাঁতবোৰ পানীৰে উপচি পৰি পথৰ সৈতে একাকাৰ হৈ পৰাত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা তথা গাঁও পঞ্চায়তৰ প্ৰতিনিধিক ভুক্তভোগী ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই ৷ সেয়েহে অতি শীঘ্ৰে জৰাজীৰ্ণ পথটো নিৰ্মাণ কৰি যাতায়ত সূচল কৰি তুলিবলৈ বিধায়ক অতুল বৰাক দাবী জনাইছে স্থানীয় ৰাইজে ৷ 

লগতে পঢ়ক : World tourism day 2023:বিধস্ত ৰূপত মাজুলীৰ পৰিৱেশ পৰ্যটন ক্ষেত্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.