ETV Bharat / state

World tourism day 2023:বিধস্ত ৰূপত মাজুলীৰ পৰিৱেশ পৰ্যটন ক্ষেত্ৰ

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 8:38 PM IST

World tourism day 2023
পৰ্যটন ক্ষেত্ৰ এখনৰ পয়ালগা ছবি

বিশ্ব পৰ্যটন দিৱসৰ দিনটোত চাই লওক মাজুলীৰ পৰ্যটন ক্ষেত্ৰ এখনৰ পয়ালগা ছবি !

পৰ্যটন ক্ষেত্ৰ এখনৰ পয়ালগা ছবি

মাজুলী, 27 ছেপ্টেম্বৰ : 27 ছেপ্টেম্বৰ বিশ্ব পৰ্যটন দিৱস । সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসমতো এই দিৱস পালন কৰিছে পৰ্যটন বিভাগ তথা পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত অনুষ্ঠান প্ৰতিষ্ঠানে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ সামাজিক, সাংস্কৃতিক তথা সমাজৰ বিভিন্ন উপাদান সামৰি এক গোট কৰাৰ উদ্দেশ্যৰে তথা নিজ নিজ সংস্কৃতি অন্য ঠাইৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে পালন কৰা হয় এই দিৱস ।

এই বিশ্ব পৰ্যটন দিৱসৰ দিনাই মাজুলীৰ পৰা দেখুৱাব বিচাৰিছো এখন দুখলগা ছবি । ২০১০ চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ দেৱে মুকলি কৰা মাজুলীৰ পৰ্যটন নিৱাসৰ আজিৰ দিনৰ বিধস্ত পৰিৱেশ । ক্ৰমাত ভূত বাংলালৈ পৰিণত হৈছে মাজুলীৰ এই পৰিৱেশ পৰ্যটন ক্ষেত্ৰ । এফালৰ পৰা জহি খহি গৈছে সকলো, ভি আই পি ৰূম, চৌহদ হাবি জংঘলে আৱৰি ধৰিলে ৷ গৰু-ছাগলীৰ বাসস্থানলৈ ৰূপান্তৰিত হৈছে চৌহদ ।

কোটি কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰি নিৰ্মাণ কৰা পৰ্যটন ক্ষেত্ৰৰ বিধস্ত ৰূপ দেখি সকলো আচৰিত । মাজুলীলৈ পৰ্যটক আহি থাকিবলৈ ভাল ব্যৱস্থা নাপাই উভতি যায় কিন্তু চৰকাৰী পৰ্যটন গৃহৰ আজি এই অৱস্থা ! স্থানীয় লোকৰ মতে এনেদৰে এটা চৰকাৰী পৰ্যটন গৃহ জহি খহি যোৱাটো মাজুলীবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা । কিয়নো বিশ্বৰ পৰ্যটন ক্ষেত্ৰৰ ভিতৰত অন্যতম এক আৰ্কষণীয় স্থান হৈছে সত্ৰ নগৰী মাজুলী ।

মাজুলীৰ কলা-সংস্কৃতি, মাজুলীৰ পৰিৱেশে বিভিন্নজনক আকৰ্ষণ কৰে । কোটি কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰা ধনেৰে নিৰ্মাণ কৰা পৰ্যটন গৃহ এটা এনেদৰে পৰি থকাটো আচলতে দুৰ্ভাগ্যজনক । পৰ্যটনৰ এটা বিভাগ থকাৰ পাচতো এনেদৰে এই পৰ্যটন গৃহতো ভূত বাংলালৈ ৰূপান্তৰিত হোৱাটো আচলতে বিভাগটোৰে দুৰ্বলতা বুলি মত প্ৰকাশ কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক : World tourism day 2023 : নদী দ্বীপ মাজুলীতো পালন বিশ্ব পৰ্যটন দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.