ETV Bharat / bharat

Omicron cases increase in India : ভাৰতত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৭৮১ জনলৈ বৃদ্ধি

author img

By

Published : Dec 29, 2021, 12:22 PM IST

প্ৰতিদিনে শংকা বৃদ্ধি কৰিছে ক'ভিড-১৯ ৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণে । এতিয়ালৈকে দেশত ৭৮১ জন লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি (Omicron cases rises in India) । ৰাজধানী দিল্লীত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ২৩৮ জন ।

India's Omicron tally
ভাৰতত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৭৮১ জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ : বিশ্বৰ আন আন দেশৰ লগতে ভাৰততো ক'ভিড-১৯ ৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি হৈছে (India's Omicron tally) । সৰ্বাধিক আক্ৰান্তৰ তালিকাত শীৰ্ষত আছে দিল্লী । ৰাজধানী দিল্লীত এতিয়ালৈকে ২৩৮ জন লোক অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হৈছে (Omicron cases increase in Delhi) । বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে ।

মন্ত্ৰালয়ৰ তথ্য মতে, এতিয়ালৈকে ভাৰতৰ ২০ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত ক'ভিড 19 ৰ ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । এতিয়ালৈকে দেশত আক্ৰান্ত হোৱা ৭৮১ জন লোকৰ ভিতৰত ২৪১ জনে লোক সুস্থ হৈ উঠিছে । দিল্লীত অ'মিক্ৰণ আক্ৰান্তৰ সৰ্বাধিক ঘটনা পোহৰলৈ আহিছে । দিল্লীৰ পিছতে এই তালিকাত আছে মহাৰাষ্ট্ৰ ।

ৰাজ্যখনত ১৬৭ গৰাকী লোক অ'মিক্ৰণৰ কবলত পৰিছে । আনহাতে, গুজৰাটত ৭৩ টা, কেৰালাত ৬৫ টা আৰু তেলেংগানাত ৬২ টা আক্ৰান্তৰ ঘটনা ধৰা পৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, দেশত ক'ভিড-১৯ ৰ সংক্ৰমণ উদ্বোগজনভাৱে বাঢ়িছে ।

যোৱা ২৪ ঘণ্টাত নতুনকৈ ৯,১৯৫ জন লোক মহামাৰীৰ কবলত পৰিছে । বৰ্তমান ভাৰতত মুঠ কৰ’ণা ৰোগীৰ সংখ্যা ৩,৪৮,০৮,৮৮৬ জনলৈ বৃদ্ধি হৈছে (Covid Cases rises in India) । আনহাতে, মন্ত্ৰালয়ে পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি, সক্ৰিয় আক্ৰান্তৰ ঘটনা ৭৭,০০২ লৈ বৃদ্ধি পাইছে । মঙলবাৰে দিনটোত মৃত্যু হোৱা ৩০২ জন ৰোগীসহ এতিয়ালৈকে দেশত ৪,৮০,৫৯২ জন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ।

আনহাতে, বিগত ৬২ দিন ধৰি দৈনিক ক'ভিড 19 আক্ৰান্তৰ সংখ্যা ১৫ হাজাৰতকৈ হ্ৰাস হৈয়ে আছে । মুঠ আক্ৰান্তৰ ভিতৰত সক্ৰিয় ঘটনাৰ হাৰ 0.22 শতাংশ আৰু ২০২০ চনৰ মাৰ্চ মাহৰ পিছত এয়াই সৰ্বনিম্ন হাৰ । আনহাতে, ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ বৰ্তমান ৯৮.৪০ শতাংশ আৰু ২০২০ চনৰ মাৰ্চ মাহৰ পিছত এয়া সৰ্বাধিক হাৰ বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে ।

ভাৰতত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যাই ২০২০ ৰ ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখৰ ঘৰ অতিক্ৰম কৰে । বিগত বৰ্ষৰ ১১ অক্টোবৰত আক্ৰান্তৰ সংখ্যাই ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰে আৰু ১৯ ডিচেম্বৰত এক কোটিৰ ঘৰ অতিক্ৰম কৰে । চলিত বৰ্ষত ৪ মে'ত আক্ৰান্তৰ সংখ্যা ভাৰতত দুই কোটি আৰু ২৩ জুনত তিনি কোটিৰো অধিক হৈছিল । এতিয়াও দেশত অব্যাহত আছে মহামাৰীৰ ভয়াৱহতা ।

লগতে পঢ়ক: Increases Omicron cases in Delhi : ৰাজধানী দিল্লীত "য়েল্ল’ এলাৰ্ট" ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.