সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ গোলাঘাটৰ পৰিবহণ বিভাগ

By

Published : Dec 29, 2021, 2:24 PM IST

thumbnail

সুৰাপান কৰি বাহন চলোৱা চালকক নাকী লগাবলৈ তৎপৰ হৈছে পৰিবহণ বিভাগ । নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভাগটোৱে অব্যাহত ৰাখিছে অভিযান । মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনা মুক্ত অসম গঢ়াৰ পৰিকল্পনাক সাৰ্থক কৰিবলৈ দিনে-নিশাই অভিযান চলাইছে বিভাগটোৱে । মঙলবাৰে নিশা গোলাঘাটতো সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলালে পৰিবহণ বিভাগৰ বিষয়াসকলে (Golaghat transport department drive against traffic rule violators) । গোলাঘাট আৰক্ষীৰ সহযোগত জিলা পৰিবহণ বিভাগৰ বিষয়াই অভিযান চলাই কেইবাজনো সুৰাসক্ত লোকক জৰিমনা বিহাৰ লগতে বাইক আৰু চাৰিচকীয়া বাহন জব্দ কৰে (Golaghat traffic police action against drunk drivers) । ইফালে মুখত ব্ৰেথেলাইজাৰ ভৰাই দিয়াৰ লগে লগে সুৰাপায়ী চালকৰ অৱস্থা তথৈবচ হয় । সুৰাপায়ী চালকে আকৌ সুৰাপান কৰাৰ ন ন কাৰণ দৰ্শায় বিভাগীয় বিষয়াৰ সন্মুখত । গোলাঘাটৰ এজন মাংস বিক্ৰেতাই কাৰণ দাঙি ধৰিলে যে, মাংসৰ বিক্ৰী ভাল নোহোৱাৰ বাবেই তেওঁ সুৰাপান কৰিছে । প্ৰশাসনৰ কঠোৰ নিৰ্দেশৰ পাচতো এতিয়া একাংশ লোকে এনেদৰে নিয়ম ভংগ কৰি সুৰাপান কৰি ৰাজপথত বাহন চলাই আছে । বিশেষভাৱে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত সুৰাপান কৰি বাহন চলোৱাৰ বাবে যাতে দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ পণ লৈছে পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে । সেয়ে ঠায়ে ঠায়ে অভিযান অব্যাহত ৰাখিছে ।

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.