ETV Bharat / state

Fine for driving without helmet: হেলমেট পৰিধান নকৰি আৰক্ষীয়ে ভৰিলে জৰিমনা

author img

By

Published : Dec 29, 2021, 3:29 PM IST

হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালক-আৰোহীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ নলবাৰী জিলা পৰিবহণ বিভাগৰ লগতে আৰক্ষীৰ (Challan for riding without helmet in nalbari) । জিলাখনৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মঙলবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাপাৰতো যান বাহনৰ আইন অমান্যকাৰী, বিশেষকৈ হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালক-আৰোহীৰ বিৰুদ্ধে চলিল অভিযান, য‘ত সাৰি নগ’ল খুদ আৰক্ষীও ৷

হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ নলবাৰী পৰিবহণ বিভাগ
হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ নলবাৰী পৰিবহণ বিভাগ

নলবাৰী, 29 ডিচেম্বৰ : শেহতীয়াকৈ দুচকীয়া বাহনৰ চালকৰ লগতে আৰোহীয়েও হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী তথা প্ৰশাসনে । বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিভাগীয় আয়ুক্ত আৰু সচিবৰ তত্বাৱধনাত হেলমেট নিপিন্ধা চালক-আৰোহী তথা যান বাহনৰ আইন অমান্যকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত আছে (Barpeta police strictly implement helmet rules, slap fines)৷

মঙলবাৰে নলবাৰী জিলা পৰিবহণ বিভাগে হেলমেট পৰিধান নকৰা লোকসকলৰ বিৰুদ্ধে অভিযান চলায় (Challan for riding without helmet in nalbari) । মঙলবাৰে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰত জিলা পৰিবহণ বিভাগে হেলেমট নিপিন্ধা বাইক চালক-আৰোহীৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে আইন উলংঘাকাৰীৰ বিহিলে জৰিমনা ৷ লগতে চালক-আৰোহী সকলোৱে হেলেমট পিন্ধি বাইক চলাবলৈ জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা সকলোকে জনালে আহ্বান ৷

হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ নলবাৰী পৰিবহণ বিভাগ

ইফালে মঙলবাৰে নিশা জিলা পৰিবহণ বিভাগে নলবাৰী জিলাৰ জাজিয়াবাৰীত চলোৱা অভিযানত খুদ আৰক্ষীৰ লোকেই হেলেমট নিপিন্ধাৰ ফলত ভৰিব লগা হ’ল জৰিমনা । জিলা পৰিবহণ বিষয়াৰ লগতে নলবাৰী চহৰৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী উপস্থিত থকা উক্ত অভিযানত আৰক্ষীৰ লোকজনে ভৰিলে জৰিমনা ৷

লক্ষণীয় যে, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে যান বাহনৰ আইন উলংঘাকাৰীৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে পৰিবহণ বিভাগৰ লগতে আৰক্ষীৰ জোৰদাৰ অভিযান ৷ বিশেষকৈ হেলমেট পৰিধান নকৰা চালক-আৰোহী সকলৰ বিৰুদ্ধে এতিয়া অধিক কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগ আৰু আৰক্ষী প্ৰশাসন ৷ লগতে সুৰাপান কৰি বাহন চলোৱা সকলৰ বিৰুদ্ধেও অধিক কঠোৰ হৈ চালান কটাৰ লগতে আইন অনুসৰি শাস্তি প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Traffic rules in Assam: হেলমেট পৰিধানক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.