লাহোৱাল পলিটেকনিকত আৰম্ভ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতি - Lok Sabha Election Results 2024 - LOK SABHA ELECTION RESULTS 2024

🎬 Watch Now: Feature Video

thumbnail
ভোটগণনাৰ প্ৰস্তুতি (etv bharat assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 8:27 AM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 4 জুন : বহু চৰ্চা আৰু জল্পনা-কল্পনাৰ অন্তত আজি আৰম্ভ হ’ল দেশজুৰি লোকসভা নিৰ্বাচনৰ ভোটগণনা । পুৱা ৮ বজাৰ পৰা ডিব্ৰুগড়ৰ লাহোৱাল পলিটেকনিকত নিৰ্বাচনী আয়োগে স্থাপন কৰা ভোটগণনা কেন্দ্ৰত আৰম্ভ হ’ল ভোটগণনা । ডিব্ৰুগড়, খোৱাং, টিংখাং, নাহৰকটীয়া, দুলীয়াজান আৰু চাবুৱা-লাহোৱাল সমষ্টিৰ ভোটকেন্দ্ৰৰ ভোটগণনা এই কেন্দ্ৰত হৈছে । ইতিমধ্যে প্ৰতিটো দলৰ নিৰ্দিষ্ট কৰি থোৱা কাউন্টিং এজেণ্ট আৰু নিৰ্বাচনী বিষয়াসকলে প্ৰৱেশ কৰিছে ভোটগণনা কেন্দ্ৰত ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক- https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024 

উল্লেখ্য যে, এই ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিৰোধী ঐক্যমঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু আম আদমী দলৰ হৈ মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । এইবাৰ আকৰ্ষণীয় ভোট যুদ্ধ হৈছিল ডিব্ৰুগড় লোকসভা সমষ্টিত । সেয়ে আজি নিশ্চিত হ'ব ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে কাক দিল্লীলৈ যাবলৈ সুবিধা কৰি দিয়ে । উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটগণনাৰ আন দুটা স্থান ক্ৰমে মাৰ্ঘেৰিটা আৰু তিনিচুকীয়া হ’ব ।

লগতে পঢ়ক : 8 বজাৰ লগে লগে আৰম্ভ হ’ব লোকসভা নিৰ্বাচনৰ ভোটগণনা - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details