ETV Bharat / state

সত্ৰত চুৰিকাৰ্য ৰোধ আৰু সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ: ভাস্কৰজ্যোতি মহন্ত

author img

By

Published : Dec 29, 2021, 4:10 PM IST

বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta) ৷ বৰপেটা আৰক্ষীৰ সহযোগত বুধবাৰে সুন্দৰীদিয়া সত্ৰত প্ৰদান কৰা চিচিটিভি কেমেৰা চিষ্টেমটোৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (assam dgp bhaskar jyoti mahanta inaugurates cctv system) ৷

Bhaskar Jyoti Mahanta Inaugurated CCTV at Barpeta
সুন্দৰীদিয়া সত্ৰত অসম আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্ত

বৰপেটা, ২৯ ডিচেম্বৰ : বৰ্তমান সঘনে মঠ-মন্দিৰ বা উপাসনা গৃহত চোৰ-ডকাইত হোৱা দেখা যায় ৷ অসমৰ ঐতিহ্য বহন কৰা মঠ-মন্দিৰ সমূহক সংৰক্ষণ তথা সুৰক্ষা দিয়াৰ দায়িত্ব প্ৰতিগৰাকী নাগৰিকৰ ৷ সেয়ে প্ৰতিগৰাকী নাগৰিককে নিজৰ দায়িত্ব তথা কৰ্তব্য পালন কৰাৰ লগতে অসম আৰক্ষীকো সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (Assam DGP Bhaskar Jyoti Mahanta) ই ৷

DGP Bhaskar Jyoti Mahanta
সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ

বুধবাৰে বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত উপস্থিত হৈছিল অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ ইয়াৰ পিছতেই আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে বৰপেটা আৰক্ষী প্ৰশাসনৰ সহযোগত সুন্দৰীদিয়া সত্ৰত প্ৰদান কৰা চিচিটিভি কেমেৰা চিষ্টেমটোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে (assam dgp bhaskar jyoti mahanta inaugurates cctv system) ৷ সুন্দৰীদিয়া সত্ৰ (Barpeta Sundaridia Satra)ৰ পৰাই পাটবাউসীৰ শংকৰদেৱ সত্ৰ আৰু দামোদৰদেৱ সত্ৰলৈ বৰপেটা আৰক্ষীয়ে যোগান ধৰা চিচিটিভি কেমেৰা চিষ্টেম দুটাৰো উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

সুন্দৰীদিয়া সত্ৰত মুকলি চিচি টিভি

উদ্বোধনী অনুষ্ঠানৰ পাচতেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সত্ৰৰ ভক্তসকলৰ সৈতেও এখন সভাত মিলিত হয় ৷

এই সভাতেই আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে, ‘সত্ৰ সমূহক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ দায়িত্ব ৷ সত্ৰ সমূহত যাতে কোনো দুষ্টচক্ৰই অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে আজিৰ প্ৰযুক্তি ব্যৱহাৰ কৰি তাক ৰোধ কৰিব লাগিব’ ৷ সত্ৰ সমূহত হৈ অহা চুৰিকাৰ্য ৰোধ আৰু সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷

Bhaskar Jyoti Mahanta Inaugurated CCTV at Barpeta
সুন্দৰীদিয়া সত্ৰত অসম আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্ত

সুন্দৰীদিয়া সত্ৰৰ লগতে পাটবাউসী সত্ৰতো মূৰ দোৱাই আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ উক্ত কাৰ্যসূচীত ভাস্কৰজ্যোতি মহন্তৰ সৈতে অসম আৰক্ষীৰ পশ্চিম মণ্ডলৰ ডি আই জি দিলীপ কুমাৰ দেও উপস্থিত থাকে ৷

লগতে পঢ়ক : আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.