ETV Bharat / international

বাংলাদেশত ৰেমলৰ ভয়ংকৰ ৰূপ, ১৬ গৰাকী লোকৰ মৃত্যু - Remal hits Bangladesh

author img

By ANI

Published : May 28, 2024, 7:07 AM IST

Updated : May 28, 2024, 10:16 AM IST

Cyclone Remal : বাংলাদেশত ঘূৰ্ণীবতাহ ৰেমলৰ ফলত প্ৰায় ১ লাখ ৫০ হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে । ৯,৪২৪ টা আশ্ৰয় শিবিৰত ৮ লাখতকৈও অধিক লোকে আশ্ৰয় লৈছে । ক্ষতিগ্ৰস্ত লোকৰ বাবে পুঁজি মুকলি বাংলাদেশ চৰকাৰৰ ।

Remal hits Bangladesh
বাংলাদেশত ৰেমলৰ ভয়ংকৰ ৰূপ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ মে': চুবুৰীয়া বাংলাদেশত ঘূৰ্ণীবতাহ ৰেমলে সংহাৰী ৰূপ ধাৰণ কৰিছে । দেওবাৰে নিশা বাংলাদেশৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ ৰেমলে তীব্ৰ গতিৰে খুন্দা মাৰে । যাৰ ফলত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় । এতিয়ালৈ প্ৰায় ১৬ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে ।

দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰী মহম্মদ মহিবুৰ ৰহমানৰ বিবৃতি অনুসৰি ধুমুহাৰ ফলত প্ৰায় ১,৫০,৪৫৭ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । তাৰ ভিতৰত বাংলাদেশৰ ১০৭ টা ইউনিয়ন আৰু ৯১৪ খন পৌৰসভাৰ অন্তৰ্গত প্ৰায় ৩৫,৪৮৩ টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে । সোমবাৰে সচিবালয়ত ঘূৰ্ণীবতাহ ৰেমলৰ প্ৰভাৱ সম্পৰ্কে তেওঁ সংবাদমেলত এই কথা উল্লেখ কৰে ।

বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহ ৰেমলৰ তীব্ৰতা সোমবাৰে কিছু হ্ৰাস হয় । ইফালে ঘূৰ্ণীবতাহৰ ফলত নিহত লোকসকলৰ ভিতৰত আছে ভোলা আৰু বৰিশাল জিলাৰ তিনিজনকৈ লোক, সাতখিৰা, খুলনা, চিটাগং আৰু পাটুৱাখালি জিলাৰ এজনকৈ লোক । মন্ত্ৰীগৰাকীৰ মতে ১৯ খন জিলা ৰেমলৰ দ্বাৰা প্ৰভাৱিত হৈছে । জিলাসমূহৰ ভিতৰত আছে ঝালাকাথি, বৰিশাল, পাটুৱাখালি, পিৰোজপুৰ, বৰগুনা, খুলনা, সাতখিৰা, বাগেৰহাট, ভোলা, ফেনি, ক'ক্সবজাৰ, চিটাগং, নোৱাখালী, লক্ষ্মীপুৰ, চৰিয়াপুৰ, নৰৈল, গোপালপুৰ আদি ।

বাংলাদেশৰ উপকূলীয় জিলাসমূহত মুঠ ৯৪২৪ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । ৮,০০,০০০ তকৈও অধিক লোকে তাত আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে । ইয়াৰ উপৰিও তাত ৫২,১৪৬ টা পোহনীয়া জন্তু ৰখাৰো ব্যৱস্থা কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই জাৰি কৰা নিৰ্দেশনা অনুসৰি মন্ত্ৰালয়ে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত এতিয়ালৈ তেনে কোনো বৃহৎ ক্ষতি হোৱা নাই ।

ইফালে, ঘূৰ্ণীবতাহ প্ৰভাৱিত অঞ্চলসমূহৰ লোকসকলক চিকিৎসা প্ৰদান কৰাৰ বাবে চিকিৎসকসহ স্বাস্থ্যকৰ্মীৰ মুঠ ১,৪৭১ টা দল গঠন কৰা হৈছে । এই দলসমূহৰ ভিতৰত ১,৪০০ টা দলে স্বাস্থ্য সেৱা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

মন্ত্ৰীজনে উল্লেখ কৰা মতে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে বাংলাদেশী টাকা হিচাপত ৬.৮৫ কোটি আৱণ্টন কৰা হৈছে । তেওঁ লগতে কয় যে ১৫ খন জিলাত ৩.৮৫ কোটি টাকা, ৫,৫০০ টন চাউল, ৫,০০০ ড্ৰাই ফুডছ আৰু কেঁচুৱাৰ খাদ্যৰ বাবে কেইবা কোটি টকা মুকলি কৰা হৈছে । পশুখাদ্যৰ বাবেও পুঁজি মুকলি কৰিছে বাংলাদেশ চৰকাৰে ।

ইফালে, ঘূৰ্ণীবতাহ ৰেমলৰ প্ৰভাৱ আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বাবে হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১০ খন আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰা হৈছে ।

লগতে পঢ়ক :ৰেমলৰ প্ৰভাৱত অসমত হ’ব ধাৰাসাৰ বৰষুণ: বলিব ধুমুহাও - Cyclone Remal

Last Updated : May 28, 2024, 10:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.