কাৰ পৃষ্ঠপোষকতাত চলিছে দীপৰ বিলত দাদাগিৰি ? আদালতত মুখথেকেচা চৰকাৰৰ - dipor bil
Dipor bil boundary case : ৰামছাৰ ক্ষেত্ৰ স্বীকৃতিৰ সময়ত চাৰি হেজাৰ হেক্টৰ মাটিকালিয়ে আৱৰি থকা দীপৰ বিলৰ সীমা আজিও নিৰ্ধাৰণ নহ’ল । দীপৰ বিলৰ চাৰিসীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ আদালতৰ ৷

Published : May 28, 2024 at 7:33 AM IST
|Updated : May 28, 2024 at 11:02 AM IST
গুৱাহাটী, ২৮ মে' : অসমৰ প্ৰথমখন পক্ষী অভয়াৰণ্য তথা ৰামছাৰ স্থান হিচাপে চিহ্নিত দীপৰ বিলৰ চাৰিসীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো তথ্য দিব নোৱাৰাত ৰাজ্য চৰকাৰে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ভৰ্ৎসনাৰ সম্মুখীন হ'বলগীয়া হয় ।
উল্লেখ্য যে, তিনিগৰাকী সচেতন ব্যক্তি ক্রমে প্রমোদ কলিতা, সোনেশ টেৰণ আৰু দীপক তেৰাঙে ১৮/ ২০২৩ নম্বৰ এখন ৰাজহুৱা স্বাৰ্থজনিত গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল । দীপৰ বিলৰ চাৰিসীমা নিৰ্ধাৰণ কৰা, দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যক পৰিৱেশ সংবেদনশীল মণ্ডল হিচাপে নিৰ্ধাৰণ কৰা আৰু দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যত অবৈধ নির্মাণ কাৰ্য সন্দৰ্ভত এই গোচৰটো আদালতত তৰা হৈছিল ।
এই সন্দৰ্ভত পূৰ্বৰ শুনানিত আদালতে চৰকাৰক দীপৰ বিলৰ চাৰিসীমা নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত তথ্য দিয়াৰ নিদেৰ্শ দিছিল । তাৰ পিচতে সোমবাৰে পুনৰ এই গোচৰটোৰ শুনানি হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত চৰকাৰৰ পৰা তথ্য বিচাৰে যদিও চৰকাৰী পক্ষই কোনো তথ্য নিব নোৱাৰিলে । আবেদনকাৰীৰ অধিবক্তাই আদালতত যুক্তি দৰ্শায় যে চৰকাৰী পৃষ্ঠাপোষকতাত একাংশই দীপৰ বিলখন বেদখল কৰিছে ।
গুৱাহাটীৰ সমস্ত আৱৰ্জনা দীপৰ বিলত পেলোৱা হয় । তদুপৰি দীপৰ বিলৰ Eco sensitive zone আজিলৈকে নিৰ্ধাৰণ হোৱা নাই । এই সন্দৰ্ভত চৰকাৰী পক্ষৰ অধিবক্তাই কোনো বিতং তথ্য আদালতত দাখিল কৰিব নোৱাৰিলে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে অসমৰ প্ৰথমখন পক্ষী অভয়াৰণ্য তথা ৰামছাৰ ছাইট হিচাপে পৰিচিত দীপৰ বিলৰ চাৰিসীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ তিনিদিনৰ ভিতৰত ৰাজ্য চৰকাৰৰ শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক: Ramsar Deepar Beel : পক্ষীৰ কলৰৱত এতিয়া মুখৰিত নহয় ৰামছাৰ ক্ষেত্ৰ দীপৰ বিল

