ETV Bharat / state

Ramsar Deepar Beel : পক্ষীৰ কলৰৱত এতিয়া মুখৰিত নহয় ৰামছাৰ ক্ষেত্ৰ দীপৰ বিল

author img

By

Published : Dec 27, 2022, 6:10 PM IST

শতাধিক প্ৰজাতিৰ পক্ষীয়ে এৰিলে দীপৰ বিল । বায়ু-জল-শব্দ প্ৰদূষণৰ কৰাল গ্ৰাসত মৃত্যুমুখী দীপৰ বিল । চৰকাৰৰ চূড়ান্ত অৱহেলা আৰু গুৰুত্বহীনতাত স্বীকৃতি হেৰুওৱাৰ দিশে দীপৰ বিল (Ramsar site Deepar Beel in existence problem) । ৰামছাৰ ক্ষেত্ৰ স্বীকৃতিৰ সময়ত চাৰি হেজাৰ হেক্টৰ মাটিকালিয়ে আৱৰি থকা দীপৰ বিলৰ সীমা আজিও নিৰ্ধাৰণ নহ’ল । ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰত দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতা ।

Deepar Bill
Deepar Bill

ৰামচাৰ স্বীকৃতি বাতিলৰ দিশে দীপৰ বিল

গুৱাহাটী, ২৭ ডিচেম্বৰ : অস্তিত্বৰ সংকটত পক্ষীৰ ৰম্যভূমি হিচাপে বিশ্ববিখ্যাত দীপৰ বিল । পক্ষী সংৰক্ষিত এলেকাৰূপে খ্যাত গুৱাহাটী মহানগৰীৰ সমীপৰ দীপৰ বিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভৰ দুটা দশক হ'ল (Ramsar site Deepar Beel in existence problem) । দেশী-বিদেশী পক্ষীৰ বিচৰণভূমি দীপৰ বিলে এই স্বীকৃতি লাভৰ বাবে প্ৰয়োজনীয় নটা বৈশিষ্ট্যৰ ভিতৰত পাঁচটাত উত্তীৰ্ণ হৈ ২০০২ত ‘ৰামছাৰ ক্ষেত্ৰ’ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল ।

উল্লেখ্য যে সম্প্ৰতি ভাৰতত ৪৭ খন ৰামছাৰ ক্ষেত্ৰ আছে আৰু ইয়াৰে ভিতৰত দীপৰ বিলে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰৰূপে ২০০২-ত স্বীকৃতি লাভ কৰে (Assam only Ramsar site Deepar Beel) । দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ ২০ টা বৰ্ষ অতিক্ৰম কৰিলে যদিও আজিলৈকে দীপৰ বিলৰ সীমা নিৰ্ধাৰণ নহ'ল । বৰঞ্চ ব্যাপক জল, শব্দ আৰু বায়ু প্ৰদূষণৰ কৰাল গ্ৰাসত পৰা দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতিৰ হেৰুওৱাৰ উপক্ৰম হৈছে (huge pollution in Ramsar Deepar Beel) ।

বিশেষকৈ পক্ষী সংৰক্ষিত অঞ্চলৰূপে খ্যাত তথা ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ সময়ত দীপৰ বিলত ২১৯ টা প্ৰজাতিৰ দেশী-বিদেশীৰ পক্ষীৰ উপস্থিতি জৰীপত পোহৰলৈ আহিছিল । কিন্তু শেহতীয়া জৰীপত বিলখনত এশ প্ৰজাতিৰ পক্ষীৰ উপস্থিতিও পোৱা নাই । এই সন্দৰ্ভত দীপৰ বিল সুৰক্ষা মঞ্চৰ (Deepar Bill Protection Forum) সম্পাদক প্ৰমোদ কলিতাই ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে চৰকাৰৰ অৱহেলা আৰু গুৰুত্বহীনতাৰ বাবেই দীপৰ বিলে তিল তিলকৈ মৃত্যুৰ দিশে গতি কৰিছে।

তেওঁ কয় যে দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ ২০ বৰ্ষ সম্পূৰ্ণ কৰিলে যদিও ৰাজ্যৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ সীমা আজিলৈকে নিৰ্ধাৰণ কৰিব নোৱাৰাৰ বিষয়টোৱে বিশ্বৰ বুকুত প্রকৃতি ৰক্ষাৰ প্ৰতি অসম কিমান দায়বদ্ধ তাৰ স্বৰূপ উদঙাই দিছে । চৰকাৰৰ দায়িত্বহীনতাৰ বাবেই আজি দীপৰ বিলে অস্তিত্বৰ মহাসংকটত পৰিছে (government negligance in protection Deepar Bill) । দীপৰ বিল প্রাকৃতিকভাৱে চহকী আৰু দীপৰ বিলত বিশ্বৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ চৰাই পোৱা যায় ।

য'ত পেলিকান প্ৰজাতিৰ ঢেঁৰা, বৰটোকোলা, কুৰুৱা, ডাঙৰ শেন, হাড়গিলা আদি পক্ষী দীপৰ বিলত উপলব্ধ । তেওঁ কয় যে দীপৰ বিলত এদিনতে ১৯ হেজাৰ চৰাইৰ উপস্থিতি পোৱা গৈছিল । আনহাতে, দীপৰ বিলত ১৯ প্ৰজাতিৰ ৫০ বিধ মাছ পোৱা গৈছিল । এনে বৈশিষ্ট্যসমূহৰ বাবেই দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিছিল । কিন্তু এই বৈশিষ্ট্যসমূহ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে দীপৰ বিলে ।

আজিলৈকে ৰামছাৰ ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ কৰা নহ'ল । এদিনতে ১৯ হেজাৰ চৰাই গণনা হোৱা দীপৰ বিলত চলিত বৰ্ষৰ প্ৰথমাৰ্ধত এদিনত ১০,২৮৯ টা পক্ষীৰ উপস্থিতিহে পোৱা গৈছে । এই সময়ছোৱাত দেশী-বিদেশী পক্ষীয়ে ভৰি থকা দীপৰ বিলত এতিয়া ১৫-১৬ প্রজাতিৰ পক্ষীৰ উপস্থিতিহে পোৱা গৈছে । ফলত সকলো দিশৰ পৰা দীপৰ বিল সংকুচিত হৈ আহিছে আৰু আজিৰ দিনত যদি জৰীপ হয় নিশ্চিতভাৱে দীপৰ বিলে ৰামছাৰ স্বীকৃতি যে হেৰুৱাই পেলাব সেয়া সুনিশ্চিত বুলি তেওঁ কয় (Deepar Bill going to lost Ramsar declaration) ।

দীপৰ বিলৰ সুৰক্ষাৰ বাবে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল বুলি সদৰী কৰি তেওঁ কয় যে বিলখনৰ গাতে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি চৰকাৰে জ্বলা জুইত ঘিউহে ঢালি দিলে । ডাম্পিং গ্রাউণ্ডৰ গেলা-পচা সামগ্ৰীয়ে বিলখনৰ পানী প্ৰদূষিত কৰি ইয়াত থকা মৎস্যকুলৰ লগতে পক্ষীকুলৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিলে আৰু বহু মাছ-কাছ ইতিমধ্যে মৃত্যুমুখত পৰিছে । সমান্তৰালভাৱে বিলখনৰ মাজেৰে ৰে'লপথ স্থাপন কৰি শব্দ প্ৰদূষণ সৃষ্টি কৰা হ’ল আৰু যি শব্দ প্ৰদূষণৰ বাবে পক্ষীকে ধৰি বনৰীয়া জীৱ-জন্তুৰ বিচৰণত ব্যাঘাত জন্মোৱা হ'ল ।

ইতিমধ্যে ৰে'লৰ খুন্দাত হাতীকে ধৰি বিভিন্ন জীৱকুলৰ মৃত্যু হৈছে । একেদৰে ডাম্পিং গ্রাউণ্ডে সৃষ্টি কৰা বায়ু প্ৰদূষণেও বিলখনলৈ একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিলে । এনে দিশসমূহ চৰকাৰৰ অৱগত যদিও ৰাজ্যৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখন ৰক্ষাৰ ক্ষেত্ৰত আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । উল্লেখ্য যে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভৰ সময়ত সংশ্লিষ্ট বিভাগে কৰা জৰীপত দীপৰ বিলত ২১৯ প্রজাতিৰ দেশী-বিদেশী পক্ষীৰ উপস্থিতি পোহৰলৈ আহিছিল ।

সেই সময়ত বিলখনত ৫০ টা প্ৰজাতিৰ মাছ, ৩৮ টা প্ৰজাতিৰ সৰীসৃপ আৰু উভচৰ প্ৰাণী, ৪৪৮ প্ৰজাতিৰ উদ্ভিদৰ উপস্থিতি পোৱা গৈছিল । শেহতীয়াকৈ গুৱাহাটী বন্যপ্রাণী সংমণ্ডলৰ উদ্যোগত অসম ৰাজ্যিক জৈৱ-বৈচিত্র্য পৰিষদ আৰু কেইটামান স্বেচ্ছাসেৱী সংগঠনে চলোৱা পক্ষীৰ জৰীপত দীপৰ বিলৰ পৰা দেশী-বিদেশী পৰিভ্ৰমী চৰাই অস্বাভাৱিকভাৱে হ্রাস পোৱাৰ তথ্য পোহৰলৈ আহিছে ।

'বাৰ্ড লাইফ ইণ্টাৰনেচনেলে’ (Bird Life International) অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত অঞ্চলৰূপে চিহ্নিত কৰা দীপৰ বিলৰ শেহতীয়া জৰীপত মাথোঁ ৬৬ প্ৰজাতিৰ চৰাইৰ উপস্থিতিহে ধৰা পৰিছে । ১৫৩ বিধ পক্ষীয়ে দীপৰ বিল এৰা তথ্য জৰীপত পোহৰলৈ আহিছিল । সমান্তৰালভাৱে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ সময়ত দীপৰ বিলৰ মুঠ মাটিকালি চাৰি হেজাৰ হেক্টৰ আছিল । কিন্তু এতিয়া সেই পৰিমাণ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Unusual hailstones in Moran: অস্বাভাৱিক শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰিলে মৰাণ ৰাজ্যিক চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.