Unusual hailstones in Moran: অস্বাভাৱিক শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰিলে মৰাণ ৰাজ্যিক চিকিৎসালয়

By

Published : Dec 27, 2022, 1:54 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail
()

নৱবৰ্ষৰ প্ৰাকক্ষণত সমগ্ৰ মৰাণ অঞ্চলত শিলাবৃষ্টি (hailstones in Moran)৷ পুৱতি নিশাৰ পৰা অস্বাভাৱিকভাৱে শিলাবৃষ্টি হোৱাৰ ফলত মৰাণৰ বিস্তৃত অঞ্চল হৈ পৰিছিল বৰফেৰে আবৃত । অৱশ্যে বহুতেই এই শিলাবৃষ্টিৰ আমেজ ল’লেও বতৰৰ এই পৰিৱৰ্তনে বহুতৰ অনিষ্ট সধা পৰিলক্ষিত হৈছে ৷ কৃষি পথাৰৰ লগতে বহু ঘৰৰো অনিষ্ট সাধন হোৱা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ বিস্তৰ ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে (Unusual hail damaged Maran State Hospital) । মৰাণ ৰাজ্যিক চিকিৎসালয়খনৰ বাৰাণ্ডা শিল বৰষুণত সম্পূৰ্ণৰূপে ভাঙি বিধস্ত হৈ পৰাত কিছু ঔষধ আৰু চিকিৎসালয়ৰ নথি পত্ৰও নষ্ট হোৱা বুলি জানিবলৈ দিছে চিকিৎসালয়ৰ কৰ্তৃপক্ষই । ইতিমধ্যে চিকিৎসালয়খনৰ মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চিকিৎসালয়ৰ কৰ্তৃপক্ষই ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.