ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 24, 2022, 12:56 PM IST

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Last tribute to Basistha Dev Sharma: ক্ষন্তেক পাছতে সম্পন্ন হ’ব বুঢ়াসত্ৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়া

ক্ষন্তেক পাছতে সম্পন্ন হ’ব বুঢ়াসত্ৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়া (Last tribute to Basistha Dev Sharma)৷ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব বুঢ়াসত্ৰীয়া তথা শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠদেৱ শৰ্মাদেৱেৰ অন্ত্যেষ্টিক্ৰিয়া ৷ তেখেতৰ মৃত্যুৰ পিছতে পিতৃহাৰা হ’ল বৰপেটা সত্ৰ ৷ তেখেতক শেষশ্ৰদ্ধা জনাবলৈ ওলাই অহা অগণন ভক্তই ভিৰ কৰিছে বৰপেটা চহৰ ৷ সামাজিক, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰৰ লোক বৰপেটাত উপস্থিত হৈছে বুঢ়াসত্ৰীয়া গৰাকীক শেষশ্ৰদ্ধা জনাবলৈ ৷ তেখেতক সোঁৱৰি বিভিন্ন গৰাকীয়ে ব্যক্ত কৰিলে শোক ৷

Cyclone Sitrang : চিত্ৰাং ঘূৰ্ণীয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ ধুমুহা বৰষুণ

থাইলেণ্ডৰ চিত্ৰাং নামৰ ঘূৰ্ণী বতাহৰ (cyclone named Sitrang by Thailand) ফলত পশ্চিমবংগৰ উপকূলীয় জিলাসমূহত আৰু উত্তৰ উপকূলীয় ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

Modi greets people on Diwali: নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে দীপাৱলীৰ শুভেচ্ছা

আজি পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022) ৷ দীপাৱলীক লৈ দেশজুৰি বিৰাজ কৰি এক উখল-মাখল পৰিৱেশে ৷ এই উৎসৱমুখৰ পৰিৱেশৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে দীপাৱলীৰ শুভেচ্ছা (PM Greets people on Diwali) ৷

Russian warplane falls on building: চাইবেৰিয়াৰ আৱাসিক ভৱনত পৰিল ৰাছিয়াৰ যুদ্ধ বিমান; ২ জন পাইলটৰ মৃত্যু

চাইবেৰিয়াৰ চৰকাৰী কৰ্তৃপক্ষই জনোৱা মতে, ৰাছিয়াৰ এখন যুদ্ধ বিমানে দেওবাৰে চাইবেৰিয়াৰ ইৰকুটস্ক চহৰস্থিত এটা আৱাসিক ভৱনত খুন্দা মৰে (Siberian city of Irkutsk) ৷ লগতে এই দুৰ্ঘটনাটোৰ ফলত বিমানখনত থকা দুয়োজন পাইলটৰ মৃত্যু ঘটে ।

Hajj pilgrims 2022: ডিঙিত অসমীয়াৰ স্বভিমান গামোচা লৈ পবিত্ৰ মক্কালৈ ৰাওনা হজযাত্ৰী

ছৌদি আৰৱৰ অতি পবিত্ৰ তীৰ্থস্থান হজ, মক্কা আৰু মদিনা দৰ্শন কৰি জীৱন ধন্য কৰিবলৈ পোৱাটোৱেই মুছলমান সম্প্ৰদায়ৰ প্ৰতিগৰাকী লোকৰ বাবে পৰম সৌভাগ্যৰ বিষয় বুলি গণ্য কৰা হয় (Hajj pilgrims 2022)। এই পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰিবলৈ প্ৰতিবছৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকে ভৰি পৰে ছৌদি আৰৱ ৷ কিন্তু মহামাৰী ক’ভিড-১৯ ৰ প্ৰাদূৰ্ভাৱৰ বাবে বিগত দুটা বছৰ হজ যাত্ৰা বাতিল কৰিবলগীয়া এক অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হৈছিল । এইবাৰ ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত ছৌদি আৰৱ প্ৰশাসনে দেশী-বিদেশী লোকৰ বাবে হজযাত্ৰা মুকলি কৰি দিছে । ইয়াক লৈ যথেষ্ট উৎসাহী অসম তথা দেশৰ মুছলাম ধৰ্মাৱলম্বী লোকসকল ।

Arunachal helicopter crash: হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত মেজৰৰ উদয়পুৰত শেষকৃত্য়

অৰুণাচল প্ৰদেশত হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত মেজৰ মুস্তাফা বোহৰাক দেওবাৰে উদয়পুৰত সমাধিস্থ কৰা হয় । উল্লেখ্য় যে অৰুণাচল প্ৰদেশৰ টুটিঙৰ সমীপত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (helicopter crash at Arunachal Pradesh) হোৱাত পাঁচজন বায়ু সেনা জোৱানৰ মৃত্যু হৈছিল ।

GMC scam: বোকা নিষ্কাশন কেলেংকাৰীৰ তদন্ত অভিযান অব্যাহত

গুৱাহাটী পৌৰ নিগমত সংঘটিত হৈছে কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰী (GMC fooling disposal scam) । দ্বিতীয় দিনা মহানগৰীৰ ৪ টা স্থানত মুখ্যমন্ত্ৰী তদাৰকী শাখাই অভিযান চলায় । বৰ্তমানো পলাতক নিগমৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা আৰু কাৰ্যবাহী অভি়যন্তা ।

Reservation for Scheduled Castes and Tribes : অনুসূচীত জাতি-জনজাতিৰ লোকৰ বাবে কৰ্ণাটকত অধ্যাদেশ জাৰি

কৰ্ণাটকৰ শিক্ষানুষ্ঠানসমূহত আসন সংৰক্ষণ কৰাৰ লগতে অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাবে ৰাজ্যৰ অধীনত থকা সেৱাসমূহত নিযুক্তি বা পদৰ ব্যৱস্থা কৰা হৈছে এই অধ্যাদেশত (reservation for Scheduled Castes and Tribes )।

Festival of Diwali: দীপাৱলীৰ বজাৰত চাহিদা বৃদ্ধি থলুৱা মাটিৰ চাকিৰ

সন্মুখত পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022) ৷ দীপাৱলীক কেন্দ্ৰ কৰি ব্যস্ততা বাঢ়িছে ৰাজ্যবাসীৰ ৷ দীপাৱলীৰ বজাৰত থলুৱা মাটিৰ চাকিৰ চাহিদা বৃদ্ধি (Demand for earthen lamps has increased) ৷

BTR Win ISPL 2022: BTR য়ে অৰ্জন কৰিলে ISPL ৰ চেম্পিয়নশ্বিপৰ খিতাপ

আই এছ পি এল ২০২২ৰ চেম্পিয়নশ্বিপ খিতাপ অৰ্জন বিটিআৰ দলৰ(ISPL 2022 Championship BTR) ৷ ঘৰুৱা দল বিটিআৰে মিজোৰামৰ লাই স্বায়ত্তশাসিত জিলা পৰিষদ দলক ১-০ গ’লত পৰাজিত কৰি আই এছ পি এল ২০২২ৰ চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.