ETV Bharat / bharat

Cyclone Sitrang : চিত্ৰাং ঘূৰ্ণীয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ ধুমুহা বৰষুণ

author img

By

Published : Oct 24, 2022, 11:39 AM IST

থাইলেণ্ডৰ চিত্ৰাং নামৰ ঘূৰ্ণী বতাহৰ (cyclone named Sitrang by Thailand) ফলত পশ্চিমবংগৰ উপকূলীয় জিলাসমূহত আৰু উত্তৰ উপকূলীয় ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

cyclone
cyclone

নিউজ ডেস্ক, ২৪ অক্টোবৰ : ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (India Meteorological Department) প্ৰকাশ কৰা মতে, বংগোপসাগৰৰ ওপৰত নিম্নচাপ দেওবাৰে সন্ধিয়া ঘূৰ্ণীবতাহত পৰিণত হয় আৰু ২৫ অক্টোবৰৰ পুৱা বাংলাদেশ উপকূল অতিক্ৰম কৰাৰ আগতে তীব্ৰ ঘূৰ্ণী বতাহত পৰিণত হোৱাৰ সম্ভাৱনা অধিক হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) জনোৱা অনুসৰি, থাইলেণ্ডৰ চিত্ৰাং নামৰ ঘূৰ্ণী বতাহ সোমবাৰে তীব্ৰ ঘূৰ্ণী বতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু বতাহৰ গতি বেগ ৯০ ৰ পৰা ১০০ কিলোমিটাৰ প্ৰতিঘণ্টালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে (severe cyclonic storm alert) ।

ইয়াৰ ফলত পশ্চিমবংগৰ উপকূলীয় জিলাসমূহত (rain forecast in coastal districts of WB) ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । লগতে উত্তৰ উপকূলীয় ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে (heavy rain forecast in north coastal Odisha) । দেওবাৰে সন্ধিয়া ৫.৩০ বজাত এই ঘূৰ্ণী বতাহ পশ্চিমবংগৰ সাগৰ দ্বীপৰ পৰা ৫৮০ কিলোমিটাৰ দক্ষিণে আৰু বাংলাদেশৰ বাৰিচালৰ পৰা ৭৪০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পশ্চিমত আছিল এই ঘূৰ্ণী ।

ই মুখ্যত পশ্চিমবংগ আৰু বাংলাদেশত বিয়পি থকা সুন্দৰবনক প্ৰভাৱিত কৰিব । কিয়নো বতৰৰ অৱস্থা আৰু নতুন চন্দ্ৰৰ দ্বৈত প্ৰভাৱৰ বাবে জোৱাৰৰ ঢৌ ছয় মিটাৰ উচ্চতাত উপনীত হোৱাৰ সম্ভাৱনা আছে । কলকাতাৰ আঞ্চলিক বতৰ কেন্দ্ৰৰ উপ-সঞ্চালক প্ৰধান সঞ্জীৱ বেনাৰ্জীয়ে এই কথা প্ৰকাশ কৰিছে ।

আনহাতে, উত্তৰ-পশ্চিম দিশৰ পৰা উত্তৰ-পূব দিশত পথ সলনি কৰাৰ পিছত ই মঙলবাৰে পুৱা বাংলাদেশৰ বাৰিচালৰ ওচৰৰ টিঙ্কোনা দ্বীপ আৰু সন্দীপৰ মাজত আঘাত কৰাৰ পূৰ্বে উত্তৰ বংগোপসাগৰত উপনীত হ'ব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে বতৰৰ অৱস্থাৰ কাৰণে বুধবাৰে পুৱালৈকে দক্ষিণ পশ্চিমবংগৰ জিলাসমূহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হ'ব ।

ইয়াৰ উপৰি সোমবাৰে দক্ষিণ ২৪ পৰগণা আৰু উত্তৰ ২৪ পৰগণাৰ উপকূলীয় জিলাসমূহত ধাৰাসাৰ বৰষুণ আৰু পূব আৰু পশ্চিম মেদিনীপুৰত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয় । কলকাতা, হাওৰা আৰু হুগলীত সোমবাৰে আৰু মঙলবাৰে মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । মঙলবাৰে উত্তৰ আৰু দক্ষিণ ২৪ পৰগণা আৰু নাদিয়া জিলাত ধাৰাসাৰ বৰষুণ হ'ব ।

আনহাতে, চিত্ৰাঙে মঙলবাৰে উপকূলীয় উত্তৰ আৰু দক্ষিণ ২৪ পৰগণাত ৮০ ৰ পৰা ৯০ কিলোমিটাৰ প্ৰতিঘণ্টাৰ বেগত বতাহৰ গতি আনিব । ইয়াৰ ফলত সোমবাৰে পূব মেদিনীপুৰৰ সৈতে এই জিলাসমূহত বতাহে ৪৫ ৰ পৰা ৫৫ কিলোমিটাৰ প্ৰতিঘণ্টালৈ বেগেৰে বতাহৰ গতি বেগ বৃদ্ধি কৰিব । কলকাতা, হাওৰা, হুগলী আৰু পশ্চিম মেদিনীপুৰত মঙলবাৰে প্ৰতি ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ বেগত বতাহৰ গতিবেগ ৬০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, এই জিলাসমূহত সোমবাৰে প্ৰতিঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে বতাহৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান কাৰ্যালয়ে ২৪ আৰু ২৫ অক্টোবৰত সুন্দৰবনত ফেৰী সেৱা স্থগিত ৰখাৰ পৰামৰ্শ দিছে আৰু ২৪ আৰু ২৫ অক্টোবৰত দিঘা, মান্দাৰমনি, শংকৰপুৰ, বাখলী আৰু সাগৰৰ সমুদ্ৰ তীৰৰ ৰিজৰ্ট চহৰসমূহত পৰ্যটকৰ জলকেলি স্থগিত ৰখাৰ পৰামৰ্শ দিছে । ওড়িশাত সোমবাৰে পুৱা ৮.৩০ বজালৈকে কেন্দ্ৰপাৰা, জগতসিংপুৰ আৰু পুৰীৰ উপকূলীয় জিলাসমূহৰ কিছুমান ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । মঙলবাৰে পুৱালৈকে বালাচোৰ, ভদ্ৰক, জাজপুৰ, কেন্দ্ৰপদ, জগতসিংপুৰ আৰু কটকৰ বাবে ধাৰাসাৰ বৰষুণৰ হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে ।

আনহাতে, গঞ্জাম জিলা প্ৰশাসনে গোপালপুৰ সাগৰত পৰ্যটকৰ প্ৰৱেশ সীমিত কৰিছে । এজন জ্যেষ্ঠ বিষয়াই কয়, "ঘূৰ্ণীবতাহৰ সতৰ্কবাণী সত্ত্বেও দেওবাৰে সন্ধিয়া বৃহৎ সংখ্যক লোকে সাগৰৰ পাৰত ভিৰ কৰাৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে ।" আইএমডিয়ে ওড়িশাৰ সকলো বন্দৰত স্থানীয় সতৰ্কতামূলক সংকেত নম্বৰ তিনি (LC-III) জাৰি কৰাৰ পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক :Modi greets people on Diwali: নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে দীপাৱলীৰ শুভেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.