ETV Bharat / bharat

Modi greets people on Diwali: নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে দীপাৱলীৰ শুভেচ্ছা

author img

By

Published : Oct 24, 2022, 10:21 AM IST

আজি পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022) ৷ দীপাৱলীক লৈ দেশজুৰি বিৰাজ কৰি এক উখল-মাখল পৰিৱেশে ৷ এই উৎসৱমুখৰ পৰিৱেশৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে দীপাৱলীৰ শুভেচ্ছা (PM Greets people on Diwali) ৷

নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে দীপাৱলীৰ শুভেচ্ছা
Modi greets people on Diwali

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ: আজি পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022) ৷ দীপাৱলীক লৈ দেশজুৰি বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশে ৷ এই উৎসৱমুখৰ পৰিৱেশৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে দীপাৱলীৰ শুভেচ্ছা (PM Greets people on Diwali) ৷

প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা মোদীয়ে দীপাৱলীৰ সময়ত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে । বিগত কেইবছৰ ধৰি দীপাৱলীৰ দিনা প্ৰধানমন্ত্ৰীয়ে (PM Modi) সেনাৰ জোৱানসকলক সাক্ষাৎ কৰি আহিছে । গোটেই বছৰটো সীমান্তত প্ৰতিকূল পৰিবেশত অৱস্থান কৰি দেশমাতৃক ৰক্ষাৰ বাবে সদাজাগ্ৰত হৈ থকা সেনা জোৱানসকলৰ সৈতে দীপাৱলীৰ আনন্দৰ ভাগ লৈ আহিছে প্ৰধানমন্ত্ৰীয়ে । অন্য বৰ্ষৰ দৰে এইবেলিও দেশৰ তিনিখনকৈ ৰাজ্যত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ইফালে দীপাৱলীৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাম জন্মভূমিলৈ গৈ ৰামলালাক কৰিলে পূজা অৰ্চনা।

অযোধ্যাৰ দীপোৎসৱত অংশগ্ৰহণ কৰি (Ayodhya Deepotsav 2022) প্ৰধানমন্ত্ৰীয়ে প্ৰথমে অস্থায়ী ৰাম মন্দিৰলৈ গৈ ৰামলালালৈ গৈছিল । ২০২০ চনৰ ৫ আগষ্টত মোদীয়ে এই ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ‘ভূমিপুজন’ কৰিছিল ।

আজি পুৱা টুইটাৰযোগে দেশবাসীক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে (Prime Minister Narendra Modi) উল্লেখ কৰিলে এনেদৰে- সকলোলৈ দীপাৱলীৰ শুভেচ্ছা থাকিল । দীপাৱলী হৈছে পোহৰৰ উৎসৱ । এই উৎসৱে আমাৰ জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক ।

লগতে পঢ়ক: Diwali celebrated in Nagaon: চশমাৰ দোকানত ফটকা বিক্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.