ETV Bharat / international

Russian warplane falls on building: চাইবেৰিয়াৰ আৱাসিক ভৱনত পৰিল ৰাছিয়াৰ যুদ্ধ বিমান; ২ জন পাইলটৰ মৃত্যু

author img

By

Published : Oct 24, 2022, 7:43 AM IST

চাইবেৰিয়াৰ চৰকাৰী কৰ্তৃপক্ষই জনোৱা মতে, ৰাছিয়াৰ এখন যুদ্ধ বিমানে দেওবাৰে চাইবেৰিয়াৰ ইৰকুটস্ক চহৰস্থিত এটা আৱাসিক ভৱনত খুন্দা মৰে (Siberian city of Irkutsk) ৷ লগতে এই দুৰ্ঘটনাটোৰ ফলত বিমানখনত থকা দুয়োজন পাইলটৰ মৃত্যু ঘটে ।

Russian warplane falls on building in Siberia 2 pilots die
চাইবেৰিয়াৰ আৱাসিক ভৱনত পৰিল ৰাছিয়াৰ যুদ্ধ বিমান; ২ জন পাইলটৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক, 24 অক্টোবৰ: ৰাছিয়াৰ এখন যুদ্ধ বিমানে দেওবাৰে চাইবেৰিয়াৰ ইৰকুটস্ক চহৰৰস্থিত এটি আৱাসিক ভৱনত খুন্দা মৰাৰ ফলত বিমানখনত থকা দুয়োজন ক্ৰু সদস্যৰ মৃত্যু ঘটে (Russian warplane falls on building in Siberia)। এটা সপ্তাহৰ ভিতৰতে ৰাছিয়াৰ আৱাসিক এলেকাত দ্বিতীয়বাৰৰ বাবে এখন যুদ্ধ বিমান এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হয় । ইৰকুটস্কৰ গৱৰ্ণৰ ইগ’ৰ কবজেভে কয় যে এচ ইউ ৩০ যুঁজাৰু বিমানখনে এটা ব্যক্তিগত দুমহলীয়া অট্টালিকাত আহি পৰিছিল য’ত দুটাকৈ পৰিয়াল বসবাস কৰে (Pilots die in Siberia) ।

অৱশ্যে দুৰ্ঘটনাটোৰ সময়ত অট্টালিকাটোত পৰিয়াল দুটাৰ আটাইখিনি সদস্য বাহিৰত থকাৰ হেতু কোনো লোক হতাহত হ’বলগীয়া নহ’ল । গৱৰ্ণৰ ইগ’ৰ কবজেভে লগতে কয় যে, সদ্যহতে আৱাসী পৰিয়াল দুটিক বৰ্তমান অন্য স্থানলৈ স্থানান্তৰ কৰাৰ লগতে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ’ব । দুৰ্ঘটনাটোৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও ইয়াৰ তদন্ত আৰম্ভ কৰা হৈছে ।

উল্লেখ্য যে, বিগত ১৭ অক্টোবৰত য়েইস্কৰ ছি অৱ আজ’ভ বন্দৰৰ এটা এপাৰ্টমেণ্ট বিল্ডিঙৰ সমীপত এখন এচ ইউ-৩৪ বোমাৰু বিমান দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত সেই স্থানত হোৱা ভয়াৱহ বিস্ফোৰণত ১৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৯ গৰাকী লোক আহত হ’বলগীয়া হৈছিল (Russian military plane crashes into building in Siberia) ।

ৰাছিয়াৰ ছ’চিয়েল নেটৱৰ্কত প্ৰকাশ পোৱা এটি ভিডিঅ’ত দেখা অনুসৰি যুঁজাৰু বিমানখনে প্ৰায় উলম্বভাৱে তললৈ নামি আহিছিল আৰু তাৰ পিছতেই তলত বিস্ফোৰণ ঘটিছিল । তাৰোপৰি আন বহুকেইটা ভিডিঅ’ত দেখা অনুসৰি বিমানখন আহি পৰা অট্টালিকাটো জুইৰ শিখাই আগুৰি ধৰিছে আৰু অগ্নি নিৰ্বাপনৰ বাবে নিয়োজিত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিয়ন্ত্ৰণ কৰিবৰ চেষ্টা অব্যাহত ৰাখিছিল । পূব চাইবেৰিয়াৰ ৬ লাখতকৈ অধিক লোক বসবাস কৰা গুৰুত্বপূৰ্ণ অঞ্চল ইৰকুটস্কত ৰাছিয়াৰ বায়ুসেনাৰ এটা মূল সম্পদ হিচাবে স্বীকৃত হৈ অহা এচ ইউ-৩০ বিমান নিৰ্মাণৰ এটা কাৰখানা আছে, যি হৈছে ছুপাৰছনিক টুইন ইঞ্জিন আৰু দুখন আসনযুক্ত এখন শক্তিশালী যুঁজাৰু বিমান (Russian warplane crashes into residential building)।

চীন, ভাৰতৰ দৰে বহুকেইখন দেশেও এই বিশেষ বিমানখন ক্ৰয় কৰি নিজৰ সামৰিক বায়ুসেনাক শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈ আহিছে । মন কৰিব লগীয়া যে, চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত মস্কোৱে ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণৰ পিছত দেওবাৰৰ এই ঘটনাটো আছিল ৰাছিয়াৰ যুদ্ধবিমানৰ দ্বাৰা সংঘটিত ১১ নম্বৰৰ দুৰ্ঘটনা । সামৰিক বিশেষজ্ঞসকলে উল্লেখ কৰা অনুসৰি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সময়চোৱাত ৰাছিয়াৰ সামৰিক বিমানৰ সংখ্যা যথেষ্টভাৱে বৃদ্ধি পোৱাৰ ফলতে বৃদ্ধি পাইছে এনে দুৰ্ঘটনাৰ সংখ্যা ।

লগতে পঢ়ক: Russia Ukraine war: অতি শীঘ্ৰে ভাৰতীয়সকলক ইউক্ৰেইন এৰিবলৈ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.