ETV Bharat / bharat

Russia Ukraine war: অতি শীঘ্ৰে ভাৰতীয়সকলক ইউক্ৰেইন এৰিবলৈ নিৰ্দেশ

author img

By

Published : Oct 20, 2022, 10:09 AM IST

Russia Ukraine war
অতি শীঘ্ৰে ভাৰতীয়সকলক ইউক্ৰেইন এৰিবলৈ নিৰ্দেশ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে (Russia attack in Ukraine)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ চাৰিটা অঞ্চলত সামৰিক আইন ঘোষণা কৰে । এনে পৰিস্থিতিত শিক্ষাৰ্থীসহ ভাৰতীয় নাগৰিকসকলক যিমান সম্ভৱ সোনকালে ইউক্ৰেইন এৰি যাবলৈও পৰামৰ্শ দিছে ভাৰতীয় দূতাবাসে ।

নেশ্যনেল ডেস্ক,২০ অক্টোবৰ : ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ এতিয়াও অব্যাহত আছে । যাৰ পৰিণতিত ইউক্ৰেইনৰ পৰিস্থিতি দিনক দিনে চৰম পৰ্যায়লৈ গতি কৰিছে । বিশ্বৰ বিভিন্ন দেশে শান্তি আলোচনাৰ বাবে আহ্বান জনোৱাৰ পাছতো ৰাছিয়া পক্ষই আক্ৰমণ বন্ধ কৰা নাই । এনে পৰিস্থিতিত ভাৰতীয় দূতাবাসে ভাৰতীয়সকলৰ বাবে এক গুৰুত্বপূৰ্ণ পৰামৰ্শ জাৰি কৰিছে (Advisory of Indian Embassy)। ইউক্ৰেইনৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ নাগৰিকসকলক ইউক্ৰেইন ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে ভাৰতীয় দূতাবাসে । বুধবাৰে পৰামৰ্শ জাৰি কৰি দূতাবাসে ইউক্ৰেইনৰ শিক্ষাৰ্থীসহ ভাৰতীয় নাগৰিকসকলক যিমান সম্ভৱ সোনকালে ইউক্ৰেইন এৰি যাবলৈও পৰামৰ্শ দিছে (Advisory for Indian Nationals to leave Ukraine)।

উল্লেখ্য যে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ চাৰিটা অঞ্চলত সামৰিক আইন ঘোষণা কৰে (President Putin declares martial law in Ukraine)। সেই অঞ্চলবোৰ হৈছে লুহানস্ক, ডনেটস্ক, জাপোৰিজিয়া আৰু খেৰচন । এই ঠাইবোৰ ইতিমধ্যে ৰাছিয়াই অবৈধভাৱে দখল কৰিছে । সামৰিক আইন ঘোষণা কৰাৰ পাছত, ৰাছিয়াৰ সকলো অঞ্চলৰ মুৰব্বীসকলে অতিৰিক্ত জৰুৰীকালীন ক্ষমতা লাভ কৰিছে ।

ইফালে ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ এখন বৈঠকত পুটিনে কৈছিল যে ৰাছিয়ান ফেডাৰেচনৰ এই চাৰিটা অঞ্চলত সামৰিক আইন জাৰি কৰাৰ এক নিৰ্দেশনা পত্ৰত তেওঁ স্বাক্ষৰ কৰিছে । যাৰ ফলস্বৰূপে ক্ৰেমলিনে বৃহস্পতিবাৰৰ আৰম্ভণিৰ পৰা অঞ্চলসমূহত সামৰিক আইন কাৰ্যকৰী কৰা হ'ব বুলি এক নিৰ্দেশনা প্ৰকাশ কৰিছে ।

ৰাছিয়াই শেহতীয়াকৈ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰিছে । সোমবাৰে ইউক্ৰেইনৰ বহুতো চহৰত ড্ৰোণৰ জৰিয়তে আক্ৰমণ কৰা হৈছে । ইউক্ৰেইনে এই সন্দৰ্ভত কয় যে ড্ৰোণ আক্ৰমণত এগৰাকী গৰ্ভৱতী মহিলাসহ ৬ জন লোক নিহত হৈছে । ইয়াৰ পূৰ্বে ১০ অক্টোবৰত ৰাছিয়াই ইউক্ৰেইনত প্ৰায় ৮৪ টা মিছাইল নিক্ষেপ কৰিছিল । এই আক্ৰমণত ১৯ জন লোক নিহত হৈছিল ।

এনে পৰিস্থিতিত ভাৰতীয় দূতাবাসৰ পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । লক্ষণীয়ভাৱে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সময়চোৱাত বছৰৰ আৰম্ভণিতে যথেষ্ট সংখ্যক ভাৰতীয় লোকক দেশলৈ ঘূৰাই অনা হৈছিল (Indian evacuation from Ukraine)। বিশেষ বিমানৰ ব্যৱস্থা কৰি ভাৰত চৰকাৰে সেই সময়ত প্ৰায় ২০ হাজাৰ শিক্ষাৰ্থী আৰু আন ভাৰতীক দেশলৈ ঘূৰাই আনিছিল । কিন্তু এতিয়া শতাধিক শিক্ষাৰ্থী আৰু আন ভাৰতীয় ইউক্ৰেইনতে আছে । যাৰ বাবে ভাৰতীয় দূতাবাসে তেওঁলোকৰ নিৰাপত্তাৰ কথা চিন্তা কৰি এই পৰামৰ্শ জাৰি কৰিছে ।

লগতে পঢ়ক :FM Nirmala Sitharaman : ভাৰতৰ ডিজিটাইজেচনক বিশ্বৰ বাকী অংশলৈ লৈ যোৱাৰ প্ৰস্তাৱ বিশ্ব বেংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.