ETV Bharat / health

যিমান শুলেও ভাগৰ নুগুচে কিয় ? জানক ইয়াৰ কাৰণ কি হ’ব পাৰে - Sleep and tiredness

author img

By ETV Bharat Health Team

Published : May 21, 2024, 1:34 PM IST

Updated : May 21, 2024, 1:40 PM IST

Sleep and tiredness : যদি আপুনি প্ৰতিদিনে পুৱা টোপনিৰ পৰা উঠাৰ পাচতো ভাগৰুৱা অনুভৱ কৰে, তেন্তে ইয়াৰ প্ৰকৃত কাৰণ কি ? উক্ত প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

Feeling tired even after getting enough sleep? This could be the reason
যিমান শুলেও ভাগৰ নুগুচে কিয় ? ইয়াৰ কাৰণ কি হ’ব পাৰে জানেনে (FREEPIK)

আমি প্ৰায়ে শুনি আহিছো যে ৰাতি পৰ্যাপ্ত পৰিমাণে শুলে পুৱা সতেজ অনুভৱ হয় ৷ কিন্তু কিছুমান মানুহ আছে যিয়ে পুৱা উঠাৰ লগে লগে ভাগৰুৱা অনুভৱ কৰে ৷ কেতিয়াবা যদি আপুনি এনেকুৱা অনুভৱ কৰে তেন্তে ই একেবাৰে স্বাভাৱিক, কিন্তু যদি আপুনি প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাৰ পিচতো ভাগৰুৱা অনুভৱ কৰে, তেন্তে ইয়াৰ আঁৰত আন কিবা কাৰণ থাকিব পাৰে ৷

৮ ঘণ্টা টোপনি বা পৰ্যাপ্ত পৰিমাণে টোপনিৰ পিচতো এজনে কিয় ভাগৰুৱা অনুভৱ কৰে আজি জানো আহক-

পুৱা উঠাৰ পিছত কিছুমান মানুহে সতেজ অনুভৱ কৰে ৷ আনহাতে কিছুমানে এলেহুৱা হৈ থাকে ৷ কেতিয়াবা এলেহুৱা বা ভাগৰুৱা অনুভৱ হোৱাটো সাধাৰণ কথা ৷ কিছুমানে ইয়াক স্বাভাৱিক বুলি গণ্য কৰে যদিও ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে ৷

পুৱা সাৰ পোৱাৰ পিছত কিয় ভাগৰুৱা অনুভৱ হয় ?

যদি আপুনি প্ৰতিদিনে পুৱা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ কৰে, তেন্তে ই থাইৰয়ডৰ লক্ষণ হ’ব পাৰে ৷ এজন ব্যক্তিৰ থাইৰয়ড হ’লে তেওঁ সকলো সময়তে ভাগৰুৱা অনুভৱ কৰে ৷ থাইৰয়ড হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে শৰীৰৰ অন্যান্য কাম-কাজতো ব্যাঘাত জন্মে ৷ ই বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰে ৷

ইয়াৰ বাহিৰেও ডায়েবেটিছ হ’লেও আপুনি এলেহুৱা অনুভৱ কৰিব পাৰে ৷ এনে পৰিস্থিতিত যদি আপুনি সকলো সময়তে ভাগৰুৱা অনুভৱ কৰে, তেন্তে নিশ্চিতভাৱে এবাৰ চুগাৰ আৰু থাইৰয়ডৰ পৰীক্ষা কৰা উচিত ৷

অত্যধিক কেফেইন ব্যৱহাৰ কৰা

কিছুমান মানুহে পঢ়া-শুনা বা কামৰ বাবে ৰাতি দেৰিলৈকে শুই থাকে ৷ এই সময়চোৱাত তেনেলোকে নিশ্চয় চাহ বা কফি খায় ৷ শৰীৰত অত্যধিক পৰিমাণৰ কেফেইন থকাৰ বাবে সোনকালে টোপনি নাহে ৷ সেয়ে ৰাতি দেৰিকৈ শোৱা আৰু পুৱা দেৰিকৈ উঠাৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷

অত্যধিক মানসিক চাপ লোৱা

কিছুমান মানুহৰ প্ৰতিটো সৰু সৰু কথাতে মানসিক চাপ লোৱাৰ অভ্যাস থাকে ৷ বাৰে বাৰে মানসিক চাপৰ বাবে শৰীৰৰ শক্তিৰ মাত্ৰা কমি যায় ৷ ভাল টোপনি আৰু ক্লান্তিৰ পৰা আঁতৰি থাকিবলৈ মানসিক চাপৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ ৷ ইয়াৰ বাবে আপুনি ধ্যান আৰু যোগৰ সহায় ল’ব পাৰে ৷

লগতে পঢ়ক: শুবলৈ যোৱাৰ আগতে আপুনিও খায় নেকি এই খাদ্য, তেন্তে সৰ্বনাশ! - GOOD SLEEP FOOD TIPS

Last Updated : May 21, 2024, 1:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.