ETV Bharat / state

Festival of Diwali: দীপাৱলীৰ বজাৰত চাহিদা বৃদ্ধি থলুৱা মাটিৰ চাকিৰ

author img

By

Published : Oct 23, 2022, 4:48 PM IST

সন্মুখত পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022) ৷ দীপাৱলীক কেন্দ্ৰ কৰি ব্যস্ততা বাঢ়িছে ৰাজ্যবাসীৰ ৷ দীপাৱলীৰ বজাৰত থলুৱা মাটিৰ চাকিৰ চাহিদা বৃদ্ধি (Demand for earthen lamps has increased) ৷

Festival of Diwali
দীপাৱলীৰ বজাৰত চাহিদা বৃদ্ধি থলুৱা মাটিৰ চাকিৰ

গুৱাহাটী, ২৩ অক্টোবৰ : কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022) । দীপাৱলীক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে (Festival of Diwali) । ৰং-বিৰঙী আলোক সজ্জাৰে সজোৱা হৈছে ঘৰ, অনুষ্ঠান প্ৰতিষ্ঠান আদি ।

দীপাৱলীৰ বজাৰত চাহিদা বৃদ্ধি থলুৱা মাটিৰ চাকিৰ

ইয়াৰে সমান্তৰালভাৱে মহানগৰীৰ বজাৰ ভৰি পৰিছে মাটিৰ চাকি, বিভিন্ন ৰং-বিৰঙৰ লাইটেৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহৰ লগতে গুৱাহাটী মহানগৰীৰ বজাৰসমূহো আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । বিগত দুটা বছৰ ক’ভিডকালীন সময়ৰ তিক্ততা পাহৰি বজাৰসমূহত বাঢ়িছে ভিৰ ।

দীপাৱলীৰ বজাৰত পূৰ্বৰ তুলনাত চাহিদা বাঢ়িছে মাটিৰ চাকিৰ (Demand for earthen lamps has increased)।

লগতে পঢ়ক : Take decision about financial worries : দীপাৱলীৰ সময়ত কি ধৰণৰ বিত্তীয় চিন্তা কৰিব ?

বিগত দুটা বছৰৰ তুলনাত মাটিৰ চাকিৰ বিক্ৰী বৃদ্ধি পাইছে । বিজয় নগৰ ৰাজাপুখুৰীৰ পৰা ফাঁচী বজাৰলৈ অহা ব্যৱসায়ীসকলে জনোৱা মতে, বিগত দুটা বছৰৰ তুলনাত এইবাৰ চাকিৰ বিক্ৰী ভাল হৈছে । প্ৰতিগৰাকী ব্যৱসায়ীয়ে ১৫-২৫ হাজাৰ মাটিৰ চাকি লৈ এইবাৰ দীপাৱলীৰ বজাৰলৈ আহিছে ।

বিগত ১০ দিনৰ পৰা ফাঁচী বজাৰত মাটিৰ চাকি বিক্ৰী কৰি আহিছে ব্যৱসায়ীসকলে । প্ৰতি ডজন চাকি ৫০ টকাৰ পৰা ১০০ টকালৈ বিক্ৰী হৈছে । এইবাৰ বজাৰত চাকিৰ চাহিদা অনুপাতে যোগান কম । যাৰ বাবে প্ৰতি ডজন চাকিত ১০-২০ টকা পৰ্যন্ত বৃদ্ধি পাইছে ।

মাটিৰ মূল্য বৃদ্ধি হোৱাৰ লগতে আগতীয়াকৈ এইবাৰ দীপাৱলী হোৱাৰ বাবে মাটিৰ চাকি প্ৰস্তুত কৰিবলৈ সময়ৰ অভাৱ ঘটাত যোগান কম হৈছে বুলি ব্যৱসায়ী সকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক : Distribution of Earthen lights: শিৱসাগৰত ভাৰতীয় জনতা মজদুৰ সংঘৰ মাটি চাকি বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.