ETV Bharat / state

GMC scam: বোকা নিষ্কাশন কেলেংকাৰীৰ তদন্ত অভিযান অব্যাহত

author img

By

Published : Oct 23, 2022, 8:46 PM IST

গুৱাহাটী পৌৰ নিগমত সংঘটিত হৈছে কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰী (GMC fooling disposal scam) । দ্বিতীয় দিনা মহানগৰীৰ ৪ টা স্থানত মুখ্যমন্ত্ৰী তদাৰকী শাখাই অভিযান চলায় । বৰ্তমানো পলাতক নিগমৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা আৰু কাৰ্যবাহী অভি়যন্তা ।

GMC scam
বোকা নিষ্কাষণ কেলেংকাৰীৰ অভিযান অব্যাহত

গুৱাহাটী, ২৩ অক্টোবৰ: গুৱাহাটী পৌৰ নিগমত সংঘটিত কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰীৰ তদন্ত অভিযান অব্যাহত আছে । দ্বিতীয় দিনাও অব্যাহত আছে মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ (CM Vigilance) অভিযান । দ্বিতীয় দিনা মহানগৰীৰ ৪ টা স্থানত মুখ্যমন্ত্ৰী তদাৰকী শাখাই অভিযান চলায় । মহানগৰীৰ সাওকুছি ,ভৰলুমুখ ,গান্ধীবস্তি,দক্ষিণ শৰণীয়াত অভিযান চলায় । গান্ধীবস্তিৰ শুভম ইলাইটৰ বাবুলাল শৰ্মাৰ বাসগৃহ,দক্ষিণ শৰণীয়াত অভিযন্তা চিত্তৰঞ্জন দত্ত,শংকৰ মেধিৰ ঘৰত অভিযান চলায় । এই অভিযানত জব্দ বহু গুৰুত্বপূৰ্ণ নথি -পত্ৰ ।

বোকা নিষ্কাশন কেলেংকাৰীৰ অভিযান অব্যাহত

আনহাতে, নলবাৰীত আত্মগোপন কৰি থকা অৱস্থাত নিশা গ্ৰেপ্তাৰ কৰে চাৰ্টাৰ্ড একাউন্টেন (CA) অভিমন্যু মেধীক । শনিবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই জি এম চিৰ স্বচ্ছতা বিষয়া আছিফ আহমেদৰ ছয়মাইলস্থিত ঘৰ, পাঞ্জাবাৰীৰ এলেন বেগমৰ বাসগৃহ মঞ্জুশ্ৰী এপাৰ্টমেন্ট, বেলতলাৰ নতুন বজাৰস্থিত দিনচান গ্ল'বেল ভেন্সাৰ প্ৰাইভেট লিমিটেডৰ কাৰ্যালয় আৰু দিনচান গ্লবেল ভেন্সাৰ প্ৰাইভেটৰ সঞ্চালক দীনেশ জয়ছোৱাল ঘৰতো অভিযান চলাইছিল ।

উল্লেখ্য যে চলিত বৰ্ষত বোকা আঁতৰোৱা কামৰ প্ৰায় ২ কোটি ২১ লাখ ৬৪ হাজাৰ টকাৰ আন এখন বিলৰ ধন মোকলাই দিবলৈ পৌৰ নিগমৰ আয়ুক্তলৈ এইগৰাকী ঘোচখোৰ বিষয়াই নথি-পত্ৰ প্ৰেৰণ কৰে (GMC crores scam) । এই নথি-পত্ৰ পুনৰীক্ষণ কৰি অন্তিমটো মোহৰ মাৰিছিল পৌৰ নিগমৰ বিশেষ কৰ্তব্যৰত বিষয়া বাবুলাল শর্মাই । পিছে নথি-পত্ৰ চাই পৌৰ নিগমৰ তদানীন্তন আয়ুক্ত দেৱাশিস শৰ্মাৰ সন্দেহ ওপজাত লগে লগে তেওঁ ২ কোটি ২১ লাখ ৬৪ হাজাৰ টকাৰ কাম-কাজৰ তদন্ত কৰিবলৈ পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক নিৰ্দেশ দিয়ে (GMC Commissioner) ।

এই নিৰ্দেশৰ ভিত্তিতে পংকজ চক্ৰৱৰ্তীয়ে তদন্ত আৰম্ভ কৰে । যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ তদন্ত প্ৰতিবেদনত পোহৰলৈ আহে ভুৱা বিল দি গুৱাহাটী পৌৰ নিগমৰ বিষয়াকেইজনে কোটি কোটি টকা আত্মসাত কৰাৰ ঘটনা (GMC Joint Commissioner) । পৰৱৰ্তী সময়ত পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত এজাহাৰ দিয়ে ।

উক্ত এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৪/২০২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ পিছতে জি এম চিৰ বিষয়াসহ ৮ জন লোকক গ্ৰেপ্তাৰ কৰে (GMC officials embezzled crores of rupees)। আনহাতে, বৰ্তমানো পলাতক হৈ আছে গুৱাহাটী পৌৰ নিগমৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমান, কাৰ্যবাহী অভি়যন্তা সীমান্ত জ্যোতি বৰুৱা আৰু ঠিকাদাৰ মিঠু আগৰৱালা ।

লগতে পঢ়ক:GMC Scam : জিএমচিৰ কোটিটকীয়া কেলেংকাৰীৰ ৮ অভিযুক্তক ৫ দিনৰ CM Vigilance-ৰ জিম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.