ETV Bharat / state

GMC Scam : জিএমচিৰ কোটিটকীয়া কেলেংকাৰীৰ ৮ অভিযুক্তক ৫ দিনৰ CM Vigilance-ৰ জিম্মা

author img

By

Published : Oct 21, 2022, 6:43 PM IST

Updated : Oct 21, 2022, 7:39 PM IST

GMC
GMC

জি এম চিৰ কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰী (GMC fooling disposal scam) । CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে অভিযন্তা, OSD সহ ৮ জনকৈ ব্যক্তিক ।

গুৱাহাটী, ২১ অক্টোবৰ : গুৱাহাটী পৌৰ নিগমত সংঘটিত কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰীত (GMC fooling disposal scam) মুখ্যমন্ত্ৰী তদাৰকী শাখাই (CM Vigilance) গ্ৰেপ্তাৰ কৰা অভিযন্তা, OSD সহ ৮জনকৈ ব্যক্তিক (CM Vigilance arrested 8 persons in GMC scam) ৫ দিনৰ বাবে CM Vigilance-ৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

জিএমচিৰ বিশেষ কৰ্তব্যৰত বিষয়া (OSD) বাবুলাল শৰ্মা, স্বচ্ছতা বিষয়া আছিফ আহমেদ, ১নং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শংকৰ মেধি, ২নং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ৰমাকান্ত শইকীয়া, ৩নং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা এলিন বেগম, ৪ নং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা চিত্তৰঞ্জন দত্ত, ৫ নং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিৰণ্য বৰ্মন আৰু ডিনছান গ্লোবেল ভেন্সাৰ প্ৰাইভেট লিমিটেডৰ (Dinsan Global Pvt Ltd) সঞ্চালক দীনেশ জয়ছোৱালক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় ।

জিএমচিৰ কোটিটকীয়া কেলেংকাৰীৰ ৮ অভিযুক্তক ৫ দিনৰ CM Vigilance-ৰ জিম্মাত

আনহাতে, পলাতক হৈ আছে অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমান । উল্লেখ্য যে বিগত ২০২১ বৰ্ষত নলাৰ বোকা আঁতৰোৱা কাম চোৱাচিতাৰ সম্পূৰ্ণ দায়িত্ব লাভ কৰিছিল পৌৰনিগমৰ স্বচ্ছতা বিষয়া হিচাপে দায়িত্ব লাভ কৰা আছিফ আহমেদে । তাৰ পিছতে এই বিষয়াজনৰ নেতৃত্বত বিগত বৰ্ষৰ ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হয় নলাৰ পলস-বোকা আঁতৰোৱাৰ কাম ।

এনেদৰে বিগত সময়ছোৱাত নলাৰ বোকা আঁতৰোৱাৰ নামত পৌৰ নিগমে মোকলাই দিয়ে প্রায় ১৮ কোটি টকা । চলিত বৰ্ষত বোকা আঁতৰোৱা কামৰ প্ৰায় ২ কোটি ২১ লাখ ৬৪ হাজাৰ টকাৰ আন এখন বিলৰ ধন মোকলাই দিবলৈ পৌৰ নিগমৰ আয়ুক্তলৈ এইগৰাকী ঘোচখোৰ বিষয়াই নথি-পত্ৰ প্ৰেৰণ কৰে (GMC 20 crores scam) ।

এই নথি-পত্ৰ পুনৰীক্ষণ কৰি অন্তিমটো মোহৰ মাৰিছিল পৌৰ নিগমৰ বিশেষ কৰ্তব্যৰত বিষয়া বাবুলাল শর্মাই । পিছে নথি-পত্ৰ চাই পৌৰ নিগমৰ তদানীন্তন আয়ুক্ত দেৱাশিস শৰ্মাৰ সন্দেহ ওপজাত লগে লগে তেওঁ ২ কোটি ২১ লাখ ৬৪ হাজাৰ টকাৰ কাম-কাজৰ তদন্ত কৰিবলৈ পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক নিৰ্দেশ দিয়ে (GMC Commissioner) ।

এই নিৰ্দেশৰ ভিত্তিতে পংকজ চক্ৰৱৰ্তীয়ে তদন্ত আৰম্ভ কৰে । যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ তদন্ত প্ৰতিবেদনত পোহৰলৈ আহে ভুৱা বিল দি গুৱাহাটী পৌৰ নিগমৰ বিষয়াকেইজনে কোটি কোটি টকা আত্মসাতৰ ঘটনা (GMC Joint Commissioner) । পৰৱৰ্তী সময়ত পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্ত প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত এজাহাৰ দিয়ে ।

উক্ত এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৪/২০২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ পিছতে আজি জি এম চিৰ বিষয়াসহ ৮ জন লোকক গ্ৰেপ্তাৰ কৰে (GMC officials embezzled crores of rupees) ।

লগতে পঢ়ক :Raid in DTO House: ডিব্ৰুগড় জিলা পৰিবহন বিষয়া বাসগৃহৰগৃ পৰা লাখ লাখ টকা জব

Last Updated :Oct 21, 2022, 7:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.