Hajj pilgrims 2022: ডিঙিত অসমীয়াৰ স্বভিমান গামোচা লৈ পবিত্ৰ মক্কালৈ ৰাওনা হজযাত্ৰী

By

Published : Oct 24, 2022, 11:45 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

ছৌদি আৰৱৰ অতি পবিত্ৰ তীৰ্থস্থান হজ, মক্কা আৰু মদিনা দৰ্শন কৰি জীৱন ধন্য কৰিবলৈ পোৱাটোৱেই মুছলমান সম্প্ৰদায়ৰ প্ৰতিগৰাকী লোকৰ বাবে পৰম সৌভাগ্যৰ বিষয় বুলি গণ্য কৰা হয় (Hajj pilgrims 2022)। এই পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰিবলৈ প্ৰতিবছৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকে ভৰি পৰে ছৌদি আৰৱ ৷ কিন্তু মহামাৰী ক’ভিড-১৯ ৰ প্ৰাদূৰ্ভাৱৰ বাবে বিগত দুটা বছৰ হজ যাত্ৰা বাতিল কৰিবলগীয়া এক অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হৈছিল । এইবাৰ ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত ছৌদি আৰৱ প্ৰশাসনে দেশী-বিদেশী লোকৰ বাবে হজযাত্ৰা মুকলি কৰি দিছে । ইয়াক লৈ যথেষ্ট উৎসাহী অসম তথা দেশৰ মুছলাম ধৰ্মাৱলম্বী লোকসকল । দুবছৰৰ প্ৰতীক্ষাৰ অন্তত তেওঁলোক সাজু হৈছে হজযাত্ৰালৈ । আজি ডিব্ৰুগড় বিমানবন্দৰৰ পৰা উজনি অসমৰ ২১ গৰাকী মুছলমান ধৰ্মাৱলম্বী লোক হজযাত্ৰালৈ ৰাওনা হৈছে । পবিত্ৰ তীৰ্থস্থান মক্কাত প্ৰায় ১৫ দিন কটোৱাৰ পিছত নিজ ৰাজ্যলৈ পুনৰ উভতিব হজ যাত্ৰীসকল । ডিঙিত অসমীয়া ফুলাম গামোচা লৈ ৰাওনা হোৱা এইসকল হজযাত্ৰীক শুভেচ্ছা জনোৱা দেখা গ'ল বিভিন্ন অনুষ্ঠানে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.