ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 25, 2022, 11:10 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

আৰম্ভ হ’ল 68 সংখ্যক বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে 68 সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট (68th Bordoloi Trophy football)। কৰৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে চাৰিটাকৈ দলে ৷ এইবাৰ বৰদলৈ ট্ৰফীত 16 টা দলে অংশ গ্ৰহণ কৰিছে ৷

জল জীৱন মিছনৰ জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ পদত IITG ৰ অধ্যাপকক নিযুক্তি

জল শক্তি মন্ত্ৰালয়ৰ দ্বাৰা 'জল জীৱন মিছন' আঁচনিৰ জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ হিচাপে আই আই টি গুৱাহাটীৰ অধ্যাপক মিহিৰ কুমাৰ পুৰকাইতক নিযুক্তি ৷ পুৰকাইত আই আই টি গুৱাহাটীৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক (IIT Guwahati professor appointed as chairman of Jal Jeevan Mission) ৷

শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব যোগী আদিত্যনাথে

একেৰাহে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত যোগী আদিত্যনাথ (Yogi Adityanath to take oath as Uttar Pradesh CM)। শুকুৰবাৰে লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন । প্ৰধানমন্ত্ৰীকে ধৰি দলৰ জ্যেষ্ঠ নেতা আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত ।

Bokajan Encounter : আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

পুনৰ অসম আৰক্ষী এনকাউন্টাৰ ৷ এইবাৰ কাৰ্বি আংলং জিলাৰ সীমান্তত চলিল আৰক্ষীৰ এনকাউন্টাৰ(Assam police encounter at Bokajan) ৷ আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰী ৷ পলায়নৰ চেষ্টা কৰোঁতেই গুলী চালনা কৰে আৰক্ষীয়ে ৷

যোৰহাটত আৰক্ষীয়ে পুনৰ উদ্ধাৰ কৰিলে ড্ৰাগছ

যোৰহাটৰ ফাঁচিআলিত ড্ৰাগছ উদ্ধাৰ (Drugs seized in Jorhat) । নিশাৰ অভিযানত উদ্ধাৰ বহু পৰিমাণৰ সন্দেহ জনক ড্ৰাগছ । এই অভিযান কালত ৩৬.৭৪ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে । ইতিমধ্যে আৰক্ষী যোৱাৰ সম্ভেদ পাই ইয়াৰ সৈতে জড়িত হোৱাৰ অভিযুক্ত নিৰঞ্জন নামৰ ব্যক্তিগৰাকী পলায়ন কৰে (Drugs peddler escped) যদিও আৰক্ষীয়ে আটক জৰে নিৰঞ্জনৰ পত্নীক ।

৮০ বছৰীয়া অক্ষম নাগা মহিলাক গুৱাহাটীৰ বিমানবন্দৰত কাপোৰ খুলি অপমান

বৃহস্পতিবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এগৰাকী 80 বছৰীয়া বৃদ্ধ নগা মহিলাক বিমানবন্দৰত কৰ্মৰত CISF ৰ জোৱানে কাপোৰ খুলি নগ্ন কৰা ঘটনাই সম্প্ৰতি সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (CISF forces Naga woman to strip at airport) ।

মুখ্যমন্ত্রীক ভূয়সী প্ৰশংস‍া বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বর্গীয়ৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত সমগ্ৰ দেশত আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমত সর্বাংগীন উন্নয়নৰ এক জোৱাৰ সৃষ্টি হৈছে আৰু এই কথা সমাজৰ প্ৰতিজন সন্মানীয়নাগৰিকৰ দৃষ্টিগােচৰ হৈছে, এই দাবী বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বর্গীয়ৰ (BJP national GS Kailash Vijayvargiya) ৷

পৰিষদৰ নিৰ্বাচনত আটাইকেইখন আসনতে জয়ী হʼব বিজেপি : মুখ্যমন্ত্ৰী

23 মাৰ্চৰ পৰা 26 মাৰ্চলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হোৱা কাৰ্বি লাম্মেত আমেইত অংশগ্ৰহণৰ বাবে বৃহস্পতিবাৰে কাৰ্বি আংলঙত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM at Karbi Lammet Amei event) ৷ ইফালে, অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম কাৰ্বি আংলং জিলাৰ কাৰ্যালয় মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (BJP office Inauguration by Assam CM) ৷

কাৰ্বিসকলক ভৰিৰ তলৰ মাটি এৰি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

কাৰ্বি সাহিত্য বন্ধনাৰে ডংকামোকামত অনুষ্ঠিত হৈছে কাৰ্বি লামেত আমেইৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন (Assam CM at Karbi Lammet Amei event) ৷ এই অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি সকলক ভৰিৰ তলৰ মাটি এৰি নিদিবলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

অসম চুক্তি, NRC প্ৰসংগ : আছুৰে বৈঠক কেবিনেট উপ-সমিতিৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, আধাৰ কাৰ্ড আৰু অসম চুক্তি কাৰ্যকৰীকৰণ(Implementation of Clauses of Assam Accord) প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Students' Union) লগতে ২৭ টাকৈ সংগঠনৰ সৈতে আলোচনাত মিলিত কেবিনেট উপ-সমিতি । অসম চুক্তিৰ আটাইকেইটা দফা কাৰ্যকৰীকৰণৰ বিষয়ে আছুৰ নেতৃবৃন্দৰ সৈতে সুকীয়াকৈ আলোচনাত বহে মন্ত্ৰী অতুল বৰা আৰু পীযুষ হাজৰিকা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.