ETV Bharat / state

Bokajan Encounter : আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Mar 25, 2022, 7:58 AM IST

Updated : Mar 25, 2022, 1:19 PM IST

Bokajan Encounter
আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

পুনৰ অসম আৰক্ষী এনকাউন্টাৰ ৷ এইবাৰ কাৰ্বি আংলং জিলাৰ সীমান্তত চলিল আৰক্ষীৰ এনকাউন্টাৰ(Assam police encounter at Bokajan) ৷ আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰী ৷ পলায়নৰ চেষ্টা কৰোঁতেই গুলী চালনা কৰে আৰক্ষীয়ে ৷

ডিফু, 25 মাৰ্চ : অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ বোকাজানত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ গুলিত আহয় হয় এটা ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler injured in police encounter) ৷ বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হে’ৰইনসহ আটক কৰিছিল সৰবৰাহকাৰীটোক(Huge consignment of drugs Seized in Bokajan) ৷

খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰা, বোকাজান ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্ম, উপ পৰিদৰ্শকদ্বয় ৰাজীৱ বৰুৱা আৰু নিতুল শইকীয়াৰ সহযোগত আৰক্ষীৰ এটা দলে গোপন সূত্ৰ ভিত্তিত বোকাজান মহকুমাৰ খটখটীত চলাইছিল এই অভিযান ৷ আৰক্ষীৰ দলটোৱে তালাচী কালত নাকা তালাচী পইণ্টেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত সৰবৰাহকাৰীটোৰ কেৰি বেগৰ পৰা 40 টা চাবোনৰ বাকচৰ ভিতৰত উদ্ধাৰ কৰিছিল প্ৰায় আধা কেজি হে’ৰইন ৷

Bokajan Encounter
আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

লগে লগে আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী বিমল পালক ৷ ধৃত বিমলৰ ঘৰ বোকাজান মহকুমাৰ অন্তৰ্গত শুকানজানত ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি ড্ৰাগছ সৰবৰাহকাৰী বিমল পালে প্ৰাথমিক জেৰাত ড্ৰাগছখিনি বোকাজান থানা এলেকাৰ শুকানজানত এজনক দিয়াৰ বাবে অনাৰ কথা স্বীকাৰ কৰিছিল ৷ সেইমৰ্মে আৰক্ষীয়ে খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিমল পালকলৈ শুকানজান এলেকাত গাড়ীৰে যাবলৈ ৰাওনা হয় ৷

আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

উক্ত সময়তে বিমল পালে উপ পৰিদৰ্শক নিতুল শইকীয়াক আক্ৰমণ কৰি বলপূৰ্বক গাড়ীৰ পৰা নামি পলায়নৰ চেষ্টা কৰে ৷ উপ পৰিদৰ্শক নিতুল শইকীয়াই সৰবৰাহকাৰী বিমল পালক ৰখাব খোজে যদিও বিমল পালে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি পলাবলৈ ধৰে ৷ ফলত আৰক্ষীয়ে বিমল পালক ৰখাবলৈ শূন্যলৈ লক্ষ্য কৰি এজাই গুলিচালনা কৰে যদিও বিমল পাল নৰখাত আৰক্ষীয়ে তেওঁৰ ভৰিলৈ লক্ষ্য কৰি গুলি কৰিবলৈ বাধ্য হয় ৷ আঘাতপ্ৰাপ্ত বিমল পালক চিকিৎসাৰ বাবে লগে লগে বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

আনহাতে উপ পৰিদৰ্শক নিতুল শইকীয়াকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ বোকাজানত ড্ৰাগছ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰক্ষী অধীক্ষক ভাস্কৰজ্যোতি মহন্তই ৷ তেওঁ কয় যে, টেম্পু, ট্ৰাক, বাছ আনকি জলপথেৰেও ড্ৰাগছ সৰবৰাহ কৰি বিফল হোৱাত এইবাৰ খোজকাঢ়ি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাইছে সৰবৰাহকাৰীয়ে ৷

লগতে পঢ়ক : Bongaigaon Encounter : আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী

Last Updated :Mar 25, 2022, 1:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.