জল জীৱন মিছনৰ জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ পদত IITG ৰ অধ্যাপকক নিযুক্তি

author img

By

Published : Mar 25, 2022, 10:17 AM IST

chairman of Jal Jeevan Mission

জল শক্তি মন্ত্ৰালয়ৰ দ্বাৰা 'জল জীৱন মিছন' আঁচনিৰ জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ হিচাপে আই আই টি গুৱাহাটীৰ অধ্যাপক মিহিৰ কুমাৰ পুৰকাইতক নিযুক্তি ৷ পুৰকাইত আই আই টি গুৱাহাটীৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক (IIT Guwahati professor appointed as chairman of Jal Jeevan Mission) ৷

গুৱাহাটী, 25 মাৰ্চ: আই আই টি গুৱাহাটীৰ অধ্যাপক মিহিৰ কুমাৰ পুৰকাইতক 'জল জীৱন মিছন' আঁচনিৰ জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে (New Chairman of Jal Jeevan Mission)। জল শক্তি মন্ত্ৰালয়ৰ দ্বাৰা 'জল জীৱন মিছন' আঁচনিৰ জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱা মিহিৰ কুমাৰ পুৰকাইত আই আই টি গুৱাহাটীৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক (IIT Guwahati professor appointed as chairman of Jal Jeevan Mission) ৷ তেওঁ গ্ৰাম্য খোৱা পানী আৰু অনাময় খণ্ডত উচ্চ মানদণ্ডৰ অভিজ্ঞতামূলক আৰু প্ৰয়োগযোগ্য গৱেষণা কৰাৰ লগতে নীতি-নিৰ্দেশনা প্ৰদান কৰিব আৰু ৰাজ্য চৰকাৰৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিব ।

'জল জীৱন মিছন' আঁচনিৰ জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ হিচাপে অধ্যাপকগৰকীৰ কাৰ্যকাল হ'ব পাঁচ বছৰ । অধ্যাপক মিহিৰ কুমাৰ পুৰকাইতে পানী আৰু বৰ্জিত পানী পৰিশোধন প্ৰযুক্তিৰ সম্পৰ্কত ইতিমধ্যে বিশেষ কৃতিত্ব লাভ কৰিছে । জল শক্তি মন্ত্ৰালয়ে অধ্যাপক মিহিৰ কুমাৰ পুৰকাইতক 'জল জীৱন মিছন' আঁচনিৰ জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বাবে আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীথাৰামে আনন্দ প্ৰকাশ কৰে ৷

তেওঁ কয় যে, অধ্যাপক মিহিৰ কুমাৰ পুৰকাইতে ৰাজ্যিক পানী আৰু অনাময়, গ্ৰাম্য পানী যোগান, পিএইচই বিভাগ আৰু ৰাজ্য আৰু জিলা পানী আৰু অনাময় অভিযানৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিব । লগতে এই ক্ষেত্ৰত শৈক্ষিক কাৰ্যসূচী, শৈক্ষিক কাৰ্যকলাপ, প্ৰতিষ্ঠানটোৰ গৱেষণা ৰক্ষা ক্ষেত্ৰসমূহৰ মাজত ভাৰসাম্য বজাই ৰখাৰ ওপৰত গুৰুত্ব দিব ।

আই আই টি গুৱাহাটীৰ ৰাসায়নিক আভিযান্ত্ৰিক বিভাগৰ অধ্যাপক মিহিৰ কুমাৰ পুৰকাইতে কয় যে, জল শক্তি মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহে নিশ্চিতভাৱে ৰাজ্যিক পানী আৰু অনাময়, জে জে এম, গ্ৰাম্য পানী যোগান, পি এইচ ই ডি, পি এন আৰ ডি, ৰাজ্যিক আৰু জিলা পানী বিভাগৰ সৈতে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজৰ ব্যৱধান দূৰ কৰিব ।

উল্লেখ্য জল জীৱন মিছনৰ উদ্দেশ্য আৰু অগ্ৰাধিকাৰৰ সৈতে সংযোজিত গ্ৰাম্য খোৱা পানী খণ্ডত উচ্চ মানদণ্ডৰ অভিজ্ঞতামূলক আৰু প্ৰয়োগযোগ্য গৱেষণা কৰাৰ বাবেও অধ্যক্ষ দায়বদ্ধ হ'ব । অধ্যাপক মিহিৰ কুমাৰ পুৰকাইতে জল শক্তি মন্ত্ৰালয়ক 'জল জীৱন মিছন' আঁচনিৰ নীতি বা প্ৰযুক্তিৰ ক্ষেত্ৰত পৰামৰ্শদাতা হিচাপে কাম কৰিব আৰু বিশেষকৈ গ্ৰাম্য পানী যোগান খণ্ডত এক থিংক-টেংক হিচাপে কাম কৰিব ।
লগতে পঢ়ক : ৮০ বছৰীয়া অক্ষম নাগা মহিলাক গুৱাহাটীৰ বিমানবন্দৰত কাপোৰ খুলি অপমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.