৮০ বছৰীয়া অক্ষম নাগা মহিলাক গুৱাহাটীৰ বিমানবন্দৰত কাপোৰ খুলি অপমান

author img

By

Published : Mar 24, 2022, 9:13 PM IST

cisf-forces-80-year-old-disabled-naga-woman-to-strip-naked-at-guwahati-airport

বৃহস্পতিবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এগৰাকী 80 বছৰীয়া বৃদ্ধ নগা মহিলাক বিমানবন্দৰত কৰ্মৰত CISF ৰ জোৱানে কাপোৰ খুলি নগ্ন কৰা ঘটনাই সম্প্ৰতি সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (CISF forces Naga woman to strip at airport) ।

গুৱাহাটী, 24 মাৰ্চ : গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Lokpriya Gopinath Bordoloi International airport) ত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ৷ বিমানবন্দৰত নিৰাপত্তাৰ নামত এগৰাকী 80 বছৰীয়া বৃদ্ধ নগা মহিলাক বিমানবন্দৰত কৰ্মৰত CISF ৰ জোৱানে অপমান তথা দুব্যৱহাৰ কৰা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

নিৰাপত্তাৰ নামত অশীতপৰ নগা মহিলাগৰাকীক বৃহস্পতিবাৰে বিমানবন্দৰত কাপোৰ খুলি নগ্ন কৰা ঘটনাটো বৃদ্ধ মহিলাগৰাকীৰ কন্যাই ছচিয়েল মিডিয়াৰ জৰিয়তে পোহৰলৈ অনাৰ পিছত ঘটনাটোয়ে সৰ্বত্ৰে নিন্দিত হোৱা দেখা গৈছে । জানিব পৰা মতে, মহিলাগৰাকীৰ কন্যা নাগালেণ্ডৰ এগৰাকী প্ৰশংসিত নৃতত্ত্ববিদ ।

মহিলাগৰাকীৰ কন্যাই টুইটাৰত টুইট কৰা মতে, নিৰাপত্তাৰ বিমানবন্দৰত কৰ্মৰত CISF ৰ জোৱানৰ দ্বাৰা মহিলাগৰাকীক অন্তৰ্বাস আৰু ডায়েপাৰকে ধৰি সকলো কাপোৰ খুলিবলৈ বাধ্য কৰা হৈছিল ।

মহিলাগৰাকীয়ে বহু অনুৰোধ কৰাৰ পিছতো কোনো তেওঁৰ কথাত গুৰুত্ব নিদি নিতম্বত স্থাপন কৰা ধাতুৰ প্লেটখন পৰীক্ষা কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে অন্তৰ্বাস আৰু ডায়েপাৰ খুলিবলৈ বাধ্য কৰিছিল (Naga Woman Strip Searched at Guwahati airport) । এই ঘটনাটোত নিৰাপত্তাৰক্ষীয়ে মহিলাগৰাকীৰ নাতি-নাতিনীকো হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

এই অশীতপৰ অসুস্থ মহিলাগৰাকীক অপমানিত আৰু ৰ্দুব্যৱহাৰৰ বাবে মহিলাগৰাকীৰ কন্যাই ন্যায়ৰ দাবী কৰিছে । উল্লেখ্য যে, এই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষী প্ৰশাসন আৰু বিমানবন্দৰ কতৃপক্ষই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক : অসম চুক্তি, NRC প্ৰসংগ : আছুৰে বৈঠক কেবিনেট উপ-সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.