ETV Bharat / state

কাৰ্বিসকলক ভৰিৰ তলৰ মাটি এৰি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 24, 2022, 9:03 PM IST

কাৰ্বি সাহিত্য বন্ধনাৰে ডংকামোকামত অনুষ্ঠিত হৈছে কাৰ্বি লামেত আমেইৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন (Assam CM at Karbi Lammet Amei event) ৷ এই অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি সকলক ভৰিৰ তলৰ মাটি এৰি নিদিবলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

cm-himanta-biswa-sarma-at-annual-conference-of-karbi-lammet-amei
কাৰ্বিসকলক ভৰিৰ তলৰ মাটি এৰি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ডিফু, 24 মাৰ্চ : বিগত 23 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডংকামোকামৰ ডংকা চাৰ্প অনুষ্ঠিত হৈছে কাৰ্বি লামেত আমেইৰ 30 সংখ্যক বাৰ্ষিক অধিৱেশন (Annual conference of Karbi Lammet Amei) ৷ বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত কাৰ্বি লামেত আমেইৰ পতাকা উত্তোলন কৰে সভাপতি হুকুৰছিং ৰংপীয়ে ।

কাৰ্বিসকলক ভৰিৰ তলৰ মাটি এৰি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ইয়াৰ পিছতে মাংগলিক ৰীতি-নীতি অনুসৰি ভগৱান ডংকা চাৰ্পক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে কাৰ্বি সকলৰ ধৰ্মীয় পুজাৰীসকলে । এই অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM at Karbi Lammet Amei event) ৷ " চিৰ চেনেহী মোৰ ভাষা জননী’’ ৰে অনুষ্ঠানটোত ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে অসমীয়া ভাষাৰ লগতে কাৰ্বি ভাষাত ইয়াক অনুবাদ কৰি ভাষণ প্ৰদান কৰে ৷

ভাষণৰ প্ৰথমতে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্বি ভাষা- সাহিত্যিৰ হকে প্ৰাণ আহুতি দিয়া সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে কাৰ্বি ভাষা - সাহিত্যৰ উন্নয়নৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰি 85 বছৰীয়া কাৰ্বি সাহিত্যক আজিও উজ্বলি আছে বুলি উল্লেখ কৰি নৱ প্ৰজন্মৰ মাজত সাহিত্য চৰ্চা বাঢ়িছে বাবেই ই সম্ভৱ হৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কাৰ্বি সকলৰ সুপ্ৰাচীন প্ৰজ্ঞা অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৈতে অমূল্য সম্পদ হিচাপে পৰিগণিত কৰিব পাৰি । কাৰ্বি লামেত আমেই সুদীৰ্ঘ চাৰিটা দশক ধৰি কাৰ্বি সাহিত্য সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা আৰু চহকী কৰি আহিছে ।

মুখ্যমন্ত্ৰীয়ে কাৰ্বি জনগোষ্ঠীক উদ্দেশ্য কৰি নিজৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ উপৰি নিজ ভৰিৰ তলৰ মাটি কেতিয়াও এৰি নিদিয়াৰ সংকল্প ল'বলৈ আহ্বান জনায় । কাৰ্বি লামেত আমেইয়ে কাৰ্বি ভাষা সংস্কৃতি জীয়াই ৰাখিবলৈ জন্ম লাভ কৰিছে বুলি ভাষণত উল্লেখ কৰি কাৰ্বি ভাষা প্ৰাথমিক বিদ্যালয়ত এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাত কাৰ্বি লামেত আমেইৰ অৱদান আছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বৈঠালাংছʼ টিকা পাহাৰৰ ছেমছন ইংতি আৰু বাছাপী ইংতিপীয়ে কাৰ্বি জাতিৰ ভাষা সাহিত্যক পাঠ্যক্ৰম হিচাপে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে কাৰ্বি ভাষা সাহিত্য সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰা লংকাম তেৰনৰ লগতে বংলং তেৰাঙ আৰু আন সাহিত্যিক সকলৰ নাম ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

কাৰ্বি সমাজৰ প্ৰেৰণাৰ উৎস পদ্মশ্ৰী ৰংবং তেৰাঙৰ সাহিত্যত তেওঁৰ বৃহৎ অৱদানৰ কথাও বিষয়ে বিষদভাৱে ভাষণত সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰোপৰি অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে কাৰ্বি ভাষা থলুৱা বা ভাৰতীয় লিপি ব্যৱহাৰ কৰিবলৈ কাৰ্বি লামেত আমেইক মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে । অসমত ৩ হাজাৰ হিল্চ ট্ৰাইবৰ পদ খালি হৈ আছে বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কাৰ্বি সকলে বৈঠালাংছʼৰ পৰা বোকাজানলৈ নিজকে আৱদ্ধ নাৰাখি অসমীয়াকে আদি কৰি সকলো ভাষা শিকি নিজকে কাৰ্বি আংলঙৰ বাহিৰলৈ ওলাই গৈ চাকৰিত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখযোগ্য যে, এই সভাৰ অন্তত বিয়লি ৩ বজাৰ পৰা এক গাম্ভীৰ্যপূৰ্ণ সাহিত্য অনুষ্ঠান অনুষ্ঠিত কৰা হয় । কাৰ্বি সকলৰ এক পুৰণি সংস্কৃতি সহস্ৰ বছৰ ধৰি অটব্য অৰণ্যত থাকিও নিজৰ ভাষা, কলা কৃষ্টি সংস্কৃতিত জীয়াই ৰখা কাৰ্যক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : Karbi Sahitya Sabha: ডংকামোকামৰ ডংকাচাৰপʼত কাৰ্বি সাহিত্য সভা আয়োজনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.