ETV Bharat / bharat

শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব যোগী আদিত্যনাথে

author img

By

Published : Mar 25, 2022, 10:43 AM IST

একেৰাহে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত যোগী আদিত্যনাথ (Yogi Adityanath to take oath as Uttar Pradesh CM)। শুকুৰবাৰে লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন । প্ৰধানমন্ত্ৰীকে ধৰি দলৰ জ্যেষ্ঠ নেতা আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত ।

Yogi
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব যোগী আদিত্যনাথে

নেশ্যনেল ডেস্ক,২৫ মাৰ্চ : দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব যোগী আদিত্যনাথ । মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে সজাই পৰাই তোলা হৈছে লক্ষ্ণৌৰ একানা ষ্টেডিয়াম । শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ, বিভিন্ন ৰাজ্যৰ বিজেপিৰ মুখ্যমন্ত্ৰীসকল আৰু জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব যোগী আদিত্যনাথে (Yogi Adityanath to take oath as Uttar Pradesh CM )।

সূত্ৰৰ পৰা জানিব পৰা মতে শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় ৮৫ হাজাৰ লোকে অংশগ্ৰহণ কৰিব (Oath taking ceremony of Yogi Aditya Nath)। যাৰ বাবে বিশাল মঞ্চ স্থাপন কৰা হৈছে । লগতে 'নতুন ভাৰতৰ নতুন উত্তৰ প্ৰদেশ' শ্ল'গানেৰে চাৰিওফালে পোষ্টাৰ লগোৱা হৈছে । ইফালে উত্তৰ প্ৰদেশৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিব ।

২০১৭ চনত বিধানসভা নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ সময়ত এগৰাকী ভাৰতীয় হিন্দুত্ববাদী নেতা হিচাপে যোগী আদিত্যনাথ যথেষ্ট জনপ্ৰিয় আছিল । পাঁচবাৰৰ লোকসভাৰ সাংসদ যোগীক বিজেপি নেতৃত্বই উত্তৰ প্ৰদেশৰ দায়িত্ব প্ৰদান কৰিছিল । যোগী আদিত্যনাথে যোৱা পাঁচ বছৰত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ উন্নতিৰ সৈতে এখন শক্তিশালী চৰকাৰ গঠন কৰাত বিশেষ গুৰুত্ব দিছিল ।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰীয়ে যোগী আদিত্যনাথৰ কামক যথেষ্ট প্ৰশংসা কৰিছিল আৰু তেওঁৰ "ইউপি প্লাছ যোগী বহুত হে উপয়োগী" শ্ল'গান যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল । যোগী আদিত্যনাথে বিধানসভা নিৰ্বাচনত গোৰখপুৰ সদৰ আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আৰু বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ।

ইফালে উত্তৰ প্ৰদেশ নিৰ্বাচনত বিজেপিয়ে অভিলেখ সৃষ্টি কৰিছিল । বিজেপিয়ে ২৫৫ খন আসন লাভ কৰিছে । ইফালে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰাৰ লগতে তেওঁৰ দ্বিতীয় কাৰ্যকালত ৰাজ্যখনৰ উন্নয়নত আৰু অধিক জোৰ দিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Mohan Bhagwat in UP : ৰাইজৰ মাজত দেশপ্ৰেম জগাই তুলিবলৈ মোহন ভাগৱতৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.