ETV Bharat / bharat

Mohan Bhagwat in UP : ৰাইজৰ মাজত দেশপ্ৰেম জগাই তুলিবলৈ মোহন ভাগৱতৰ আহ্বান

author img

By

Published : Mar 24, 2022, 6:53 PM IST

এইবাৰ বাৰাণসীত উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত । আৰএছএছ কাৰ্মকৰ্তা-বিষয়াৰে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব মোহন ভাগৱত । ২৭ মাৰ্চলৈকে কাশীত থাকিব নেতাগৰাকী ।

Mohan Bhagwat in UP
মোহন ভাগৱতৰ আহ্বান

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ : উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ’ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুৰব্বী মোহন ভাগৱত (Mohan Bhagwat arrived in Varanasi)। বুধবাৰে নিশা বাৰাণসীত উপস্থিত হয় আৰএছএছ প্ৰধানগৰাকী । বাৰাণসীত উপস্থিত হোৱাৰ পূৰ্বে নেতাগৰাকীয়ে গাজীপুৰৰ বাবা হাতিয়াৰাম মঠত সেৱা জনায় (RSS chief visit Baba Hathiaram Mutt)।

Mohan Bhagwat in UP
মোহন ভাগৱতৰ আহ্বান

বাৰাণসীত উপস্থিত হোৱাৰ পাছত পুৱা যোগ প্ৰদৰ্শনৰ অন্তত সংঘৰ কাৰ্য্যালয়ৰ বিষয়া আৰু স্বয়ংসেৱকসকলৰ সৈতে এক বৈঠকত মিলিত হয় নেতাগৰাকী । ইফালে জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া গংগা আৰতিৰ বাবে দশশ্বমেধ ঘাটলৈ যাব । সূত্ৰৰ মতে, মোহন ভাগৱত ২৭ মাৰ্চলৈকে কাশীত থাকিব (Mohan Bhagwat will stay in Kashi till March 27)।

এই সময়চোৱাত তেওঁ কাশী অঞ্চলৰ সংঘৰ কাৰ্য্যালয়ৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব । বৈঠকসমূহ বিশেষকৈ বিশ্ব সম্বাদ কেন্দ্ৰত অনুষ্ঠিত হ'ব । পৰৱৰ্তী বৈঠকৰ বাবে কাশী অঞ্চলৰ সংঘৰ কাৰ্য্যালয়ৰ বিষয়াসকল বৃহস্পতিবাৰে বাৰাণসীত উপস্থিত হ'ব ।

ইফালে, বাৰাণসীত উপস্থিত হোৱাৰ পাছতে আৰএছএছ প্ৰধানগৰাকীয়ে কৰ্মকৰ্তা আৰু কাৰ্য্যালয়ৰ বিষয়াসকলক ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সংঘৰ কাম-কাজৰ বৰ্ণনা দিবলৈ আহ্বান জনায় । ইয়াৰ উপৰিও, কৰ্মকৰ্তাসকলক মানুহৰ মাজত দেশপ্ৰেম আৰু জাতীয়তাবাদৰ চিন্তাধাৰা গঢ়ি তুলিবলৈ মোহন ভাগৱতে আহ্বান জনায় ।

লগতে পঢ়ক :আৰএছএছ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ যোগী আদিত্য নাথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.