ETV Bharat / state

আৰম্ভ হ’ল 68 সংখ্যক বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট

author img

By

Published : Mar 25, 2022, 10:36 AM IST

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে 68 সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট (68th Bordoloi Trophy football)। কৰৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে চাৰিটাকৈ দলে ৷ এইবাৰ বৰদলৈ ট্ৰফীত 16 টা দলে অংশ গ্ৰহণ কৰিছে ৷

আৰম্ভ হ’ল 68 সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট
আৰম্ভ হ’ল 68 সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট

বাইহাটা, 25 মাৰ্চ : ৰাজ্যৰ ফুটবল প্ৰেমীৰ বাবে সুখবৰ ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে 68 সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট (68th Bordoloi Trophy football)। 24 মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা গুৱাহাটীৰ জজ খেলপথাৰ লগতে কামৰূপৰ কৰৰা মিনি ষ্টেডিয়াম, ছিপাঝাৰ আৰু চিৰাং জিলাতো আয়োজন কৰা হ’ব ৷

কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ সহযোগত কৰৰা য়ুথ এথলেটিক ক্লাৱ আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে কৰৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে চাৰিটাকৈ দলে । আচাম ৰাইফলছ শ্বিলং, আছাম পুলিচ ব্লুজ, দৈমালু ক্লাৱ ওদালগুৰি আৰু দিল্লী এফ চি দলে অংশগ্ৰহণ কৰে । বৃহস্পতিবাৰে কৰৰা মিনি ষ্টেডিয়ামত আচম ৰাইফলচ শ্বিলং আৰু দৈমালু ক্লাৱ ওদালগুৰি ফুটবল দলৰ মাজত অনুষ্ঠিত হয় তীব্ৰ উত্তেজনাময় তথা ৰোমাঞ্চকৰ এখন খেল ।

আৰম্ভ হ’ল 68 সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট

নিৰ্ধাৰিত সময়ত গ’ল শূন্যভাৱে ড্ৰ’ হয় এই খেলখন ।

বৰদলৈ ট্ৰফ্ৰীত অংশগ্ৰহণ কৰিবলগীয়া 16 টা দল (16 teams participate in Bordoloi Trophy football) ক্ৰমে গুৱাহাটী টাউন ক্লাৱ, এ এছ ই বি এফ চি, আই টি বি পি, ইণ্ডিয়া ক্লাৱ শিলচৰ, দিল্লী এফ চি, অসম পুলিচ ব্লুজ গুৱাহাটী, দৈমালু ক্লাৱ ওডালগুৰি, আচাম ৰাইফলচ শ্বিলং, চি আই এছ এফ দিল্লী, অইল ইণ্ডিয়া এফ চি, বদৌচা এফ চি, নাগালেণ্ড পুলিচ, নৰ্থ ইষ্ট ইউনাইটেড এফ চি, ইউনাইটেড চিৰাং দুৱাৰ এফ চি, শ্বিলং লাজং এফ চি, আচাম ৰেজিমেণ্ট চেণ্টাৰ ।

মুঠ 16 টা দলক 4 টা গ্ৰুপত ভাগ কৰা হৈছে । গ্ৰুপ A ত আছে আই টি বি পি, এ এছ ই বি এফ চি, গুৱাহাটী টাউন ক্লাৱ আৰু ইণ্ডিয়া ক্লাৱ শিলচৰ ৷ গ্ৰুপ B ত আছে দিল্লী এফ চি, অসম পুলিচ ব্লুজ, দৈমালু ক্লাৱ ওডালগুৰি আৰু আচাম ৰাইফলচ শ্বিলং ৷ একেদৰে গ্ৰুপ C ৰ খেল অনুষ্ঠিত হ’ব ছিপাঝাৰত ৷ গ্ৰুপ C ত স্থান লাভ কৰিছে চি আই এছ এফ দিল্লী, অইল ইণ্ডিয়া এফ চি, বদৌচা এফ চি, নাগালেণ্ড পুলিচ দলে ৷

গ্ৰুপ D ৰ খেল অনুষ্ঠিত হ’ব চিৰাঙত ৷ গ্ৰুপ D ত আছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি, ইউনাইটেড চিৰাং দুৱাৰ এফ চি, শ্বিলং লাজং এফ চি, আচাম ৰেজিমেণ্ট চেণ্টাৰ ৷ 25 মাৰ্চত চিৰাং আৰু ছিপাঝাৰত হ'ব C আৰু D গ্ৰুপৰ দুখন খেল । 1 এপ্ৰিলত জজ খেলপথাৰ আৰু নেহৰু ষ্টেডিয়ামত একে সময়তেই অনুষ্ঠিত কৰা হ'ব দুয়োখন ছেমিফাইনেল ।

ইফালে 3 এপ্ৰিলত জজ খেলপথাৰত ফাইনেল অনুষ্ঠিত হ'ব । বিজয়ী দললৈ 2 লাখ টকাৰ প্ৰাইজমানি আৰু ৰাণাৰ্ছ আপ দললৈ 1 লাখ টকাৰ প্ৰাইজমানি আগবঢ়োৱা হ’ব ।
লগতে পঢ়ক : 24 মাৰ্চৰ পৰা আৰম্ভ হ’ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.