ETV Bharat / city

মুখ্যমন্ত্রীক ভূয়সী প্ৰশংস‍া বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বর্গীয়ৰ

author img

By

Published : Mar 24, 2022, 9:30 PM IST

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত সমগ্ৰ দেশত আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমত সর্বাংগীন উন্নয়নৰ এক জোৱাৰ সৃষ্টি হৈছে আৰু এই কথা সমাজৰ প্ৰতিজন সন্মানীয়নাগৰিকৰ দৃষ্টিগােচৰ হৈছে, এই দাবী বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বর্গীয়ৰ (BJP national GS Kailash Vijayvargiya) ৷ সবিশেষ জানো আহক ৷

BJP national GS Kailash Vijayvargiya praising Himanta government in Assam
মুখ্যমন্ত্রীক ভূয়সী প্ৰশংস‍া বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বর্গীয়ৰ

গুৱাহাটী,২৪ মার্চ : বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বর্গীয়ই আজি দিনজোৰা কাৰ্যসূচীৰে অসমত উপস্থিত হৈ (BJP national GS Kailash Vijayvargiya in Assam) ৰাজ্যিক বিজেপিৰ মন্ত্ৰী-বিধায়ক, সমূহ মৰ্চাৰ বিষববীয়া, সকলাে কোষৰ আহ্বায়ক, সহ-আহ্বায়ক সকলৰ লগত তিনিখন বৈঠকত সুকীয়াকৈ মিলিত হয়।

দলৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত অনুষ্ঠিত হােৱা উক্ত তিনিখন বৈঠকত দলৰ বিভিন্ন সাংগঠনিক বিষয়ৰ লগতে সকলাে কোষ, মৰ্চাৰ কামকাজৰ বিষয়ে বিস্তৃতভাৱে আলােচনা কৰা হয়। ভাষণ প্রসংগত ৰাষ্ট্রীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত সমগ্ৰ দেশত আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমত সর্বাংগীন উন্নয়নৰ এক জোৱাৰ সৃষ্টি হৈছে ৷

তেওঁ কয় যে, এই কথা সমাজৰ প্ৰতিজন সন্মানীয় নাগৰিকৰ দৃষ্টিগােচৰ হৈছে। সেয়ে ভাৰতীয় জনতা পার্টিয়ে এতিয়া সমগ্র দেশ তথা অসমৰ প্ৰতিটো কোণৰ প্ৰতিজন জনসাধাৰণৰ হৃদয়ত স্থান পাইছে। তেওঁ দলৰ কাৰ্যকর্তা সকলক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ কাৰণে গ্ৰহণ কৰা কল্যাণকামী আঁচনিসমূহ ৰাইজৰ মাজলৈ নিবলৈ আহ্বান জনায়।

তেওঁ লগতে কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত ভাৰতবর্ষ বিশ্বগুৰু আসনত অধিষ্ঠিত হােৱাৰ দিশে আগবাঢ়িছে। মহামাৰী ক’ভিডৰ জটিল পৰিস্থিতিৰ সময়ত বিশ্বৰ বহু উন্নত দেশৰ নাগৰিকে ভেকচিন গ্রহণ কৰিবলৈ সামৰ্থ হােৱা নাছিল। কিন্তু প্রধানমন্ত্ৰীৰ নেতৃত্বত পৃথিৱীৰ দ্বিতীয় জনবহুল ৰাষ্ট্র ভাৰতবৰ্ষৰ গৰিষ্ঠ সংখ্যক নাগৰিকেই ভেকচিন গ্ৰহণ কৰাই নহয় ক’ভিডৰ জটিল পৰিস্থিতিক হেলাৰঙে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

যাৰ বাবে বিশ্বৰ বহু ৰাষ্ট্ৰৰ নেতাই প্রধানমন্ত্ৰী মোডীক প্রশংসাৰে ওপচাই পেলাইছে । ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ ভূমিত আৱদ্ধ হৈ থকা দেশৰ হাজাৰ-হাজাৰ নাগৰিকক উদ্ধাৰ কৰিবৰ বাবে নৰেন্দ্ৰ মােদীয়ে গ্রহণ কৰা বলিষ্ঠ পদক্ষেপ বিশ্বজুৰি চৰ্চিত হৈছে বুলি তেওঁ কয় ।

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি ৰাষ্ট্রীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে মহামাৰী ক'ভিডৰ জটিল প্রত্যাহ্বানৰ পিছতাে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়ন স্থবিৰ হ’বলৈ দিয়া নাই। মুখ্যমন্ত্রীয়ে অসমৰ সামাজিক, সাংস্কৃতিক, অর্থনৈতিক, শৈক্ষিক, প্রশাসনিক আদি সকলাে দিশতে ৰাজ্যখনক আগুৱাই নিবলৈ নিৰৱচ্ছিন্নভাৱে চেষ্টা চলাই আহিছে বুলিও উল্লেখ কৰে তেওঁ ৷

তেওঁ পুনৰ কয় যে, মুখ্যমন্ত্রীৰ বলিষ্ঠ নেতৃত্বতে অসমে ভাৰতবৰ্ষৰ শীর্ষ ৫ খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ আশাবাদী। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দলৰ কার্যকর্তা সকলক উদ্দেশ্যি ভাষণ প্রদান কৰে ।

লগতে পঢ়ক : অসম চুক্তি, NRC প্ৰসংগ : আছুৰে বৈঠক কেবিনেট উপ-সমিতিৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.