ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 25, 2022, 1:00 PM IST

top-ten-at-1-pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Cyclone Sitarang: বাংলাদেশত চিত্ৰাঙে প্ৰাণ ল’লে সাতজনৰ

চিত্ৰাঙৰ বিধ্বংসী ৰূপ(cyclone sitrang) ৷ সোমবাৰে বাংলাদেশৰ কিছু অংশত ই সৃষ্টি কৰে সন্ত্ৰাসৰ(Bangladesh cyclone ) । ইটাৰ ৰেলিং আৰু গছ-গছনি ভঙাৰ ফলত এটা পৰিয়ালৰ তিনিজন সদস্যসহ কমেও ৭জন লোকে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়(7 people died in cyclone Sitrang) ৷

Fire at Naharlogun : পুৱতি নিশা নাহৰলগুণত ভয়ংকৰ অগ্নিকাণ্ড

অৰুণাচল প্ৰদেশৰ নাহৰলগুন দৈনিক বজাৰত(Naharlagun Daily Market) ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Fire at Naharlogun) । মঙলবাৰে পুৱা ৪ বজাত দুখন দোকানত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ।

Mumbai murder during Diwali celebration : ফটকা ফুটোৱাত বাধা দিয়াৰ বাবেই এজনক হত্যা

দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে মুম্বাইত লোমহৰ্ষক হত্যাকাণ্ড (Murder in Mumbai)। ফটকা ফুটোৱাত বাধা দিয়াৰ বাবে কেইবাজনো কিশোৰে মিলি হত্যা কৰিলে এজন যুৱকক । হত্যাকাণ্ডত জড়িত দুই কিশোৰক আটক, আন এজন পলাতক ।

PM Modi congratulates Rishi Sunak : ৰোডমেপ ২০৩০ কাৰ্যকৰী কৰাৰ বাবে ইচ্ছুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত হ’ল ভাৰতীয় মূলৰ সুনাক (Rishi Sunak)৷ সুনাকৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী পেনি মৰ্ডাউণ্টে ইতিমধ্যে বাতিল কৰে নিজৰ নাম ৷ দেশখনত অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাই দেখা দিয়াৰ সময়ছোৱাত নৱনিৰ্বাচিত যুৱ প্ৰধানমন্ত্ৰীগৰাকীৰ সমুখত এয়া নিশ্চয়কৈ এক প্ৰত্যাহ্বান হিচাবে দেখা দিছে ৷

Road accident at Bogeebil : বগীবিল দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

মঙলবাৰে পুৱা বগীবিল দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Bogeebil bridge ) । দুখন বাহনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । ফলত দুয়োখন বাহন দলঙৰ ওপৰতে বাগৰি পৰে । ইয়াৰে এখন বাহনে আন দুখন বাইককো মহতিয়াই নিয়ে । ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোকৰ( Dead in road accident at Bogeebil ) । বাতৰি যুগুতোৱা সময়লৈকে মৃত লোকজনৰ পৰিচয় লাভ কৰা নাই ।

Fire in Bus : ৰাঁচীত বাছৰ ভিতৰতে জীৱন্তে জ্বলিল চালক-কণ্ডাক্টৰ

দেৱালীৰ নিশা ৰাঁচীৰ খাদগড়া বাছ ষ্টেণ্ডত ভয়ংকৰ অগ্নিকাণ্ড । এখন বাছত জুই লগাৰ ফলত দুজনকৈ লোক মৃত্যুমুখত পৰে(Driver and conductor burnt alive in bus) । বাছখনত জুই লগাৰ ফলত চালক আৰু কণ্ডাক্টৰজন অগ্নিদগ্ধ হয় ।

Dibrugarh All India Radio : আকাশবাণী ডিব্ৰুগড়ৰ অসমীয়া নিউজ বুলেটিন বন্ধ হোৱাত অসন্তুষ্ট মন্ত্ৰী

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ পৰা এতিয়াৰে পৰা শুনিবলৈ নাপাব অসমীয়া নিউজ বুলেটিন (Assamese bulletin from Dibrugarh AIR)। সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন এতিয়াৰে পৰা বন্ধ হৈ যাব । প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে ।

Film director Pinaki Chaudhuri Dies : ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালক পিনাকী চৌধুৰীৰ বিয়োগ

বাংলা চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিচালক পিনাকী চৌধুৰী আৰু নাই (Film director Pinaki Chaudhuri death)। বাংলা চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালকগৰাকীৰ সোমবাৰে কলকাতাৰ বাসগৃহত মৃত্যু হয় । চৌধুৰীয়ে তবলা বাদক হিচাবে কৰ্মজীৱন আৰম্ভ কৰিছিল ।

Rajinikanth news:বাসগৃহৰ বাহিৰত ৰৈ থকা অনুৰাগীক দেৱালীৰ শুভেচ্ছা জনালে ৰজনীকান্তে

পোহৰৰ উৎসৱ দেৱালীৰ পৱিত্ৰ দিনটোত দক্ষিণ-ভাৰতীয় চুপাৰষ্টাৰ ৰজনীকান্তে সোমবাৰে তেওঁৰ অনুৰাগীসকলক সম্ভাষণ জনায় আৰু শুভেচ্ছা জ্ঞাপন কৰে (Rajinikanth news)।

Indian killed in Kenya: কেনিয়াত সন্ধানহীন দুজন ভাৰতীয় আৰক্ষীৰ দ্বাৰা নিহত

বিদেশত আৰক্ষীৰ গুলীত নিহত ভাৰতীয় নাগৰিক । কিছুদিন পূৰ্বে সন্ধানহীন হোৱা দুগৰাকী ভাৰতীয়ক কেনিয়াত আৰক্ষীৰ গোটে হত্যা কৰে(Two Indians missing in Kenya killed by cops) । বিশেষ সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি জুলাইৰ মাজভাগত কেনিয়াত নিৰুদ্দেশ হৈছিল ভাৰতীয় লোক দুজন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.