ETV Bharat / international

Cyclone Sitarang: বাংলাদেশত চিত্ৰাঙে প্ৰাণ ল’লে সাতজনৰ

author img

By

Published : Oct 25, 2022, 10:09 AM IST

চিত্ৰাঙৰ বিধ্বংসী ৰূপ(cyclone sitrang) ৷ সোমবাৰে বাংলাদেশৰ কিছু অংশত ই সৃষ্টি কৰে সন্ত্ৰাসৰ(Bangladesh cyclone ) । ইটাৰ ৰেলিং আৰু গছ-গছনি ভঙাৰ ফলত এটা পৰিয়ালৰ তিনিজন সদস্যসহ কমেও ৭জন লোকে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়(7 people died in cyclone Sitrang) ৷

several killed as Cyclone Sitrang made landfall in Bangladesh
Cyclone Sitarang: সাতজনৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক, 25 অক্টোবৰ : সোমবাৰে বাংলাদেশৰ কিছু অংশত বিধ্বংসী ৰূপ ধাৰণ কৰে চিত্ৰাঙে(cyclone sitrang)। এটা পৰিয়ালৰ তিনিজন সদস্যসহ কমেও ৭জন লোকৰ ওপৰত ইটাৰ ৰেলিং আৰু গছ-গছনি সৰি পৰাৰ ফলত আকোঁৱালি ল’বলগীয়া হয় কৰুণ মৃত্যুক(several killed as Cyclone Sitrang made landfall in Bangladesh) ।

জানিবলৈ পোৱা অনুসৰি এই ঘটনাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ দ্বাৰা এটা নিৰীক্ষণ কেন্দ্ৰ গঠন কৰা হয় । বাংলাদেশত হোৱা ভয়াৱহ ধুমুহাৰ ফলত ঢাকা, ঢাকাৰ নগালকোট আৰু ভোলা, নৰেলৰ নগালকোট আৰু ভোলা আৰু লোহাগ্ৰাত কিছু দুৰ্ঘটনা সংঘটিত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।

খবৰ অনুসৰি বাংলাদেশৰ কক্স বজাৰ উপকূলৰ পৰা সোমবাৰে হাজাৰ হাজাৰ লোক আৰু পশুধন আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে । ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি কক্স বজাৰ উপকূলৰ পৰা কমেও ২৮,১৫৫ জন লোক আৰু ২৭৩৬ টা গৰু উদ্ধাৰ কৰা হৈছে । সোমবাৰে সন্ধিয়া ৬ বজা পৰ্যন্ত আশ্ৰয় শিবিৰলৈকে স্থানান্তৰিত কৰা হৈছে ৷ আনহাতে ঘূৰ্ণীবতাহ চিত্ৰাঙৰ প্ৰকোপ বৃদ্ধি হৈ অহাৰ বাবে ৫৭৬টা আশ্ৰয় শিবিৰ প্ৰস্তুত কৰি তোলা হৈছে(Shelter camps for Bangladesh cyclone) ।

কক্স বজাৰৰ উপাযুক্ত মামুনুৰ ৰছিদে কয় যে ওচৰৰ শিক্ষানুষ্ঠানসমূহকো প্ৰয়োজন হ’লে আশ্ৰয় হিচাপে ব্যৱহাৰ কৰিবলৈ সাজু কৰি ৰখা হৈছে(Bangladesh cyclone)। জীৱন-সম্পত্তি সুৰক্ষিত কৰাৰ বাবে আশ্ৰয় শিবিৰসমূহ সাজু কৰি তোলা হৈছে বুলি তেওঁ কয় । জিলা প্ৰশাসনে কোনো ধৰণৰ সহায়ৰ বাবে কেন্দ্ৰীয় পৰিষদৰ সভাপতি, উপ-জিলা নিৰ্বাহী অধিকাৰী বা জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ সৰ্বসাধাৰণলৈ অনুৰোধ জনাইছে ।

ক্ষয়-ক্ষতিৰ আশংকা কম কৰিবলৈ ৰছিদে আটাইকে সচেতন হৈ সকলোকে সুৰক্ষাৰ সন্ধানত সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । ঘূৰ্ণীবতাহ চিত্ৰাঙৰ সৈতে মোকাবিলা কৰিবলৈ দেওবাৰে কক্স বজাৰ জিলা প্ৰশাসনে কেইবাটাও প্ৰস্তুতি চলাইছিল । যিকোনো জৰুৰীকালীন অৱস্থাত কমেও ১০৪ মেডিকেল সেৱা সাজু হৈ থকাৰ লগতে ঘূৰ্ণীবতাহত আক্ৰান্ত লোকৰ বাবে ৩২৩ টন চাউল, ১১৯৮টা শুকান খাদ্যৰ পেকেট, ৩৫০ কাৰ্টন শুকান কেক আৰু ৪০০ কাৰ্টন বিস্কুট ৰাইজৰ বাবে সাজু কৰি ৰাখিছে বুলি ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদন যোগে জানিবলৈ পোৱা গৈছে ।

আনহাতে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, উত্তৰ-পশ্চিমত এই ঘূৰ্ণীবতাহক ছি-ট্ৰাং হিচাপে ঘোষণা কৰা হৈছে । সোমবাৰে সন্ধিয়া ঘণ্টাত ২৮ কিলোমিটাৰ গতিৰে মধ্য বংগ উপসাগৰৰ কাষেৰে উত্তৰ-পূব দিশলৈ এই ঘূৰ্ণীবতাহজাকে গতি কৰিছে বুলি ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে(Meteorology of India) । মঙলবাৰে মাজনিশা এই ঘূৰ্ণীবতাহজাকে উত্তৰ-পূব দিশলৈ গতি কৰি টিনাকোনা দ্বীপৰ মাজেৰে গতি কৰি বাংলাদেশ এৰি যোৱাৰ সম্ভাৱনা অতিশয় বেছি বুলি প্ৰকাশ কৰা হৈছে বতৰ বিজ্ঞান সূত্ৰৰ বিজ্ঞপ্তিত ।

লগতে পঢ়ক: Labour welfare scam : শ্ৰম বিভাগৰ ৮০ কোটি টকীয়া কেলংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.