ETV Bharat / international

PM Modi congratulates Rishi Sunak : ৰোডমেপ ২০৩০ কাৰ্যকৰী কৰাৰ বাবে ইচ্ছুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

author img

By

Published : Oct 25, 2022, 12:22 PM IST

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত হ’ল ভাৰতীয় মূলৰ সুনাক (Rishi Sunak)৷ সুনাকৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী পেনি মৰ্ডাউণ্টে ইতিমধ্যে বাতিল কৰে নিজৰ নাম ৷ দেশখনত অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাই দেখা দিয়াৰ সময়ছোৱাত নৱনিৰ্বাচিত যুৱ প্ৰধানমন্ত্ৰীগৰাকীৰ সমুখত এয়া নিশ্চয়কৈ এক প্ৰত্যাহ্বান হিচাবে দেখা দিছে ৷

Looking forward to working closely : PM Modi congratulates Rishi Sunak - 10 points
ৰোডমেপ ২০৩০ কাৰ্যকৰী কৰাৰ বাবে ইচ্ছুক নৰেন্দ্ৰ মোদী

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ : বিনা প্ৰতিদ্বন্দিতাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱা তথা সোমবাৰে কনজাৰ্ভেটিভ দলৰ নেতা হোৱাৰ দৌৰত জয়ী হোৱা ঋষি সুনকক অভিনন্দন জনায় দেশৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi congratulates Rishi Sunak) ৷ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ লগতে ২০০ বছৰৰ ভিতৰত আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপেও অভিলেখ গঢ়িছে ঋষি সুনকে (Rishi Sunak)।

মোদীয়ে এক টুইটযোগে যুৱ প্ৰধানমন্ত্ৰীগৰাকীক এক টুইটযোগে শুভেচ্ছাবাৰ্তা জনায়(PM Narendra Modi) ৷ ব্ৰিটেইন-ভাৰতৰ ঐতিহাসিক সম্পৰ্কক আধুনিক অংশীদাৰিত্বলৈ পৰিণত কৰা দুয়োখন দেশৰ যোগসূত্ৰ স্থাপনকাৰীসকললৈ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু লগতে কয় যে তেওঁ বিশ্বজনীন বিষয়সমূহৰ ওপৰত নৱনিৰ্বাচিত যুৱ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে নিবিড়ভাৱে কাম কৰি ৰোডমেপ ২০৩০ কাৰ্যকৰী(Roadmap 2030) কৰাৰ বাবে ইচ্ছুক ৷

1) ৪৫ দিনীয়া হুলস্থুলৰ অন্তত বিগত সপ্তাহত প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰা লিজ ট্ৰাছৰ পৰা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল’ব শাসকীয় দলটোৰ নেতা ঋষি সুনকে(ex pm pf Britaine Liz Truss)৷

2) জনসাধাৰণৰ সমৰ্থন লাভ কৰি সোমবাৰৰ দিনটোত আগবাঢ়ি আছিল ৪২ বছৰীয়া প্ৰাক্তন সচিবগৰাকী৷ 357 গৰাকী সাংসদৰ ভিতৰত আধাতকৈয়ো অধিক সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল যুৱ প্ৰধানমন্ত্ৰীগৰাকী ৷

3) ব্ৰিট্ৰেইনৰ স্থানীয় সময়মতে দুপৰীয়া প্ৰায় 2 মান বজাত ১৯২২ বৰ্ষৰ সাংসদ সমিতিৰ ছাৰ গ্ৰেহাম ব্ৰাডীয়ে সংসদকক্ষত কৰা ঘোষণাযোগে এটা মাত্ৰ মনোনয়ন লাভ কৰাৰ বিষয়ে অৱগত হোৱাৰ পাছতে নেতৃত্বৰ প্ৰতিযোগিতাত ঋষি সুনক বিজয়ী নিৰ্বাচিত হয়৷

4) ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হোৱাৰ যি অভিলেখ ডেভিদ কেমেৰনে ৪৩ বছৰ বয়সত আৰ্জিছিল সেই অভিলেখ ভংগ কৰিবলৈ সক্ষম হ'ল

5) বিগত মাহত লিজ ট্ৰাছ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছতে কেবিনেটৰ পৰা পদত্যাগ কৰা ভাৰতীয় মূলৰ প্ৰাক্তন মন্ত্ৰী পেটেলে ট’ৰীয়ে সুনকক নতুন নেতা হিচাপে সফল হোৱাৰ সৰ্বোত্তম সুযোগ দিবলৈ ৰাজনৈতিক মতানৈক্যক একাষৰীয়া কৰিব লাগিব বুলি উল্লেখ কৰিছিল৷

6) পৰাজিত প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক ভাগ্যৰ এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে সুনাকৰ এই বিজয়ৰ ফলত ৷প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে যোৱা মাহত দলৰ সহকৰ্মীসকলৰ মাজত তেওঁৰ জনপ্ৰিয়তা সম্প্ৰসাৰিত কৰিবলৈ সক্ষম নহ'ল৷

7) কনজাৰ্ভেটিভ পাৰ্টিত লিজ ট্ৰাছৰ নেতৃত্বৰ মুকলি বিৰোধিতাৰ পাছতেই বৃহস্পতিবাৰে মাত্ৰ ৪৫ দিন কাৰ্যকালৰ অন্তত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে ৷

8) ভাৰতীয় মূলৰ জেনেৰেল প্ৰেকটিচনাৰ পিতৃ যশবীৰ আৰু ফাৰ্মাচিষ্ট মাতৃ উষাৰ ব্ৰিটেইনত জন্মগ্ৰহণ কৰা পুত্ৰই বহু কথাই কৈছিল

যোৱা অভিযানৰ সময়ছোৱাত তেওঁৰ প্ৰব্ৰজিত শিপা আৰু ১১ ডাউনিং ষ্ট্ৰীটত দীপাৱলীৰ দিয়া জ্বলাই ইতিহাস ৰচনা কৰাৰ কথাও উল্লেখ কৰিছিল

প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

9) মোৰ নানিজীয়ে পূব আফ্ৰিকাত (কেনিয়া) বিমানত উঠাৰ ষাঠি বছৰৰ পাছত, অক্টোবৰৰ এটা উষ্ণ ৰ'দঘাই সন্ধিয়াত, তেওঁৰ নাতি-নাতিনীহঁতে, মোৰ ল'ৰা-ছোৱালীবোৰে, আমাৰ ঘৰৰ বাহিৰৰ ৰাস্তাত খেলিছিল, দুৱাৰমুখত ৰংগুলীৰ ছবি আঁকিছিল, ফটকা আৰু বন্তি জ্বলাইছিল; আছিল । দীপাৱলীৰ দিনা আন বহুতো পৰিয়ালে উপভোগ কৰাৰ দৰেই পৰিয়ালটোয়ে উপভোগ কৰিছিল সময়খিনি৷ কিছুদিন পূৰ্বে প্ৰচাৰ অভিযানৰ এক ভিডিঅযোগে এই কথা জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

10) ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক তথা তেওঁৰ শহুৰেক নাৰায়ণ মূৰ্তিৰ আৱেগিক দৃশ্যমানলৈকে উল্লেখ আছে সেই ব্যক্তিগত কাহিনীটোত ৷

লগতে পঢ়ক: Cyclone Sitarang: বাংলাদেশত চিত্ৰাঙে প্ৰাণ ল’লে সাতজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.