ETV Bharat / entertainment

Rajinikanth news:বাসগৃহৰ বাহিৰত ৰৈ থকা অনুৰাগীক দেৱালীৰ শুভেচ্ছা জনালে ৰজনীকান্তে

author img

By

Published : Oct 24, 2022, 5:17 PM IST

পোহৰৰ উৎসৱ দেৱালীৰ পৱিত্ৰ দিনটোত দক্ষিণ-ভাৰতীয় চুপাৰষ্টাৰ ৰজনীকান্তে সোমবাৰে তেওঁৰ অনুৰাগীসকলক সম্ভাষণ জনায় আৰু শুভেচ্ছা জ্ঞাপন কৰে (Rajinikanth news)।

Rajinikanth
অনুৰাগীক দেৱালীৰ শুভেচ্ছা জনালে ৰজনীকান্তে

চিটাৰা ডেস্ক, 24 অক্টোবৰ : দেৱালীৰ পৱিত্ৰ দিনটোত দক্ষিণ ভাৰতৰ চুপাৰষ্টাৰ ৰজনীকান্তে সোমবাৰে তেওঁৰ অনুৰাগীসকলক দেৱালীৰ শুভেচ্ছা জনায় । বগা কুৰ্তা পিন্ধি ৰজনীকান্তে তেওঁৰ বাসগৃহৰ সন্মুখত সমবেত হোৱা অনুৰাগীসকলক হাত জোকাৰি সম্ভাষণ জনায় (Rajinikanth latest news) ।

Rajinikanth
অনুৰাগীক দেৱালীৰ শুভেচ্ছা জনালে ৰজনীকান্তে
Rajinikanth
অনুৰাগীক দেৱালীৰ শুভেচ্ছা জনালে ৰজনীকান্তে

অভিনেতাজনে তেওঁৰ অনুৰাগীসকলক সম্ভাষণ জনোৱা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু নেটিজেনসকলে তেওঁৰ সৰলতাৰ বাবে প্ৰবীণ তাৰকাগৰাকীক প্ৰশংসা কৰিছে । 'ৰবট' অভিনেতাজনে তেওঁৰ অনুৰাগীসকলক নিৰাশ নকৰিলে যিসকলে তেওঁলোকৰ প্ৰিয় তাৰকাৰ এক আভাস পাবলৈ তেওঁৰ বাসগৃহৰ বাহিৰত বহু সময় ধৰি অপেক্ষা কৰি আছিল ।

টলীউডৰ ‘থালাইভা’ ৰজনীকান্তৰ কথা ক’বলৈ গ’লে তেওঁক কোনো বৰ্ণনাৰ প্ৰয়োজন নাই । বিভিন্ন চৰিত্ৰৰ চিত্ৰায়ণ কৰি প্ৰতিটো চৰিত্ৰকে জীৱন্ত ৰূপত দৰ্শকৰ আগত তুলি ধৰা অভিনেতাজনে তামিল চলচ্চিত্ৰ জগতত নিজৰ এক সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিছে । ‘কবালি’, ‘শিৱাজী’, ‘অন্নাট্থে’, আৰু ‘লিংগা’ তেওঁ অভিনয় কৰা অসংখ্য চিনেমাৰ ভিতৰত কিছুমান শ্ৰেষ্ঠ ছবি হিচাপে গণ্য় পাৰি ।

Rajinikanth
অনুৰাগীক দেৱালীৰ শুভেচ্ছা জনালে ৰজনীকান্তে

ইফালে, ৰজনীকান্তক শিৱৰ দ্বাৰা পৰিচালিত ‘অন্নাট্থে’ত দেখা গৈছিল, যিয়ে দৰ্শকৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছিল আৰু 2021 চনৰ দেৱালী উপলক্ষে মুক্তি দিয়া হৈছিল ছবিখন ।

Rajinikanth
অনুৰাগীক দেৱালীৰ শুভেচ্ছা জনালে ৰজনীকান্তে

তেওঁক পৰৱৰ্তী সময়ত ঐশ্বৰ্য ৰায় বচ্চন, ৰাম্য কৃষ্ণণ, প্ৰিয়ংকা অৰুল মোহন আৰু শিৱ ৰাজকুমাৰৰ সৈতে এখন এক্সন থ্ৰিলাৰ ছবি 'জেইলাৰ'ত দেখিবলৈ পোৱা যাব । নেলছন দিলীপ কুমাৰৰ দ্বাৰা পৰিচালিত এই প্ৰকল্পটোৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈছে । আনুষ্ঠানিক মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই । 'জেইলাৰ'ৰ পূৰ্বে ৰজনীকান্ত আৰু ঐশ্বৰ্য ৰায় বচ্চনে "ৰবট"ত একেলগে কাম কৰিছিল যিখন ব্লকবাষ্টাৰ হিট আছিল । এদুয়োৰে অন-স্ক্ৰীণ কেমিষ্ট্ৰী এই ছবিখনত দৰ্শকে খুব পছন্দ কৰিছিল ।

লগতে পঢ়ক :Arijit Singh news: মিডিয়া হৈছে এটা ব্যৱসায় আৰু ইয়াৰ সৈতে মোৰ কোনো ব্যৱসায় নাই, অৰিজিত সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.