ETV Bharat / bharat

Mumbai murder during Diwali celebration : ফটকা ফুটোৱাত বাধা দিয়াৰ বাবেই এজনক হত্যা

author img

By

Published : Oct 25, 2022, 11:39 AM IST

দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে মুম্বাইত লোমহৰ্ষক হত্যাকাণ্ড (Murder in Mumbai)। ফটকা ফুটোৱাত বাধা দিয়াৰ বাবে কেইবাজনো কিশোৰে মিলি হত্যা কৰিলে এজন যুৱকক । হত্যাকাণ্ডত জড়িত দুই কিশোৰক আটক, আন এজন পলাতক ।

Diwali celebration
ফটকা ফুটোৱাত বাধা দিয়াৰ বাবে এজনক হত্যা

নেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ : দীপাৱলীৰ আনন্দত মতলীয়া দেশবাসী (Diwali celebration)। সকলোতে দেখা গৈছে দীপাৱলীৰ বিশেষ কাৰ্যসূচী । চাকি, ভিন্ন ৰঙীণ লাইটেৰে আলোকিত হৈ পৰিছে প্ৰতিটো অঞ্চল । সকলোতে শুনা গৈছে আতচবাজীৰ শব্দ ।

ইয়াৰ মাজত মুম্বাইত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder in Mumbai)। কাঁচৰ বটলত ফটকা ফুটাবলৈ নিদিয়াৰ বাবেই এজন যুৱকক হত্যা কৰা হয় । কেইবাজনো কিশোৰে মিলি হত্যা কৰে এজন যুৱকক (One killed for obstructing bursting of crackers)।

ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ শিৱাজীনগৰ আৰক্ষী থানাৰ অন্তৰ্গত পাৰেখ কম্পাউণ্ডৰ ১৫ বি নং নটত । জানিব পৰা মতে এখন মুকলি পথাৰত কেইজনমান কিশোৰে কাঁচৰ বটলত ফটকা ফুটাই আছিল । সেই দৃশ্য দেখি কিশোৰ কেইজনক ফটকা ফুটোৱাত বাধা দিছিল সুনীল শংকৰ নাইডু নামৰ ২১ বছৰীয়া এজন যুৱকে । ফলত কিশোৰ কেইজনৰ সৈতে তৰ্কত লিপ্ত হৈছিল সুনীল শংকৰ নাইডু নামৰ যুৱকজন (Fight over bursting of crackers in glass bottles)।

পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে । এই কাজিয়া পিছৰ পৰ্যায়লৈ চৰম ৰূপ লয় । কিশোৰ কেইজনে যুৱকজনক উপৰ্যুপৰি আক্ৰমণ কৰে । পিছলৈ যুৱকজনক চুৰিৰে আক্ৰমণ কৰে এজন কিশোৰে ।

ডিঙিত চুৰিৰে আক্ৰমণ কৰাৰ পাছত গুৰুতৰভাৱে আহত হয় সুনীল শংকৰ নাইডু । লগেলগে আঘাতপ্ৰাপ্ত সুনীলক ৰাজৱাড়ী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই যুৱকজনৰ মৃত্যু হয় (Minors kills man in Mumbai)। শিৱাজীনগৰ আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক অৰ্জুন ৰাজনে জনোৱা মতে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত দুই কিশোৰক আটক কৰিছে । আন এজন কিশোৰ পলাতক বুলি জানিব পৰা গৈছে ।

ইফালে এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লোমহৰ্ষক ঘটনাটোক লৈ সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে । দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে ভুক্তভোগী সুনীল শংকৰ নাইডুৰ বাসগৃহত শোকৰ ছাঁ পৰা দেখা গৈছে ।

লগতে পঢ়ক :Robbery case in Guwahati:মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ যাওঁতেই চোৰৰ চাফাই অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.